পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য।

 মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য কামৰূপৰ আঠঘোৰীয়া গাৱত জন্মলাভ কৰিছিল। বাল্যকালত নিজ দেশতে সামান্য মাত্ৰ ব্যাকৰণ শিক্ষা কৰি কোচবিহাৰৰ স্বৰ্গীয় সিদ্ধনাথ বিদ্যাবাগীশ মহাশয়ৰ ওচৰত ব্যাকৰণ আৰু কাব্য-শাস্ত্ৰ পাঠ কৰিছিল। লৰাকালৰপৰাই ধীৰেশ্বৰৰ হৃদয়ত কবিত্ব গুণ প্ৰকাশিত হৈছিল। পাঠ্য অৱস্থাতেই তেখেতে সংস্কৃতত কবিতা লেখিছিল আৰু সংস্কৃত ভাষাত আলাপ কৰিছিল। অনেক সময়ত পাঠ্য বিষয়ত মন নিদি কেৱল কবিতাৰ ফালে আশক্তি বঢ়োৱাৰ কাৰণে অধ্যাপকসকলে তেখেতক বৰ ভাল নাপাইছিল। বিদ্যাবাগীশ মহাশয়ে ধীৰেশ্বৰৰ এই অলৌকিক প্ৰতিভাৰ তত্ত্ব বুজি পাই তেখেতক বিশেষৰকমে সেই কাৰ্য্যত উৎসাহিত কৰিছিল। কিন্তু সংসাৰ-ঝাঞ্ঝাবাতৰ প্ৰৱল বেগ সহিব নোৱাৰি অকালতে ধীৰেশ্বৰ শিক্ষা-বৃক্ষৰ ভাগৰপৰা সৰি পৰিবলগীয়া হল। কৰ্ম্মময় সংসাৰত সোমাইয়েই তেখেত নগাৱঁৰ হাইস্কুলৰ সংস্কৃত শিক্ষকৰ কামত নিযুক্ত হয়। তাত অলপ দিন থকাৰ পাচতেই আউনিআটি সত্ৰৰ স্বৰ্গীয় অধিকাৰ দত্তদেৱ গোস্বামীৰ লগত তেখেতৰ দেখা হয়। গোস্বামী মহোদয় নিজে এজন বিচক্ষণ পণ্ডিত আৰু কবি আছিল। তেখেতে ধীৰেশ্বৰৰ প্ৰতিভাৰ পৰিচয় পাই আৰু ধীৰেশ্বৰৰ সুকোমল সংস্কৃত-আলাপ শুনি