পৃষ্ঠা:আভাস কাব্য.pdf/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জোৱান ডাৰ্ক

শত্ৰুৰ তেজেৰে কৰি জন্ম ভূমি ৰঙ্গা,
স্বাধীনতা মহাধন আনিলা ঘূৰাই!
ভাৰতত, হায়! জোনা! প্ৰাচীন কালত,
দানৱ যুদ্ধত যেনে ভীমামুৰ্ত্তি শ্যামা—
অলিন যুদ্ধত আৰু বিপক্ষ মাজত
ভয়ঙ্কৰ তেনে তুমি ভীমামুৰ্ত্তি, জোনা।
দানৱ দলন কৰি, পুৰি অবাৰ
ৰাখিলা যিৰূপে দেবী নৃমুণ্ড মালিনী,
ব্ৰিটনক হেৰুৱাই ৰাখিলা সিদৰে
স্বাধীনতা মহাধন ফৰাচীৰ তুমি॥
কিন্তু, জোনা! অৱশেষে, দুৰ্ভাগ্যৰ বলে!
বিপক্ষৰ হাতে পৰি হেৰুৱালা প্ৰাণ,
লাৱণ্য দেহাত সহি, বিপক্ষ সেনাৰ
অমানুষি অত্যাচাৰ, কত অপমান।
বীৰাঙ্গনা তুমি, জোনা৷ আদৰ্শ ৰমণী
ফৰাচী বাসীৰ তুমি গৌৰবৰ ধন,
কিন্তু অকালত, হায়! আাধাফুলা কলি।
শুকুৱালে নিদাৰুণ সূৰ্য্যৰ দহন॥
বহুদিন হ’ল, জোনা! এৰিছা সংসাৰ,—
কিন্তু তযু আছে নাম আজিও জীয়াই!

৭৫