অসমৰ বুৰঞ্জী/ভূমিকা

ৱিকিউৎসৰ পৰা
[ ভূমিকা ]

সচিবৰ দুআষাৰ


 অসম প্ৰকাশন পৰিষদে অসমৰ সাহিত্য-সংস্কৃতিত এক অভূতপূৰ্ব প্ৰভাৱ পেলাইছে। অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰীসকল পৰিষদৰ পৰিকল্পনা আৰু কাম-কাজৰ লগত ওতপ্ৰোতভাৱে জড়িত। ১৯৫৮ চনতে প্ৰতিষ্ঠাপিত পৰিষদে অসম ছাত্ৰ সম্মিলনীৰ চৈধ্যগৰাকী অতিবিশিষ্ট সভাপতিৰ অভিভাষণ সন্নিবিষ্ট 'ভাষণমালা’ প্ৰথমখন গ্ৰন্থৰূপে প্ৰকাশ কৰে। অৱশ্যে চক্ৰবৰ্তী ৰাজাগোপালাচাৰীৰ অসমীয়ালৈ অনুদিত কথা-মহাভাৰতখন পৰিষদে পোনতে প্ৰকাশ কৰিবলৈ উদ্যোগ লৈছিল। উল্লেখ কৰি থওঁ যে বিষয়-বস্তুৰ বৈভৱ আৰু তথ্য-সম্পদৰ গুৰুত্ব উপলব্ধি কৰি এইবাৰ 'ভাষণমালা’ নামটোৰ পৰিৱৰ্তন ঘটাই 'সাহিত্য আৰু ইতিহাস’ কৰা হৈছে। ভাবীকালৰ নতুন প্ৰজন্মৰ লগতে সৰ্বসাধাৰণ পাঠকেও গ্ৰন্থখন পঢ়ি হৃদয় উদ্ৰেককাৰী চিন্তা আৰু বিমল আনন্দৰ খোৰাক পাব।

 ২০০৩ চনত আমি কাৰ্যভাৰ লৈয়েই পৰিষদৰ শ্ৰেষ্ঠ, দুষ্প্ৰাপ্য আৰু বছৰৰ পিছত বছৰ ধৰি পুনঃমুদ্ৰিত নোহোৱাকৈ থকা গ্ৰন্থকে ধৰি মুঠ ১২০ খন গ্ৰন্থ প্ৰকাশ কৰি পাঠকসমাজলৈ আগবঢ়াইছে আৰু পাঠকেও গ্ৰন্থসমূহক আঁকোৱালি লৈছে।

 ২০০৪ বৰ্ষত প্ৰকাশ কৰিবলৈ লোৱা কেইখনমান উল্লেখযোগ্য নতুন গ্ৰন্থ হল সৰ্বেশ্বৰ শৰ্মা কটকী ৰচনাৱলী, ঊনবিংশ শতিকাৰ মাজ ভাগতে প্ৰণীত আৰু ডাঙৰীয়া দীননাথ বেজবৰুৱা, নৰনাৰায়ণ মাজু মেলিয়া ৰাজা আৰু মহিচন্দ্ৰ ৰাজখোৱা—এই তিনিগৰাকী বিশিষ্ট লোকৰদ্বাৰা পৰ্যালোচনা কৰা আৰু আজিকোপতি পাণ্ডুলিপি অৱস্থাতে থকা পদ্মেশ্বৰ নাওবৈছা ফুকনৰ অসম বুৰঞ্জী, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱে সম্পাদনা কৰা 'উষা'ৰ একত্ৰ সংকলন, কেশদা মহন্তই মূল সংস্কৃতৰ পৰা অনুবাদ কৰা অথৰ্ৱবেদ আৰু ৰঘুবংশ, ড° প্ৰদীপ শৰ্মাৰ অসমৰ শেষ-মধ্যযুগীয় মন্দিৰ-স্থাপত্য, হোমেন বৰগোহাঞিয়ে সঙ্কলন-সম্পাদনা কৰা শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰবন্ধ,ভৱপ্ৰসাদ চলিহাৰ সম্পাদনাত অসমীয়া আখ্যান-গীত ইত্যাদি। বাংলা ভাষাত প্ৰণীত হলিৰাম ঢেকিয়াল ফুকনৰ 'আসাম বুৰঞ্জি’ গ্ৰন্থও এইবাৰৰ গ্ৰন্থ-তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰন্থখনিত ঢেকিয়াল ফুকনৰে 'কামৰূপ যাত্ৰা-পদ্ধতি’ শীৰ্ষক গ্ৰন্থখনো একেলগে মুদ্ৰিত কৰা হব। ড° যোগেন্দ্ৰনাথ ফুকনে কৰা আহোম বুৰঞ্জীৰ অসমীয়া অনুবাদ এটি বিশিষ্ট অৱদান হ'ব। ২০০৩ বৰ্ষত ড° হীৰেন গোহাঁইৰ সম্পাদনাত প্ৰকাশিত জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ পৰিমাৰ্জিত-পৰিবৰ্ধিত সংস্কৰণে বিপুল সঁহাৰি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু পাঠকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য [ ভূমিকা ] ৰাখি এইবাৰ ড° গোহাঁইৰে সম্পাদনাত জ্যোতিপ্ৰসাদৰ নাটকখিনিৰ একত্ৰ সঙ্কলন আৰু শিশু- কবিতাসহ গীতখিনিৰ নতুন সংস্কৰণ প্ৰকাশ কৰা হ'ব।

 ভাবৰ আদান-প্ৰদান আৰু বিস্তাৰ-বিকাশত অনুবাদ-কৰ্মই এক মুখ্য ভূমিকা গ্ৰহণ কৰে। ইতিপূৰ্বে অসম প্ৰকাশন পৰিষদে এক সংখ্যক শ্ৰেষ্ঠ গ্ৰন্থ অসমীয়ালৈ অনুদিত কৰিছে। এই বছৰত আমি বাৰ্ট্ৰাণ্ড ৰাছেল,এ.এইছ.কাৰ,ইৰাৱতী কাৰ্ভে,এ.এল.বাশ্বাম আদি বুদ্ধিজীৱী-লেখকৰ গ্ৰন্থ অনুবাদ কৰিবলৈ লৈছো।

 গুণাভিৰাম বৰুৱাৰ 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ'ৰ ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীয়ে আৰু হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা 'এশ বছৰৰ অসমীয়া কবিতা'ৰ নিৰ্বাচিত এক সংখ্যক কবিতাৰ প্ৰদীপ আচাৰ্যই ইংৰাজীলৈ কৰা অনুবাদে অনা-অসমীয়া ভাষী পাঠকৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিব পাৰিব বুলি আমাৰ বিশ্বাস।

 আশা কৰো সৰ্বস্তৰৰ পাঠকে অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ পূৰ্ববৎ আঁকোৱালি ল'ব।


গুৱাহাটী        লক্ষ্মীনাথ তামুলী আই.এ.এছ

আগষ্ট ২০০৪         সচিব

          অসম প্ৰকাশন পৰিষদ [ ভূমিকা ]
সচিবৰ ভূমিকা


 ১৯৫৮ চনতে প্ৰতিষ্ঠাপিত অসমৰ জাতীয় অনুষ্ঠান অসম প্ৰকাশন পৰিষদে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ অনেক মূল্যবান অৱদান আগবঢ়াইছে। পৰিষদে আৰ্থিক লাভালাভলৈ আওকাণ কৰি আমাৰ ভাষা-সাহিত্য-সংস্কৃতিৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ ৰচনাৰাজি একত্ৰে সঙ্কলন—যথা, গোহাঞিবৰুৱা ৰচনাৱলী, জ্যোতিপ্ৰসাদ ৰচনাৱলী, ফণী শৰ্মা ৰচনাৱলী, বাণীকান্ত ৰচনাৱলী,অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী, ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী, লম্বোদৰ বৰা ৰচনাৱলী, ভোলানাথ দাস ৰচনাৱলী আদিৰ উপৰিও সাহিত্যিক-ৰাজনীতিক গোপীনাথ বৰদলৈ,তৰুণৰাম ফুকন,নবীনচন্দ্ৰ বৰদলৈ আদিসকলৰ সমগ্ৰ ৰচনা প্ৰকাশ কৰি অসমীয়া বুদ্ধিসত্তা আৰু বৌদ্ধিক জগতত এক আলোড়ন সৃষ্টি কৰিছে। ঠিক একেদৰে বিশ্ববিশ্ৰুত মহাত্মা গান্ধী, জৱহৰলাল নেহৰু, ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ,ৰাস্কিন,ৰাছেল,ৰবীন্দ্ৰনাথ আদিৰ লেখীয়া মনীষীসকলৰ চিন্তা-ভাবনা প্ৰকাশক গ্ৰন্থৰ প্ৰকাশৰদ্বাৰা অসমীয়া পাঠকৰ মানসিক দিগন্ত বিস্তৃত-বিধৌত কৰাত সহায় কৰিছে। অসমৰ প্ৰাচীন বুৰঞ্জী অধ্যয়নৰ দিশত অসম প্ৰকাশন পৰিষদ এক বলিষ্ঠ ভূমিকাত অৱতীৰ্ণ হৈছে। ড°মহেশ্বৰ নেওগৰ প্ৰাচ্য-শাসনাৱলী,ড°ডিম্বেশ্বৰ শৰ্মাৰ কামৰূপ-শাসনাৱলী, হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন, গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জী,পদ্মনাথ গোহাঞিবৰুৱাৰ অসমৰ বুৰঞ্জী, ড° হেম্বকান্ত বৰপূজাৰীৰ দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰি অব আচামকে ধৰি বুৰঞ্জী বিষয়ক গ্ৰন্থ প্ৰকাশ কৰি পৰিষদে বুৰঞ্জী ৰচনাৰ ধাৰাবাহিকতা অটুট ৰাখিছে। এই দিশত এক বলিষ্ঠ সংযোজন হ’ল অসমৰ প্ৰথম আলোচনী অৰুনোদই, আসাম বন্ধু আৰু মৌৰ একত্ৰ সঙ্কলন।

 বৈষ্ণৱ যুগৰ অৱদান বিষয়ক গ্ৰন্থ—সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল, সত্ৰ-সঙ্গীতৰ স্বৰৰেখা, কীৰ্তন-ঘোষা আৰু নাম-ঘোষা; প্ৰাচ্য-পাশ্চাত্যৰ ৰামায়ণ, মহাভাৰত, ইলিয়াদ, ওডিছী আৰু ইনীদৰ দৰে ধ্ৰুপদী মহাকাব্যৰ প্ৰকাশনক আমাৰ পাঠক সমাজে সাদৰেৰে আকোৱালি লৈছে।

 ভাৰতীয় পৰম্পৰাৰ পঞ্চতন্ত্ৰ, হিতোপদেশ,কথাসৰিৎসাগৰ;বিশ্ব-সাহিত্যৰ অজান দেশত এলিচ আদি একসংখ্যক প্ৰখ্যাত শিশু-গ্ৰন্থ আৰু জনপ্ৰিয় বিজ্ঞান বিষয়ক পুথিৰে অসম প্ৰকাশন পৰিষদে ভাষা-সাহিত্যৰ প্ৰচাৰ-প্ৰসাৰত সততে অৰিহণা যোগাই আহিছে।

 কিন্তু অসম প্ৰকাশন পৰিষদৰ দৰে জাতীয় অনুষ্ঠান এটাৰ পৰাই ইতিমধ্যে প্ৰচলিত অনেক দুৰ্মূল্য আৰু দুষ্প্ৰাপ্য গ্ৰন্থ বছৰ বছৰ ধৰি প্ৰকাশ নোহোৱাকৈ থকাত গ্ৰন্থ আগ্ৰহী সমাজ গ্ৰন্থ-অধ্যয়নৰ পৰা বিৰত থাকিব লগাত পৰিছে। সেয়েহে আমি এই ২০০৩ বৰ্ষতে প্ৰায় ছকুৰি গ্ৰন্থ পুনঃ মুদ্ৰণ কৰি পাঠকসমাজলৈ আগবঢ়ালো। আশা কৰিছো, পঢ়ুৱৈ সমাজে প্ৰকাশন পৰিষদৰ গ্ৰহ পূৰ্ববৎ আগ্ৰহেৰে আদৰি ল'ব।


গুৱাহাটী        লক্ষ্মীনাথ তামুলী আই.এ.এছ

আগষ্ট ২০০৪         সচিব

          অসম প্ৰকাশন পৰিষদ