পাতনি
⸺:(*):⸺
উদ্গতি সাধন মনুষ্য জীৱনৰ মূল মন্ত্ৰ, আৰু সংসাৰ কৰ্ম্মক্ষেত্ৰ, এই ক্ষেত্ৰত যি নিজৰ আলম লৈ পুৰুষাৰ্থ কৰি সম্পদ লাভ কৰিব পাৰে, আৰু ডাঙ্গৰ হয়, সি ধন্য, যি নোৱাৰে তাক কোনেও মানুহ বুলি লেখত নধৰে। কিন্তু সংসাৰ বৰ একাচেকা ঠাই। ই এটা যুদ্ধৰ বেহু, ইয়াত সদায় দল্দোপ্ হেন্দোল্দোপ্ লাগি আছে। ইয়াৰ ভিতৰত বাট, আওবাট, সৰ, সুৰুঙ্গা ভৰি আছে তাৰ কোনটোৱে গ’লে কত ওলাব পাৰি ঠাৱৰিবলৈ টান। সেই দেখি সৰহ ভাগ মানুহে উৱাদিহ নাপাই সংসাৰ-সোঁতত গা এৰি দি উটি যায়, আৰু সোঁতে নি যতে তোলে ততে উঠে। কিন্তু সোঁত বুলিলেই নামনিলৈ বয়, এতেকে সোঁতত গা এৰি দিলে মানুহ নামনিৰ ফাললৈহে যায়, ওপৰলৈ উজাব নোৱাৰে। উদ্গতিৰ মোহন মন্দিৰ সোঁতৰ উজনিত, উজাই নগ’লে সেই বিনন্দ-বিলাস অময়া মন্দিৰত উঠিব নোৱাৰি। কিন্তু সোঁতত উজাই যোৱা টান কথা। সোঁতেৰে সৈতে যুদ্ধ কৰিহে উজাব পাৰি, সেই দেখি মানুহে জীৱনটোক জীৱন-যুদ্ধ বোলে। যুদ্ধত এজন সাৰথি নহ’লে জয়লাভ কৰিব নোৱাৰি, সেইদৰে জীৱন-যুদ্ধতো এজন সাৰথি নহ’লে জয়লাভ কৰিবলৈ টান। এই পুথিখনত জীৱন-যুদ্ধৰ আও-ভাও, আঁত-গুৰি, আৰু কৌশলবিলাক বুজাই দিবলৈ চেষ্টা কৰা হৈছে, সেইদেখি ইয়াৰ নামো সাৰথি থোৱা হৈছে। জীৱন-যুদ্ধৰ কৌশলবিলাক ব্যাখ্যা কৰাত শুৱলা হৈছে নে নাই, সেই কথা ৰাইজে বিচাৰ কৰিব, কিন্তু আমি সিবিলাকক জনাই থ’ব খোজোঁ যে পুথিখনত মনেৰে ভাবি ধৰা কোনো কথা লিখা হোৱা নাই। যি কথা নিজৰ জীৱনত ফলিয়াইছে, আৰু আনৰ জীৱনত ফলিৱা দেখিছোঁ, তাকেহে মাথোন ইয়াত ঠাই দিয়া হৈছে। পুথিখনে যদি আমাৰ উঠি-অহাবিলাকৰ জীৱন-যুদ্ধত সাৰথি হৈ একনিষ্টামানো সহায় কৰিব পাৰে, তেও আমি নিজক ধন্য মানিম।
সত্যনাথ বৰা