আভাস কাব্য/দৈবকী
বসুদেৱ-প্ৰিয়া তুমি, ৰজাৰ জীয়াৰী,
দৈত্যকুল-ফুলনীৰ প্ৰফুল্ল গোলাপ;
দুর্ভাগ্য বশত, কিন্তু ভ্রাতৃ আপোনাৰ
নিৰ্দ্দয় তোমাৰ, দেবি! যেন কালসাপ॥
দহমাহ দহদিন ধৰি জঠৰত
ওপোজাইছিলা তুমি সাতোটী সন্তান;
এটী এটী কৰি কিন্তু সংহাৰিলে তযূ
দুৰাচাৰ ভ্ৰাতৃ, দেবি! নিষ্ঠুৰ নাদান!!
কোমল তিৰীৰ হিয়া, মাতৃৰ পৰাণ,
এটী সন্তানৰে শোক সহিব নোৱাৰে;
সাতোটীৰ শোক কিন্তু সহিছিলা তুমি
বিৰলে তিয়াই বুকু চকুলো দুধাৰে॥
বিধিৰ নিৰ্ব্বন্ধ, দেবি! অষ্টম গৰ্ভত
তোমাৰ, জনম ল'লে বৈকুণ্ঠৰ পতি,
দানৱ-দলন হেতু বধিব’ কংসক
দুৰাচাৰ ভ্ৰাতৃ তবূ দাৰুণ দুৰ্ম্মতি ॥
ভাগ্যৱতী তুমি, দেবি! পৃথিবীত পৰি,
দেখালে তোমাক হৰি মূৰ্ত্তি বিশ্বম্ভব ;
সোৱামীয়ে স’তে দুয়ো দিব্য জ্ঞান পাই,
তুতিনতি শ্ৰীকৃষ্ণক কৰিলা বিস্তৰ॥
তাৰ পাছে, আহা, দেবি! কৃষ্ণৰে আজ্ঞাত,
কৃষ্ণক স্বামীয়ে তযু ৰাখি গোকুলত,
যশোদাৰ ছোৱালীটী চুৰি কৰি আনি
হাবিয়াস কৰি দিলে তোমাৰ কোছত॥
বিধতা বিমুখ কিন্তু-যিটো আশা কৰি
আনিছিলা ছোৱালীটি দেবী যশোদাৰ,
কাঢ়ি নিলে পাছদিনা হিয়া উদঙ্গাই
বধিবৰ মিনে দুষ্ট ভ্ৰাতৃয়ে তোমাৰ!!
শিলত আছাৰ মাৰি মাৰিব খোজোঁতে
যোগমায়া ৰূপ ধৰি গ’ল ছোৱালীটী,
কিবা চমৎকাৰ ৰূপ, মুনি মনোহৰ,
অপূৰ্ব্ব বিভাৰে ভৰা, স্বৰ্গীয় জেউতি॥
আকাশ-পথৰ পৰা বুলিলে কংসক,
“দুৰাচাৰ! শিশু হত্যা কৰিলি বিস্তৰ!
কিন্তু যিটো হন্তা তোৰ, বধিব যি তোক,
সিটো আছে এতিয়াও ঘৰত নন্দৰ॥
দৈবকী গৰ্ভত জন্মি, আছে গোকুলত
নৰৰূপে, পুত্রভাবে যশোদাৰ ঠাই ;
অশেষ চেষ্টাত তই নোৱাৰ খণ্ডাব
বিধিৰ নিৰ্ব্বন্ধ! তোৰ আৰু ৰক্ষা নাই!!”
এই দৈববাণী শুনি আকাশ-পথত
খঙ্গেৰাগে ওপোছালে আপন হিয়াক;
কি এটা আশঙ্কা কৰি ভ্ৰাতৃয়ে তোমাৰ
স্বামীয়ে সইতে কৰে বন্দিনী তোমাক!!
দিন নিশা টুকি টুকি চকুলো দুধাৰি,
লোহৰ জিঞ্জিৰি পিন্ধি লাহৰি দেহত,
কৃষ্ণকেই ভাবি ভাবি, স্বামীয়ে সহিতে
নিয়ালা বহুত দিন বন্দিৰ শালত॥
“ব্ৰজলীলা” শাঙ্গ কৰি, যেতিয়া মুৰাৰি
কৰিব’ “মথুৰালীলা” আহিলে মথুৰা;
কংসক বিনাশ কৰি, কৰিলে উদ্ধাৰ
তোমা-দুয়োটীকে, দেবি! বিপদৰ পৰা॥
পৰাণৰ পুত্র, দেবি! শ্ৰীকৃষ্ণক পাই
আকউ, —সকলো দুখ পাহৰিলা তুমি;
বহুত দিনৰ পাই পাছত সোণক
টুকিছিলা টোপাটোপে মাথোঁ চকুপানী!!