পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬ • একুৰি এটা গল্প
 

বহি থাকে টেবুলখনৰ আগত। সেই একান্ত নিজৰ কৰি লোৱা সময়খিনিত মোবাইল আৰু কলিং বেল পৰ্যন্ত অফ’ কৰি থোৱাৰ চিন্তা মনলৈ আহিছিল যদিও দায়িত্বশীলা গৃহিণী হোৱাৰ সুবাদতে তাই সেই কাম নকৰিলে। নিৰৱচ্ছিন্নভাৱে লিখি যোৱা তাইৰ জীৱনৰ দস্তাবেজ টেবুল কাপোৰখনৰ তলত ডাঠ হৈ আহিবলৈ ধৰিলে। প্ৰথম সন্তানটো দেহলৈ অহাৰ পাছত তাই যি অনুভূতি লাভ কৰিছিল এতিয়াও লাহে লাহে তাই সেই একে অনুভূতি যেন লাভ কৰিবলৈ ধৰিছে। পাৰ্থক্য মাত্ৰ শাৰীৰিক অৱস্থিতিৰ। দেহাটো তাইৰ একেই আছে মাত্ৰ মনটো গৰ্ভৱতী হৈছে। এটা নতুন সন্তান প্ৰসৱৰ উকমুকনিয়ে তাইক ধীৰে ধীৰে অস্থিৰ কৰি তুলিছে। এই সন্তানটো ৰীতা বা ৰাতুলৰ দৰে নহ'ব। ইয়াৰ এটা বেলেগ ৰূপ হ'ব; যি ৰূপে তাইক আনি দিব এটা সুকীয়া পৰিচয়। এই সন্তানটোৰ জন্মই হয়তোবা তাইক এই পৃথিৱীত এটা যন্ত্ৰৰ পৰিৱৰ্তে মানুহ ৰূপে থিয় কৰাব। পূৰৱীয়ে সংকল্প ইতিমধ্যেই লৈ পেলাইছে যে তাই তাইৰ এই নতুন সন্তানটোক জন্ম দিবই। টেবুল কাপোৰখনৰ তলত ক্ৰমে স্ফীত হৈ অহা উদৰ দৰে জাপ জাপ বগা কাগজৰ মাজত থকা তাইৰ আশাবোৰ সোনকালেই এটা ৰূপ দিয়াত তাই ব্যস্ত হৈ পৰিল।
  জীৱনৰ এটা নিৰ্দিষ্ট স্তৰত তাই যেতিয়া আঁচ এডাল টানি তাইৰ কেনভাছ। সামৰিলে আৰু এফালৰ পৰা চকু ফুৰাই গ'ল— তাইৰ গাল দুখন গাভৰুবুলীয়া হৈ পৰিল। কোনো দ্বিতীয় ব্যক্তি উপস্থিত নথকা সময়খিনিত তাইৰ কাৰ ওচৰত লাজ লাগিল? তাই ক'ব নোৱাৰিলে। অনামী পুলকত তাই আগ্ৰহেৰে অপেক্ষা কৰি ৰ’ল নিৰ্মল অহালৈ। পিতৃ নহ'লেও সিতো তাইৰ পৰম সুহৃদ! গতিকে তাকেই ক'ব লাগিব...।
 আবেলিৰ পাছত নিৰ্মল অফিচৰ পৰা অহাৰ পাছত তাই তাক ঘনিষ্ঠভাৱে লগ পোৱাৰ আশা কৰিছিল। তাইৰ খোজত ন-কইনাৰ সংকোচ আৰু চকু-মুখত সলাজ ভাব। নিৰ্মলৰ প্ৰশ্নবোধক চাৱনি দেখি তাই ক'লে—এটা কথা ক'ব লগা আছিল
 হাতৰ পৰা চাহৰ কাপ টেবুলত থৈ সি চক্ খাই তাইৰ ফালে চালে বিশ বছৰ আগতে যেতিয়া তাই প্ৰথম গৰ্ভধাৰণ কৰিছিল, তাৰ খবৰটোও তাই ঠিক এনে এটা বাক্য প্ৰয়োগেৰে দিয়া নাছিলনে?
 —কি কথা? সি শান্তকণ্ঠে সুধিলে।
 —আছে এটা কথা। ভিতৰলৈ যাবা?
 —এতিয়া ভিতৰলৈ? হেৰা, তুমি ন-কইনা নে মই দৰা? চুলি পকিবৰ হ'ল। কিবা প্ৰেম-তেম...?
 —ধেইত্। ইহঁত দুটাই শুনিলে কি ভাবিব?