পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১০৩
 

হৈ আছেনে নাই তাই চকু দিব লাগিব আৰু প্ৰয়োজনত আঁজুৰি-পিজুৰি হলেও ‘চিজিল’ লগাব লাগিব তেতিয়াহে তাই এগৰাকী সু-গৃহিণী হ’ব পাৰিব তাই সু-গৃহিণী হোৱাৰ চেষ্টাত হয়তোবা উত্তীৰ্ণও হৈছে। বৰ্তমান তাই এগৰাকী ভাল বোৱাৰী, ভাল পত্নী, ভাল মাতৃ আৰু ভাল গৃহিণী। কিন্তু এই সকলোখিনিৰ মাজত মনটো তাইৰ আজি অলপ দিনৰ পৰা ভাল নহয়। তাই অনুভৱ কৰিছে সকলোফালেই ভাল মানুহজনীৰ মনটো মৰি যাব ধৰিছে। দুপৰীয়াৰ নিৰ্জন নিৰিবিলি সময়ত তাই অতীতলৈ উভতি চোৱাৰ পৰত ক'ব নোৱৰাকৈয়ে চকু দুটা পানীৰে পূৰ্ণ হৈ যায়। তাইৰ মনৰ কত দুখ আছে? তুমি অৰ্ধ-আকাশ, তুমি ধৰিত্ৰী, তুমি জীৱনদায়িনী শক্তি, তুমি আদ্যশক্তি— আঃ, নাৰীক প্ৰবঞ্চনা কৰাৰ কিমান যে কি শব্দ বিশেষণ! পঞ্চলিশ বছৰীয়া তাইৰ যন্ত্ৰৱৎ জীৱনটোৱে তাইক আমুৱাইছে। তায়ো মানুহ। নাৰী হোৱাৰ পূৰ্বে তায়ো এটা মানুহৰ সন্তানৰূপে জন্ম লৈছিল। পিছলৈ তাই নাৰী হৈ পৰিল। গতিকে, তাইৰো মানুহ হৈ বাচিবৰ অধিকাৰ আছে। এই পৃথিৱীত তায়ো এজনী মানুহ হিচাপে কিবাকৰি যোৱা উচিত।
  পূৰৱীৰ মনত পৰিছে—বিয়াৰ পাছতেই যেতিয়া উচ্চশিক্ষিতা পূৰৱীয়ে নিৰ্মলক চাকৰি কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল তেতিয়া সি যিটো অট্টহাস্য মাৰিছিল— সেই সময়ত নিঃসংগতাই বৰকৈ পীড়া নকৰা তাচ্ছিল্যখিনি ভালদৰে হৃদয়ংগম কৰিব পৰা নাছিল। সি তাইৰ থুতৰিত ধৰি জোকাৰি দি কৈছিল—এই লৱণু-কোমল দেহাটোত শহুৰ-শাহুকে আদি কৰি ঘৰখনৰ সমস্ত দায়িত্ব পালন কৰাৰ পাছত চাকৰি কৰিবলৈ লৈ কষ্ট দিয়া কিয়? অত্যধিক পৰিশ্ৰম কৰিলে তোমাৰ দেহা অকালতে ভাগি যাব। মোৰ উপাৰ্জন কি তোমাৰ হাবিয়াস পূৰাবলৈ যথেষ্ট নহয়? তোমাক মই কেতিয়াবা জানো খৰচ কৰাৰ ক্ষেত্ৰত হাক বাধা দিছো?
  তাই চাকৰি কৰাৰ আশা এৰি দিলে। আচলতে তাই দুৰ্বল আছিল। নহ'লে কিয় তাই উচ্চশিক্ষাৰে শিক্ষিত হৈয়ো মৌনতাৰে নিৰ্মলৰ প্ৰভূত্বক মানি ল'লে? তেতিয়াই তাই ওভোতাই প্ৰশ্ন নকৰিলে কিয়? কিয় বাৰু তাই চাকৰি কৰিলেও বা নকৰিলেও ঘৰখনৰ সকলো কাম অকলেই কৰিব লাগে? তেতিয়া চাগৈ তাইৰ মনত মাক-বাপেকে শিকাই দিয়া 'ভাল’শব্দটোৱে ক্ৰিয়া কৰি আছিল। আৰু এতিয়া বৈবাহিক জীৱনৰ বাইশটা বছৰ পাৰ হৈ যোৱাৰ পাছত ‘ভাল' হৈ অনুভৱ কৰিছে— চাকৰি কৰি দেহাটো আধাতে বুঢ়ী হোৱাতকৈ চাৰিবেৰৰ মাজত কটাই তাইৰ মনটোহে বুঢ়ী হ’ল। নহয়, তাইৰ মনটো মৰি গ'ল। তাই মৰি যোৱা মনটোৰ বাবে নিজৰ লগতে নিৰ্মলকো জগৰীয়া কৰিব খুজিছে। বাইশ