বুলি বৰ ভীত ভৈল। সেই বেলা বংশী গোপালদেৱ লোহিত্যৰ কাষে হাবিত পলাই আছিল; তাতে গোবিন্দঠাকুৰে মগনীয়া ব্ৰাহ্মণৰূপে ভিক্ষা খুজিবাক গৈলা। বংশী গোপালে দেখি বাহা বিচাৰি, চাৰি মুঠি চাউল দি চৰিয়া বুলি পচে পাচে গৈল। পাচে পন্থত দেখে নাই। পাচে বংশী গোপালে নিশ্চয় কৰিবে নাপাৰি শঙ্কিত ভৈল। পাচে সেই নিশাত গোবিন্দঠাকুৰে স্বপ্ন দেখাই বোলে বংশী গোপাল, ভিক্ষুকৰূপে মঞি দিনত গৈছিলো। তঞি আৰ ভয় নকৰিবি। পাচে সেই নিশা ৰাজাকো স্বপ্ন দেখাই বোলে মোৰ গোপালক দুখ দিয়স যদি, তোক নেৰিম। এই স্বপ্ন ৰাজা দেখি প্ৰাতেসে উঠি বোলে হিন্দুৰ-দেৱ গোপাল বামুন কৈত আছে নিৰ্ভয় দি বিচাৰি আন। পাচে চবিয়াই যাই লোহিত্যত বিচাৰি পাই নিৰ্ভয় দি আনিব ধৰিলে; পাঁচে বংশীগোপালে আউনিহাটীক পাই আৰ উজাই নাহে। পাচে ৰাজা তৈতে সত্ৰ বান্ধি দি পাতিলে। পাচে বংশী গোপালক বালিৰ পৰা তুলি আনি সত্ৰত থাপিলে। পাচে স্বৰ্গ ৰাজাও বংশীগোপালৰ ঠাই শৰণ লৈ ভক্তীয়া হৈল। পাচে আধাৰ যদুমণি প্ৰমুখে আনো
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫৭
অৱয়ব