সাৰথি

ৱিকিউৎসৰ পৰা
(Sarothiৰ পৰা পুনঃনিৰ্দেশিত)

[ বেটুপাত ]

সাৰথি
৺সত্যনাথ বৰা, বি, এল,

[ পাতনি ]

পাতনি
⸺:(*):⸺

 

 উদ্‌গতি সাধন মনুষ্য জীৱনৰ মূল মন্ত্ৰ, আৰু সংসাৰ কৰ্ম্মক্ষেত্ৰ, এই ক্ষেত্ৰত যি নিজৰ আলম লৈ পুৰুষাৰ্থ কৰি সম্পদ লাভ কৰিব পাৰে, আৰু ডাঙ্গৰ হয়, সি ধন্য, যি নোৱাৰে তাক কোনেও মানুহ বুলি লেখত নধৰে। কিন্তু সংসাৰ বৰ একাচেকা ঠাই। ই এটা যুদ্ধৰ বেহু, ইয়াত সদায় দল্‌দোপ্‌ হেন্দোল্‌দোপ্‌ লাগি আছে। ইয়াৰ ভিতৰত বাট, আওবাট, সৰ, সুৰুঙ্গা ভৰি আছে তাৰ কোনটোৱে গ’লে কত ওলাব পাৰি ঠাৱৰিবলৈ টান। সেই দেখি সৰহ ভাগ মানুহে উৱাদিহ নাপাই সংসাৰ-সোঁতত গা এৰি দি উটি যায়, আৰু সোঁতে নি যতে তোলে ততে উঠে। কিন্তু সোঁত বুলিলেই নামনিলৈ বয়, এতেকে সোঁতত গা এৰি দিলে মানুহ নামনিৰ ফাললৈহে যায়, ওপৰলৈ উজাব নোৱাৰে। উদ্‌গতিৰ মোহন মন্দিৰ সোঁতৰ উজনিত, উজাই নগ’লে সেই বিনন্দ-বিলাস অময়া মন্দিৰত উঠিব নোৱাৰি। কিন্তু সোঁতত উজাই যোৱা টান কথা। সোঁতেৰে সৈতে যুদ্ধ কৰিহে উজাব পাৰি, সেই দেখি মানুহে জীৱনটোক জীৱন-যুদ্ধ বোলে। যুদ্ধত এজন সাৰথি নহ’লে জয়লাভ কৰিব নোৱাৰি, সেইদৰে জীৱন-যুদ্ধতো এজন সাৰথি নহ’লে জয়লাভ কৰিবলৈ টান। এই পুথিখনত জীৱন-যুদ্ধৰ আও-ভাও, আঁত-গুৰি, আৰু কৌশলবিলাক বুজাই দিবলৈ চেষ্টা কৰা হৈছে, সেইদেখি ইয়াৰ নামো সাৰথি থোৱা হৈছে। জীৱন-যুদ্ধৰ কৌশলবিলাক ব্যাখ্যা কৰাত শুৱলা হৈছে নে নাই, সেই কথা ৰাইজে বিচাৰ কৰিব, কিন্তু আমি সিবিলাকক জনাই থ’ব খোজোঁ যে পুথিখনত মনেৰে ভাবি ধৰা কোনো কথা লিখা হোৱা নাই। যি কথা নিজৰ জীৱনত ফলিয়াইছে, আৰু আনৰ জীৱনত ফলিৱা দেখিছোঁ, তাকেহে মাথোন ইয়াত ঠাই দিয়া হৈছে। পুথিখনে যদি আমাৰ উঠি-অহাবিলাকৰ জীৱন-যুদ্ধত সাৰথি হৈ একনিষ্টামানো সহায় কৰিব পাৰে, তেও আমি নিজক ধন্য মানিম।

 

সত্যনাথ বৰা

[ নিৰ্ঘণ্ট ]

নিৰ্ঘণ্ট

প্ৰথম ভাগ

মনুষ্য জীৱনৰ লক্ষ্য

বিদ্যা

পুথি অধ্যয়ন

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

বস্তু বিজ্ঞান অধ্যয়ন১০

বিশ্ব অধ্যয়ন১২

দেশ ভ্ৰমণ১৫

চিন্তা১৭

দ্বিতীয় ভাগ

চৰিত্ৰ২০

দয়া২১

ন্যায়শীলতা২৪

লোভ২৮

অহঙ্কাৰ৩০

মিছালি৩৩

চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা৩৫

অন্যৰ প্ৰতি ব্যৱহাৰ৩৭

[ নিৰ্ঘণ্ট ]

তৃতীয় ভাগ


কৰ্ম্ম৪১

শ্ৰম৪৪

উৎসাহ৪৭

অভ্যাস৪৯

ছেগ৫২

হামাহি৫৪

প্ৰতিজ্ঞা৫৭

কৰ্ত্তব্য জ্ঞান৫৯

ধনৰ ব্যৱহাৰ৬২

ৰাগীয়াল বস্তু৬৯


চতুৰ্থ ভাগ


স্বাস্থ্য৭৭

বাসৰ ঠাই৭৮

বাসৰ ঘৰ৭৯

ভোজন৮১

শয়ন৮৪

শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা৮৫

ব্যায়াম৮৭

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )