- তুমি দেখোন কৈছাই তেনেদৰে! কিয় যাব লাগে বাৰু ভিতৰলৈ?
- তোমাক কিবা এটা দেখুৱালোহেঁতেন।
অকণমান পৰ ৰৈ নিৰ্মল উঠিল—ব’লা, কি দেখুৱাবা? অতীৱ আগ্ৰহত
তাই তাৰ কাষে কাষে সোমাই আহিল। টেবুলত জাপি থোৱা জাপ জাপ কাগজৰ
ফালে আঙুলিয়াই তাই ক'লে— এয়া। এইখিনি চোৱা।
-কিনো?
- মই কিবা এটা লিখিছো। মানে উপন্যাস বা ...।
হো-হোঁৱাই হাঁহি দিলে নিৰ্মলে। তাই চাকৰি কৰিবলৈ প্ৰকাশ
কৰাৰ দিনা যি হাঁহি মাৰিছিল, সেই একেই হাঁহি। তাৰ হাঁহিৰ শব্দত পূৰৱীৰ উচ্ছাস
নোহোৱা হ'ল। তাইৰ মনটো যেন হঠাৎ বহু তললৈ সোমাই গ'ল। সপোন জগতখনৰ
পৰা খহি পৰি তাই বাস্তৱৰ কঠোৰতাৰ মুখামুখি হ’ল— এনেকৈ হাঁহিছা কিয়?
- হাঁহিছো কিয়?নাহাঁহি কৰিম কি? গোটেই জীৱন পাকঘৰত সোমাই
নিমখ-হালধিৰ হিচাপ কৰোঁতেই গ'ল। মই ভাবিছিলো ঘৰত লগা বয়বস্তুৰ কিবা
তালিকা— এতিয়া দেখিলো— আকৌ তাৰ হাঁহি। নোৱাৰা বুজিছা। উপন্যাস,
গল্প এইবোৰ লিখাটো বৰ সহজ নহয়। তুমি বেবেৰিবাং কথা এসোপা লিখি
থলেই সেয়া গল্প-উপন্যাস হ’ব নোৱাৰে।
- বেবেৰিবাং হয়নে নহয় এবাৰ পঢ়ি চাইহে ক'বা। এনেয়ে কিয় কৈছা?
এইসোপা মই পঢ়িম? নিৰ্মলৰ চকু ডাঙৰ হ’ল— হেৰা, নিজে
লিখিছা, নিজে পঢ়া। দিনৰ দিনটো অফিচত বহি ফাইল ঘুকুটি থাকি এতিয়া তোমাৰ
সেয়া উপন্যাস নে কি মই পঢ়িব নোৱাৰো। —নিৰ্মল ওলাই গ'ল। দুখোজ পিছলৈ
আহি ডিঙিটো হলাই আকৌ ক'লে— তোমাৰ কথাত লাগি চাহকাপ চেঁচা হৈ
গ’ল— একাপ চাহ দিবা ভালকৈ...।
প্ৰথমবাৰৰ বাবে পূৰৱীৰ ভৰি দুখন জথৰ হৈ ৰ'ল। এই প্ৰথমবাৰ তাই
নিৰ্মলৰ কথা শুনা মাত্ৰ দৌৰ মাৰি পাকঘৰৰ ফালে গতি নকৰিলে। তাই ঠাইতে
ৰৈ থাকিল। দুচকু ভৰি আকৌ পানী জমা হ’ল। কিন্তু মনটো এইবাৰ তাইৰ
আগৰ দৰে লেহুকা নহয়। চকুপতাৰে তাই এইবাৰ চকুপানীখিনি বাগৰি যাবলৈ
নিদিলে। মনৰ কঠোৰতাই শুকুৱাই পেলোৱা চকু দুটাৰে তাই পঢ়ি যাবলৈ ধৰিলে
তাইৰ জীৱনৰ দস্তাবেজ। বাৰাণ্ডাৰ পৰা চিঞৰি আকৌ এবাৰ চাহ একাপ লাগে
বুলি কোৱা নিৰ্মলক তায়ো ৰিঙিয়াই উত্তৰ দিলে— মই এটা কাম কৰি আছো।
এতিয়া নোৱাৰো। লাগিলে তুমি নিজেই চাহ একাপ কৰি খোৱাগৈ...।⮰
পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১০৭