লীলা ওলাই আহিল। তায়ো বাপেকক সহায় কৰিব খোজে। ধন ঘটিব নোৱাৰিলেও থকাখিনিকে টুক-টাক কৰি তাই বাপেকৰ ভাৰ কিছু পাতলাব খোজে। আজিকালি চাকৰিৰ আকাল দেখিহে তাইৰ পঢ়া-শুনা কৰি ডিগ্ৰী আৰ্জনৰ প্ৰতি অনীহা। পঢ়ি উঠিয়ে চাকৰি পোৱাৰ নিশ্চয়তা থকাহেঁতেন হয়তো তাই খুব ভালদৰেই পঢ়িলেহেঁতেন।
ন বজাৰ লগে লগে ভাতৰ পাতত বহা সিহঁতৰ অভ্যাস। মালায়ো সাময়িকভাৱে পঢ়া সামৰি ভাত খাবলৈ বুলি মাকৰ আহ্বানক্ৰমে উঠি আহিল। ভাতৰ পাতত দেউতাকে সস্নেহে মালাক পিছদিনাৰ পৰীক্ষাৰ বাবে যাৱতীয় যোগাৰ তেতিয়াই কৰি থ'বলৈ ক'লে। কলম, পেঞ্চিল, স্কেল, পানীৰ বটল, ৰুমাল, পিন্ধা কাপোৰ ইত্যাদি। লগতে পুৱালৈ ঘড়ীত এলাৰ্ম দি থ’বলৈও ক'লে। তেতিয়াই ঘপহকৈ মালাৰ মনত পৰি গ'ল— দেউতা, কালিলৈ পিন্ধিবলৈ মোৰ ছেণ্ডেল নায়েই। কি হ’ব? তাই মুখ ওফোন্দালে— কতদিন ক'লো, এযোৰ কম দামী হলেও নতুন ছেণ্ডেল দিবলৈ। তোমালোকৰ কাণসাৰেই নাই। মই কি পিন্ধিম? মালাই কোৱাৰ লগে লগে মাকেও শলাগিলে।
— এৰাতো, ময়ো কথাটো পাহৰিছিলোৱেই। তাইৰ ছেণ্ডেলযোৰ ছিগি
যোৱা কেইবাদিনো হ’ল। দুদিনমানো মই আপোনাক কথাটো কাণ চোৱাইছিলো।
কাইলৈ এতিয়া...।
মহীধৰে বিব্ৰতবোধে লীলালৈ চালে। কিজানিবা কিবা হৈছেই! তলমূৰ
কৰি ভাত খাই থকা লীলাই গহীন সুৰত ক'লে— এইবাৰলৈ চলিব। কোনোমতে
ঠিক কৰি দিছো। পঁচিশ টকা লাগিব।
— মানে? দুই-তিনিখন মুখৰ পৰা সৰি পৰিল।
মানে আৰু কি? বেজী বিচাৰি খচ্মচাই ফুৰা বুলি বিদ্যাসাগৰে কম কথা শুনাইছিলনে? তোৰ ছেণ্ডেলযোৰ মেৰামতি কৰিবলৈ গৈ তোৰ পৰাই কত কথা শুনিলো। দুদিনমান পিন্ধিব পৰা হৈছেগৈ। দেউতা, পাৰিলে দৰমহা পালে তাইকে ছেণ্ডেল এযোৰ দিবা। মই তাইৰ পুৰণিযোৰেৰে চলিম...।
মহীধৰৰ জীয়েকৰ প্ৰতি মৰম উথলি উঠি ভাতৰ গৰাহটা বহু সময় ডিঙিতে বাজি থকা যেন লাগিল।