আভাস কাব্য/জনা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৬০ ]

কলঙ্কৰ পাণী কিয় ঢালা, প্ৰাণনাথ?
দুৰ্যশ তোমাৰ বৰ থাকিব মৰ্ত্যত॥
প্ৰবীৰ তোমাৰ পুত্ৰ, জনাৰ জীৱন
পাৰ্থে স’তে কৰি যুদ্ধ ঘোৰ সমৰত
কৰিলে পৰাণ ত্যাগ; কি কাৰণে তুমি
শক্ৰক নকৰি নাশ আহিলা ঘৰত?
ত্ৰিজগতে কয়, নাথ! মৰণৰ ভয়
ক্ষত্ৰীয়ৰ হৃদয়ত নোৱাৰে থাকিব;
কি কি কাৰণে তুমি, ভয়ে বিপক্ষৰ
পশিলা শৰণ? নাথ! জগতে নিন্দিব!!
যোৱাঁ যোৱাঁ,—যোৱা, নাথ! ওলোৱাঁ বাহিৰ।
যুদ্ধ সাজে;—গই কৰা যুদ্ধ ঘোৰতৰ;
বিপক্ষক জিনি, কাটি শিৰ ফাল্গুনীৰ।
আদি দিয়াঁ মোক, নাথ! জুড়াওঁ অন্তৰ॥”
 এই ৰূপে বহু তুমি বুলিলা স্বামীক,
পুত্ৰৰ শোকত অতি বিয়াকুল হই;
স্বামীয়ে তোমাৰ কিন্তু শুনি নুশুনিলে,
পাণ্ডৰে সইতে যুদ্ধ নকৰিলে গই॥
সি মহা দুখত তুমি অভিমানী হই,
অকলে অকলে গ’লা ভ্ৰাতৃৰ ঘৰত

[ ৬১ ]

কান্দি কান্দি; টুকি বহু চকুলো চকুৰ
বুলিলা সকলো কথা ভ্ৰাতৃৰ আগত॥
স্বোৱামীৰ দৰে, হায়! ভ্ৰাতৃও তোমাৰ
পাণ্ডৱে সইতে ৰণ, কৰিলে নিষেধ!
পুত্ৰ শোকাতুৰা তুমি, ক্ষত্ৰীয় কুমাৰী।
লজ্জা পাই অন্তৰত, পালা বৰ খেদ॥
দুখে অভিমানে পাছে জৰ্জ্জৰিতা হই,
পুত্ৰ শোক ৰূপ অগ্নি জ্বলাই হিয়াত,
বিসৰ্জন দিলা দেহা, (প্ৰাণ আদৰৰ)
বিচাৰি শান্তিৰ ছঁয়া গঙ্গাৰ গৰ্ভত॥