সমললৈ যাওক

পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিচয়

  পুৱা ছয় বজাত বিছনাৰ পৰা উঠাৰ পিছৰে পৰা পূৰৱীয়ে আহৰি নাপায় দুপৰীয়ালৈকে। ল'ৰা-ছোৱালী দুটা ৰীতা আৰু ৰাতুল কলেজলৈ আৰু নিৰ্মল অফিচলৈ ওলাই যোৱাৰ পাছতো তাইক হেঁচা মাৰিবলৈ ৰৈ থাকে ঘৰখনৰ অজস্ৰ কাম। অৱশ্যে তাইৰ মনত কামলৈ বুলি এলাহৰ ভাব প্ৰায় নাথাকেই। লৰালৰি কৰি সকলো কাম শেষ কৰি তাই দুপৰীয়া বাৰমান বজালৈ আজৰি হৈ লয়। আজৰি সময়খিনিত তাই কাহানিও টিভিৰ সন্মুখত নবহে। হাতত উণ বা চিলাইৰ কাম লৈ তাইৰ প্ৰিয় খিৰিকীখনৰ মুখত আৰামী চকীখন পাৰি বহি লয়। হাত দুখনেৰে অবিৰত কাম কৰি থকাৰ পৰত তাইৰ দুকুৰি পাঁচ বছৰীয়া মনটো উৰি যায় খোলা খিৰিকীখনেৰে দেখা আকাশৰ নীলাখিনিৰ মাজলৈ। সেইখিনি সময়ত তাই ক'ব নোৱৰাকৈ যে এটা ডাঙৰ শূন্যৰ মাজত উপঙি থাকে। এই শূন্যতাৰ মাজত থাকি থাকিয়েই আজিকালি তাই নিজৰ লগত যুদ্ধ কৰিবলৈ লৈছে। দুপৰীয়াৰ সেই নিৰিবিলি পৰত তাই নিজকে বাদী-বিবাদীৰ ৰূপত সজাই লাহে লাহে সিদ্ধান্তত উপনীত হৈছে যে তাই নিজকে এটা মানুহ ৰূপে থিয় কৰাব। তাই ৰাজহাড় পোন কৰি বহিল। আনৰ দেখি দেখি আৰু নিজৰো বিগত জীৱনছোৱালৈ উভতি চাই তাই অনুভৱ কৰিছে– তাই এটা যন্ত্ৰ মাত্ৰ। নাৰী নামৰ অবিৰতভাৱে দিনৰ পাছত দিন ধৰি একেবোৰ কামকে নিয়াৰিকৈ কৰি থকা এটা যন্ত্ৰ। যাৰ কৰ্মক্ষম দেহাটোৰ ভিতৰত এটা সংবেদনশীল মন আছে বুলি কোনেও অনুভৱ নকৰে। পূৰৱীৰ মনত পৰে, বিয়াৰ পাছতেই ন-ঘৰলৈ অহাৰ দিনা মাক আৰু শাহুৱেকে শিকোৱা অজস্ৰ নিয়ম। অলিখিত নিয়মবোৰ তাই মানি চলিবলৈ যে বাধ্য সেয়াও যেন অলিখিতভাৱেই নিৰ্ধাৰণ কৰা হৈ আছে। কাৰণ, সেই একেটা আৱৰ্তৰ একেবোৰ নিয়ম তাইৰ মাক আৰু শাহুৱেকেও পালন কৰি আহিছে। পিতৃ-মাতৃৰ সুনাম বৃদ্ধি কৰিবলৈ তাই এজনী ভাল বোৱাৰী হ'ব লাগিব— তাই যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। এজনী সু-পৰিচাৰিকাৰ দৰে গিৰিয়েক নিৰ্মলক প্ৰতিক্ষণে সহযোগিতা দি এজনী ভাল পত্নী হ’ব লাগিব— তাই কৰিছে। ল'ৰা-ছোৱালী দুটাক দেশৰ ভৱিষ্যতৰ সু-নাগৰিকৰূপে গঢ়ি তুলিবলৈ দিনে-নিশাই শাৰীৰিক-মানসিকভাৱে শক্তি যোগাব লাগিব, তেতিয়াহে এগৰাকী ভাল মাতৃ হ'ব পাৰিব— তাই অহোপুৰুষাৰ্থ কৰি আহিছে। ঘৰখনৰ প্ৰতিটো কাম ঠিকমতে