অশাশ্বত বস্তু; এই বুলি কবিৰদেৱক ভাগৱতভট্ট নাম দি ফিৰি বলোৰামকে পঠাই পাটবাউসীত মালাদি থাপিলে। পাচে শ্ৰীকৃষ্ণদেৱে অপমান কৰি তৈৰ পৰা গৈল। এইৰূপে চাৰি দিশৰ চাৰি আচাৰ্য্য ঢোঙ্কাচল হৈলা; বাৰ মহন্তে ভৈল কেশাচল, ভাগৱত ভট্ট ভৈল মধ্যত মেৰুগিৰি প্ৰায়। প্ৰৱল হই পুনু বাৰজন মহন্ত পাতি দামোদৰৰ প্ৰৱৰ্ত্তনি বহু প্ৰকাশ কৰিলা। পাচে সৌমাৰ দেশত অভক্তীয়া অসম ৰাজা হুই, ভক্ত বৈষ্ণৱক দুখ দিয়ে দেখি ভয়তে সবে মহন্ত অন্তৰিল। পাচে ৰাজাৰ চৰিয়ায় বিচাৰি ফুৰন্তে কামৰূপত বৰ মুকুন্দক পালে। তাঞি নিত্যানন্দৰ শিষ্য; তাঞিকে মৌনী মুকুন্দ বোলে; পাচে তান হাত পায়ে ৰাজাৰ চিহ্ন দেখি চৰিয়ায় যাই ৰাজাত কৈলে। ৰাজা শুনি বোলে বিদেশী মহন্ত ভৈল; আমাৰ দেৱ কামাখ্যা দেখিব লাগে; এই বুলি ছল কৰি উজাই নি গড়গ্ৰামত কাটিলে। পাচে তান দেহৰ পৰা দুগ্ধ শ্ৰৱিল। সৌমাৰ পীঠত সাত দিন কম্পি আছিল। অভক্তীয়া ৰাজাও বৰ হোলোঙ্গাত ধৰি বোলে মুকুন্দ ইবাৰ মোক ৰাখা হিন্দুৰ দেৱ আছে বুলি নাজানো। এই
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫৬
অৱয়ব