পৃষ্ঠা:আভাস কাব্য.pdf/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

ৰোহিণী

কত যত্নে কত দুখে সুমিত্ৰা নন্দনে
অৰণ্যত পিতৃ সম সেবিলা ৰামক,
দয়াৰ সাগৰ ৰাম, তুষ্ট হই মনে,
সিকালত এই বৰ দিলা লক্ষ্মণক॥
“জ্যেষ্ঠ ভ্রাতৃ সম তুমি পালিলা আমাক
কতযে যতন কৰি এই অৰণ্যত,
প্রতিদান তাৰ, ভাই! কি দিম তোমাক?
সুজিব নোৱাৰোঁ ঋণ এই জনমত॥
ইয়াৰ পাছত কিন্তু দ্বাপৰ যুগত
পৃথিবীত কৃষ্ণৰূপে হম অৱতাৰ;
সিকালত তুমি, ভাই! জ্যেষ্ঠ হবা মোৰ
কৃষ্ণ নামে হ’ম মই কনিষ্ঠ তোমাৰ॥
যেনেকই আজি তুমি সেবিলা আমাক,
দ্বাপৰত তেনেকই তোমাক সেবিম,
একেল'গে দুয়োটীয়ে যমুনা তীৰত
ব্ৰজ গোপলেৰে স’তে ৰঙ্গে উমলিম॥”
 পূৰ্ব্ব জনমৰ পুণ্য আছিলে তোমাৰ
ত্ৰেতাৰ লক্ষ্মণে, দেবি! ল’লেহি জনম
তোমাৰ গৰ্ভত আহি বলৰাম ৰূপে;
সাৰ্থক জনম তযু, সার্থক জীৱন॥

১৭