মহন্তসবক পুত্ৰ কৰি ৰাখিলে। পাচে বৈকুণ্ঠে পয়ান কৰিতে পাঠেক গোসাঞিক পাতি গৈল দেখি বনমালীদেৱে অপমান কৰি বেহাৰে যাই দেৱ দামোদৰত কৈল। দামোদৰে বোলে তুমি ঠাকুৰ দ্বাৰে যাই ভাগবত পঢ়ি আহা। এই আজ্ঞা শুনি ঠাকুৰ দ্বাৰে যাই অল্পকালতে ভাগৱত পঢ়ি পুনু বেহাৰে যাই দেৱ দামোদৰক ভাগৱত শুনাইলে; পাচে দামোদৰে ভাগৱতত নিপুন দেখি বোলে বনমালী তুমি শুকদেৱ আসিছা কিন্তু গোপালৰ পো নহৱা মোৰহে পো; এই বুলী চূটক বনমালী নাম দি সৌমাৰ দেশৰ দ্বিতীয় আচাৰ্য্য পাতি পঠাইলা। পাচে বনমালীদেৱেও দেৱ দামোদৰৰ আজ্ঞাএ আসি দক্ষিণ-পাটত সত্ৰ কৰি জয়ধ্বজ, চক্ৰধ্বজ প্ৰমুখে ৰাজা সবক ভক্ত কৰাইলা। সেই দিনৰ পৰা হৰিভক্ত হুই ৰাজা সবে দেৱ দেৱালয় সভা প্ৰতিপাল কৰি সুখে ৰাজ্যভোগ কৰি আছে। হে নৰনাৰী সব দেখা চৈতন্যৰ চৌষষ্ঠি মহন্তৰ মধ্যত মুখ্য দামোদৰ হুই তান বৰে তিনি পীঠত পূজ্য হুই ভক্তিকল্পতৰু প্ৰাই ভৈল। এতেকে আগে চৈতন্যে ৰুইল, শঙ্কৰে পালিল, শিষ্য প্ৰশিষ্যৰূপে স্কন্ধ শাখা