মুচী
ডাঙৰ বেজীটো বিচাৰি লীলাই খচ্মচাই ফুৰা দেখি কিতাপত মূৰ গুঁজি
থকা মালাই খেংখেঙাই উঠিল ‘নিজেতো পঢ়া-শুনা নকৰই। আনকো ডিষ্টাৰ্ব
দি থাক। কি লাগে তোক? কি বিচাৰি খচমচাই ফুৰিছ?’
— মনে মনে থাকচোন। দেউতাই শুনিব। মই ডাঙৰ বেজীটো ইয়াতে
থৈছিলো (কেলেণ্ডাৰত খুঁচি থোৱা ঠাইখিনিলৈ আঙুলিয়াই তাই কলে)। নাই, ক'লৈ
গল?
— এতিয়া বেজীৰে কি কৰ?
— লাগে। কাম এটা আছে।
— মালাই তাইৰ টেবুলত পাৰি থোৱা প্লাষ্টিকৰ কাপোৰখনৰ তলৰ পৰা
বেজীটো আনি দিলে— হোঁ, নে। কিহৰ মূৰটো চিলাৱ চিলাগে। মোক দিগ্দাৰি
নিদিবি।
— জেগাত বস্তু থ’লে জেগাত নাথাকে। বস্তু বিচাৰি হাবাথুৰি খাব
লাগে। এতিয়া ...?
—এতিয়া কি? বহীৰ পাতকেইখিলামান ওলাই গৈছিল বাবে আনি
চিলাইছিলো। থ’বলৈ আকৌ উঠি যাম নেকি? সেয়ে ইয়াতে থৈছিলো।
— পঢ়োঁতে পঢ়োঁতে বিদ্যাসাগৰৰ বহীৰ পাতেই এৰাল (লীলাই মালাক
একেৰাহে পঢ়া টেবুলত মূৰ গুঁজি থকা বাবে বিদ্যাসাগৰ নাম দি জোকায়)।
— তোৰ দৰে ফেল মাৰি ঘৰতে বুঢ়ী হ’বৰ মোৰ ইচ্ছা নাই। পঢ়া-শুনাৰ
নাম নাই। কেৱল দাদাগিৰি...।
— অই। মই নপঢ়িলো তোৰ কি হ’ল? মই কাম কৰিছোতো। ঘৰৰ
সকলো কামেই মই কৰো। পঢ়ি-শুনি কেইজন মানুহ ডাঙৰ হৈছে...?
কাষৰ কোঠাত খবৰ কাগজ পঢ়ি থকা মহীধৰে গল হেকাৰি এটা নমৰা
হলে সিহঁতহালৰ উখনা-উখনি আৰু বাঢ়িলহেঁতেন। লীলা, মালা, নীলা আৰু
উৰ্মিলা। মহীধৰৰ চাৰিজনী ছোৱালী। ডাঙৰজনী লীলা। মেট্ৰিকটো দুবাৰৰ মূৰত
পাছ কৰি হায়াৰ ছেকেণ্ডাৰী দি আছে। পাছ কৰিব পৰা নাই। ঘৰৰ কামত বৰ
নিচা। ঘৰ সজোৱা, ৰন্ধাবঢ়া, কাপোৰত ফুল-জালি তোলা, ঊল গোঁঠা, তাঁত
আদি কোনো কামতে তাইক পিছ পেলাব নোৱাৰি। তাইৰ পঢ়া-শুনাত জোৰ