আভাস কাব্য/যশোদা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ২১ ]
যশোদা।

 অপুত্ৰকা, দেবি! তুমি আছিল যেতিয়া
বন্ধ্যাবুলি নিন্দিছিলে সবে গোকুলত
কত পুজা, কত সেৱা, কত হোম কৰি
আৰাধিলা দেৱতাক পুত্ৰ হেপাহত॥
পূৰ্ব্ব পূণ্য ফালে কিম্বা আৰাধনা বলে
পুত্ৰৰূপে পালাকৃষ্ণ অপোন কোলাত
তুমি জানিছিলা মাথোঁ, যি আনন্দ পালা
শ্ৰীকৃষ্ণক পুত্ৰ পাই, আতুৰ হিয়াত॥
পৰ-পুত্ৰ কৃষ্ণ, কিন্তু নাজানিলা তুমি,
পূৰ্ণ অৱতাৰ হৰি তুমি নিচিনিলা,
আপোনাৰ পুত্ৰ ভাবি, কত যতনত
বাৎসল্য স্নেহত তুমি কৃষ্ণক তুলিলা॥
অপুতৰ পুত্ৰ কৃষ্ণ, মনি সাপিনীৰ,
দীন দৰিদ্ৰৰ ধন, লাখুতি কনাৰ;
কত আদৰেৰে তুমি পালিলা কৃষ্ণক
আলাশৰ লাড়ু প্ৰাণ প্ৰাণৰো তোমাৰ॥
শ্ৰীদাম সুদাম আৰু বলৰামে সতে
যেতিয়া তোমাৰ কৃষ্ণে গৰুলই যায়,

[ ২২ ]

সন্ধ্যা হ’লে মনে ২ কত চিন্তা কৰি
একেথিৰে তধালাগি থাকা বাটচাই॥
চকুৰ আঁতৰ হ’লে কানাই তোমাৰ
গোটাই সংসাৰ দেখা অন্ধকাৰময়;
পুত্ৰৰ মঙ্গল হেতু কত পুজা দিয়া
ভক্তিভাবে স’তে, ৰাণি! মণ্ডিৰত গই॥
কত তুতিনতি কৰি কালী মণ্ডিৰত
ভক্তিভাবে কোৱা, “আই! কলুষনাশিনি।
কৃপা কৰি কৰা দুৰ কৃষ্ণৰ বিপদ
অৰণ্যত কৰা ৰক্ষা, মহিষ-মদ্দিনি॥
কানাইৰ পৰা ননী ৰাখিব নোৱাৰি
লুকাই ঘৰত, যেৱে গোকুলৰ নাৰী
গালি পাৰে, শাও দিয়ে, যি আহে মুখত,
মাতৃৰ পৰাণ!—তুমি সহিব নোৱাৰি
বীনয় বচনে কোৱাঁ, ব্ৰজ গোপিনীক
“কানাই কি মোৰে ল’ৰা? তোমাৰ নহয়?
জনমালো ময়ে বুলি, কৃষ্ণ কি মোৰেই!
কিয় দিলা শাও? দয়া নোহে কৃষ্ণলই?”
পুত্ৰৰ কাৰণে সহি, কোমল প্ৰাণত
ব্ৰজ গোপিনীৰ বহু গালি অপমান,

[ ২৩ ]

সামান্য মানৱ ভাবি কৃষ্ণক তোমাৰ,
কৰিছিলা বহু, দেবি! নিষ্ঠুৰ বাখান॥
বান্ধিছিলা শ্ৰীকৃষ্ণক, শাস্তি কৰিছিলা,
ভকত বৎসল হৰি, সহিলা প্রাণত,
মাতৃৰ মায়াত ভূলি, ‘গোকুল লীলা’ৰ
ৰাখিব’ অমূল্য কীর্তি এই জগতত॥
 ধন্য ধন্য তুমি, দেবি! বাখানো তোমাক,
সাধনা তোমাৰ ধন্য, বৈকুণ্ঠৰ পতি
তোমাৰ মায়াত ভূলি, গোকুল মাজত
সামান্য মানৱ-সম সহিছিলে শাস্তি॥
তাৰ পাছে, আহা, দেবি! অক্ৰুৰে যেতিয়া
মথুৰাত লই যায় কৃষ্ণক তোমাৰ
পুত্রৰ বিৰহ ভাবি,—বলিয়ানী হই
কান্দিছিলা, টুকি কত চকুলো দুধাৰ॥
তোমাৰ কান্দোন দেখি, কান্দিছিলে সবে,
যমুনাৰ কুল্‌কুল্‌ তধা লাগিছিল,
দিনতে এন্ধাৰ তুমি দেখিছিল ৰাণী!
দুয়োটী চকুৰে পানী ধাৰে বইছিল॥
নাজানো-যশোদা দেবি! সিচকুৰ পানী
গ’ল কি নগল মাৰ থাকোতে জীয়াই-,

[ ২৪ ]

হৃদয়ত শান্তি তুমি পালাকি নাপালা
জীয়ন্তত, পৰাণৰ কৃষ্ণ হেৰুৱাই॥
পালা বা নাপালা শান্তি, গ’ল কি নগ’ল
চকুৰ চকুলো মাৰ, —চকুত তোমাৰ
অতি ভাগ্যৱতী তুমি, —সাধনাৰ বলে।
পাইছিলা পুত্ৰৰূপে পতি কমলাৰ॥
পঢ়িছোঁ কাব্যত বহু চিত্ৰ জননীৰ,
পুৰানত বহু চিত্ৰ মাক পুতেকৰ,
নাই পোৱা কিন্তু ক’তো কানে শুনানাই
তোমাৰ নিচিনা ছবি বাৎসল্য স্নেহৰ॥