পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাদশ অধ্যায়৷

দামোদৰী সম্প্ৰদায় প্ৰকাশ।

 এখন দামোদৰে তিনি পীঠত চাৰি আচাৰ্য্য পাতি যি ক্ৰমে পাতিলে তাক শুনা। পাচে দেৱ দামোদৰে বলদেৱক পুত্ৰ বোধে ৰাখি, ৰত্ন পীঠত আচাৰ্য্য পাতিলা। পাচে আধাৰ যদুমণি সমে বংশী গোপালক সৌমাৰ পীঠৰ আচাৰ্য্য পাতি পঠাইলা। কামপীঠৰ দক্ষিণে সন্তদেৱক, উত্তৰে ভগৱানক, মধ্যত কবিৰত্নক আচাৰ্য্য পাতিলা। পাচে শ্ৰীকৃষ্ণ দেৱে সহিতে কবিৰত্নদেৱৰ কন্দল ভৈল। এই বাৰ্ত্তা বলোৰাম বৈৰাগীৰ মুখে বেহাৰে দামোদৰে শুনি বোলে যি জনে মোক মনৰ প্ৰিয় বস্তু দি তুষ্ট কৰে তাক সত্ৰত পাতিম। এই কথা বলোৰাম বৈৰাগীত কৈ পঠাইলা। পাচে শ্ৰীকৃষ্ণদেৱে অনেক উপায়ন বস্তু দি পঠাইলে; কবিৰত্নদেৱে কথাভাগৱত ৰচি দিলে। পাচে দামোদৰে লক্ষ্মীনাৰাণ ৰাজাৰ আগত কথাভাগৱত মেলি চাই, এই মোৰ শাশ্বত প্ৰিয়বস্তু, আতে সন্তুষ্ট ভৈলো। শ্ৰীকৃষ্ণ ভাতিজাৰ দিয়া