— ঐ, নাচাৱ কিয়?
— বা, কাইলৈ মোৰ পৰীক্ষা আছে বুলি তই নাজান? কিয় দিগদাৰি
কৰিছে? অকণমান ওলাই যাচোন।
লীলাৰ এনে লাগিল যেন অত আগ্ৰহ, কষ্ট এনেয়ে গ'ল। তায়ো জানে,
ভনীয়েকৰ কাইলৈ পৰীক্ষা। কথাটো মনলৈ অহাৰ লগে লগে তাইৰ মনত পৰিছিল
পোন্ধৰ দিনমান আগতে কলেজলৈ কিবা কামত গৈ ঘূৰি আহোঁতে বাটত মালাৰ
ছেলে এপাট ছিগিছিল। ইয়াৰ আগতে এবাৰ মুচীৰ ওচৰলৈ নিওঁতে মুচীয়ে
ছেলেযোৰ ঘূবাই-পকাই চাই কৈছিল — নাই দিদি, এইযোৰৰ কাম নাই। চলিব
পৰা কৰি দিব পাৰো। কিন্তু ইয়াৰ পাছত নচলে। পঁচিশ টকা লাগিব। মুচীটোৱে
ছেণ্ডেলেযোৰ হাতত লৈ ঘূৰাই-পকাই চাই মন্তব্য দিয়াৰ দৃশ্যটো দেখি লীলা-মালা
দুয়োৰে লাজ লাগি গৈছিল। ধেৎতেৰি, ফটা ছেণ্ডেল এযোৰ লৈ এনেদৰে ঘূৰিব
পাৰি নেকি?
মালাৰ কথাত লীলাই বুজনি দিছিল— হ’ব দে, এইবাৰ দিয়কচোন সি
ঠিক কৰি। পাছত দেখা যাব। মাক ক'ব লাগিব। মোকো এযোৰ লাগে।
— সেই বাবেইতো একো নহয়। মোৰযোৰ ছিগাৰ লগে লগে তোৰো
নাইকিয়া হ'ল।
এযোৰ ছেণ্ডেলৰ প্ৰয়োজন। অৱশ্যে জোৰা-টাপলি মাৰি চলি আছেই।
এনেয়েও তাইৰ বৰ বাহিৰলৈ যোৱা কাম নাথাকেই। মালাই কথাটো কোৱাৰ
বাবেহে সুৰ মিলাইছিল।
সেই যে মুচীটোৱে ঠিক কৰি দিলে, সেই ছেণ্ডেলযোৰেৰে মালাৰ আৰু
তিনি মাহ গ'ল। মহীধৰৰ তিনি মাহৰ দৰমহা শেষ হ’ল। মাকে কোৱাৰ পাছতো
মহীধৰৰ হাতত ছেণ্ডেলৰ বাবে পইচা নাথাকেগৈ। মহীধৰে উপলব্ধি কৰে —
বহুদিন হ’ল জীয়েকহঁতৰ কাপোৰ, ছেণ্ডেল, বেগ আদি নতুনকৈ আনি নিদিয়া।
পোন্ধৰ দিনমান আগতে কলেজৰ পৰা অহাৰ পাছত মালাই মাকৰ
আগত নতুন ছেণ্ডেল নিদিলে পৰীক্ষা দিবলৈ নাযাওঁ বুলি দপ্দপাই পৰীক্ষাৰ
বাবে নিজকে প্ৰস্তুত কৰাত মনোনিৱেশ কৰিছিল। এইকেইদিনত তাই বাহিৰলৈ
যাব লগাও হোৱা নাছিল। সেয়ে হয়তো তাই আৰু ঘৰৰ বাকীবোৰেও ছেণ্ডেলৰ
কথা মনত পেলোৱা নাছিল। লীলাৰ কথাটো মনত পৰোঁতেই মালা আৰু তাইৰ
দুয়োৰে ছেণ্ডেল দুযোৰ মুচীতকৈ উন্নত ৰূপত নহ'লেও যথেষ্ট ভালকৈ মেৰামতি
কৰি, ৰং-পলিচ দি ভনীয়েকৰ পৰা বাঃ বাঃ ল’বৰ মন কৰিছিল।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৫৭