পৃষ্ঠা:আভাস কাব্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বোডেচিয়া

 

অচিৰেই পাব লয় ৰোমৰ বিভৱ!
পাছৰ ৰোমানে, ৰাণি! যুদ্ধ-বিদ্যা এৰি
মন প্ৰাণ সমৰপি দিব সঙ্গীতত
নৃত্যগীত কৰি ঘশ আাৰ্জ্জিব তেতিয়া,—
নাথাকিব শক্তি কিন্তু কাৰো সমৰত॥
তেতিয়া তোমাৰ, ৰাণি! ভবিষ্যত বংশ।
ৰণতৰী সাজি,—লই অস্ত্ৰ অগণিৰ (২)
দুৰ দুৰন্তৰ দেশ কৰি দিগ্বিজয়,
আৰ্জ্জিব অক্ষয় কীৰ্ত্তি ব্ৰিটন-বাসীৰ।
কাণেৰেও যি দেশৰ নাম শুনা নাই
চিজাৰে ৰোমৰ, ৰাণি! পাছত তোমাৰ
সতি সন্ততিয়ে তেনে সাম্ৰাজ্য অনেক
দিগ্বিজয় জয় কৰি, যশ আৰ্জ্জিব আমাৰ॥”
 গুৰুৰ মুখত শুনি এনুৱা বচন
উলাহে ভৰিলা তুমি, মুছি চকুপানী
দুয়োটি চকুৰে পৰা; ভীমামুৰ্ত্তি ধৰি।
আহিল৷ আকউ ঘূৰি সমৰত, ৰাণি!
বিপক্ষক চাই খঙ্গে বুলিব’ ধৰিলা,—

(২) আগ্নেয় অস্ত্ৰ বা বন্দুক।

৭৯