পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সচিবৰ দুআষাৰ


 অসম প্ৰকাশন পৰিষদে অসমৰ সাহিত্য-সংস্কৃতিত এক অভূতপূৰ্ব প্ৰভাৱ পেলাইছে। অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰীসকল পৰিষদৰ পৰিকল্পনা আৰু কাম-কাজৰ লগত ওতপ্ৰোতভাৱে জড়িত। ১৯৫৮ চনতে প্ৰতিষ্ঠাপিত পৰিষদে অসম ছাত্ৰ সম্মিলনীৰ চৈধ্যগৰাকী অতিবিশিষ্ট সভাপতিৰ অভিভাষণ সন্নিবিষ্ট 'ভাষণমালা’ প্ৰথমখন গ্ৰন্থৰূপে প্ৰকাশ কৰে। অৱশ্যে চক্ৰবৰ্তী ৰাজাগোপালাচাৰীৰ অসমীয়ালৈ অনুদিত কথা-মহাভাৰতখন পৰিষদে পোনতে প্ৰকাশ কৰিবলৈ উদ্যোগ লৈছিল। উল্লেখ কৰি থওঁ যে বিষয়-বস্তুৰ বৈভৱ আৰু তথ্য-সম্পদৰ গুৰুত্ব উপলব্ধি কৰি এইবাৰ 'ভাষণমালা’ নামটোৰ পৰিৱৰ্তন ঘটাই 'সাহিত্য আৰু ইতিহাস’ কৰা হৈছে। ভাবীকালৰ নতুন প্ৰজন্মৰ লগতে সৰ্বসাধাৰণ পাঠকেও গ্ৰন্থখন পঢ়ি হৃদয় উদ্ৰেককাৰী চিন্তা আৰু বিমল আনন্দৰ খোৰাক পাব।

 ২০০৩ চনত আমি কাৰ্যভাৰ লৈয়েই পৰিষদৰ শ্ৰেষ্ঠ, দুষ্প্ৰাপ্য আৰু বছৰৰ পিছত বছৰ ধৰি পুনঃমুদ্ৰিত নোহোৱাকৈ থকা গ্ৰন্থকে ধৰি মুঠ ১২০ খন গ্ৰন্থ প্ৰকাশ কৰি পাঠকসমাজলৈ আগবঢ়াইছে আৰু পাঠকেও গ্ৰন্থসমূহক আঁকোৱালি লৈছে।

 ২০০৪ বৰ্ষত প্ৰকাশ কৰিবলৈ লোৱা কেইখনমান উল্লেখযোগ্য নতুন গ্ৰন্থ হল সৰ্বেশ্বৰ শৰ্মা কটকী ৰচনাৱলী, ঊনবিংশ শতিকাৰ মাজ ভাগতে প্ৰণীত আৰু ডাঙৰীয়া দীননাথ বেজবৰুৱা, নৰনাৰায়ণ মাজু মেলিয়া ৰাজা আৰু মহিচন্দ্ৰ ৰাজখোৱা—এই তিনিগৰাকী বিশিষ্ট লোকৰদ্বাৰা পৰ্যালোচনা কৰা আৰু আজিকোপতি পাণ্ডুলিপি অৱস্থাতে থকা পদ্মেশ্বৰ নাওবৈছা ফুকনৰ অসম বুৰঞ্জী, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱে সম্পাদনা কৰা 'উষা'ৰ একত্ৰ সংকলন, কেশদা মহন্তই মূল সংস্কৃতৰ পৰা অনুবাদ কৰা অথৰ্ৱবেদ আৰু ৰঘুবংশ, ড° প্ৰদীপ শৰ্মাৰ অসমৰ শেষ-মধ্যযুগীয় মন্দিৰ-স্থাপত্য, হোমেন বৰগোহাঞিয়ে সঙ্কলন-সম্পাদনা কৰা শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰবন্ধ,ভৱপ্ৰসাদ চলিহাৰ সম্পাদনাত অসমীয়া আখ্যান-গীত ইত্যাদি। বাংলা ভাষাত প্ৰণীত হলিৰাম ঢেকিয়াল ফুকনৰ 'আসাম বুৰঞ্জি’ গ্ৰন্থও এইবাৰৰ গ্ৰন্থ-তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰন্থখনিত ঢেকিয়াল ফুকনৰে 'কামৰূপ যাত্ৰা-পদ্ধতি’ শীৰ্ষক গ্ৰন্থখনো একেলগে মুদ্ৰিত কৰা হব। ড° যোগেন্দ্ৰনাথ ফুকনে কৰা আহোম বুৰঞ্জীৰ অসমীয়া অনুবাদ এটি বিশিষ্ট অৱদান হ'ব। ২০০৩ বৰ্ষত ড° হীৰেন গোহাঁইৰ সম্পাদনাত প্ৰকাশিত জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ পৰিমাৰ্জিত-পৰিবৰ্ধিত সংস্কৰণে বিপুল সঁহাৰি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু পাঠকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য