আভাস কাব্য/বৈদেহী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ১৪ ]

বৈদেহী।

অযোনী সম্ভৱা, দেবি জনক জীয়াৰি!
পবিত্ৰ কাৰিনী তুমি আপুনি কমলা;
স্বামীৰ নিমিত্তে মাথো মিথিলা পুৰত
মৈথিলীৰ ৰূপে তুমি অৱতীৰ্ণ হ’লা॥
হৰধনু ভঙ্গকৰি, লভিলে তোমাক,
ৰমণী কুলৰ ৰত্না ৰামে জগতত;
বিষ্ণু অৱতাৰ ৰাম, তুমি বিষ্ণু প্ৰিয়া,
কমলা-কমলাপতি মিলিল মৰ্ত্যত॥
কিন্তু, হে বৈদেহী দেবি। কপাল দোষত
সুখভোগ নঘটিলে ভাগ্যত তোমাৰ;

[ ১৫ ]

স্বামী দেৱৰৰে স’তে গ’লা বনলই
বিষাদত টুকি টুকি চকুলাে দুধাৰ॥
নুশুনিলা কাৰো বাধা, কোমল দেহাত
গছৰ বাকলি পিন্ধি, স্বামীৰ লগত
ফুৰিছিলা বনে বনে, মুনি পত্নী স’তে
খেলিছিলা কত ৰঙ্গে আশ্ৰম তলত॥
সুখ সম্ভোগত উঠা কেচুৱাৰে পৰা,
অবন্যৰ দুখ কিন্তু দুখ নাভাবিলা;
পতিপদ সেবা কবি, পতিব্ৰতা তুমি
অৰন্যত স্বৰ্গসুখ ভোগ কৰিছিলা॥
 বিধিৰ নিৰ্ব্বন্ধ কিন্তু নখণ্ডিলে তযূ।—
তোমাক হৰণ কৰি নিলে দশাননে—
পঠিয়াই মাৰিচিক মায়া মৃগ কৰি,
আঁতৰই দুটী ভাই বুদ্ধিৰ ছলনে।।
কত চেষ্টা কত যত্ন কৰিলে লঙ্কাত
সতীত্ব ৰতন তযূ হৰিবৰ মনে,
কিন্তু কিবা সাধ্য তাৰ! নােৱাৰিলে চুব
ৰাক্ষস কুলৰ কেতু পাপীষ্ঠ ৰাৱণে।।
ভগ্নমনােৰথ হই, অশােক বনত,
বন্দিনী কৰিলে, দেবি! তােমাক নিৰ্দ্দয়;

[ ১৬ ]

কত কান্দি সিকালত উখহালা চকু
অকলে অকলে, তুমি বিয়াকুল হই॥
 ভাগ্যবলে কিন্তু, দেবি! দুখৰ কালত
পাইছিলা এটী তাত সঙ্গিনী প্রাণৰ;
সৰমা, সৰল প্ৰাণা, বিভিষণ প্রিয়া
প্রফুল্ল পদ্মিনী, দেবি! ৰাক্ষস কুলৰ॥
সৰমাৰে স’তে দেবি! অশোক বনত
কটালা বহুত কাল; পাছে তযূ স্বামী
সবংসে ৰাক্ষস নাশি, কৰিলে উদ্ধাৰ;
পালা তুমি পুণু স্বামী, জনক নন্দিনি!
স্বামী দেৱৰৰে স’তে আহিলা আকউ
(অগ্নি পৰিক্ষাত উঠি) অযোধ্যা পুৰত
কত আশা কৰি, (কিন্তু কান্দি উঠে প্রাণ!)
পুণু তযূ বনবাস অদৃষ্ট-দোষত॥
প্ৰজাৰঞ্জনৰ হেতু মিছা গ্লানীভয়ে,—
ছল কৰি স্বামী তযু কৰিলে বৰ্জ্জন
বাল্মিকীৰ তপোবনে,—পূর্ণ গর্ভা তুমি;
পুনু হ’লা অনাথিনী বিধিৰ লিখন!!
মুনি পত্নী সবে স’তে থাকি কত কাল
প্রসবিলা দুটী পুত্ৰ-লব আৰু কুশ;

[ ১৭ ]

যাৰ মুখে শুনি পাছে ৰামায়ণ-কথা
অানিলে তোমাক পুনু; (লাগে বৰ দুখ!)
অযোধ্যাত স্বামী তযূ অগ্নিৰ পৰীক্ষা
পাতিলে আকউ, দেবি! লাহৰী দেহত
বাৰে বাৰে পাই দুখ, কান্দিব ধৰিলা
সুৱঁৰি বসুধা মাতৃ কৰুণ সুৰত;—
“সহিব নোৱাৰোঁ আৰু, বসুন্ধৰা অাই!
“কৃপা কৰি নিয়াঁ মোক আপোন কাষত;
“জন্মাবধি বহুদুখ,—ভূগিলো লাঞ্ছনা!
“কত যে সহিম আৰু!--নসহে প্রাণত!!”
 তোমাৰ কান্দোন শুনি দেবী বসুমতী
সাবতি তোমাক নিলে আপোন কোলাত;
বিপদত পালা ৰক্ষা; সংসাৰৰ জ্বালা,
তাৰ পৰা আঁতৰিলা মাতৃৰ মায়াত॥


আভাস কাব্য (page 17 crop)