সম্ভৱতঃ/ডঁৰিয়ালিত জোনাক

ৱিকিউৎসৰ পৰা
[  ]


ডঁৰিয়লিত
জোনাক


 ব-ৰ মৰ্মস্পৰ্শী আছিল সেই দৃশ্য!

 পাণবজাৰৰ বাছষ্টপত মই প্ৰথম দেখিছিলো ছোৱালীজনীক। শতচ্ছিন্ন ঢিলা ফ্ৰক এটাৰ মাজেৰে প্ৰায় উন্মুক্ত হৈ আছিল তাইৰ বুকুৰ উঠন অংগ আৰু ফ্ৰকটোৰ আঁৰত তাইৰ গৰ্ভদেশ কলহ এটাৰ দৰেই স্ফীত হৈ আহিছিল।

 তৎপৰ হৈ উঠিছিল মোৰ কেমেৰা। স্ফীত কলহৰ মাজত জীৱনৰ উপস্থিতিয়ে তাইক আলোকচিত্ৰ এখনৰ বিষয়বস্তু কৰি তুলিছিল। সন্ধ্যাৰ ব্যস্ত পদপথত নিৰ্বিকাৰভাৱে দণ্ডায়মান সেই বলীয়া কিশোৰী আবদ্ধ হৈ পৰিছিল মোৰ ৯০ হেজাৰ টকীয়া ডিজিটেল কেমেৰাটোত। ....বাতৰি কাকতৰ শেষ পৃষ্ঠাত প্ৰকাশ পোৱা আলোকচিত্ৰখনৰবাবে সম্পাদকে মোক প্ৰশংসা কৰিছিল। ষ্টাফৰ সমুখত কাকতখন দাঙি ধৰি ধেমেলীয়া সুৰেৰে ছাৰে কৈছিল, ‘অনুভাৰ সুমতি হৈছে। গছবন এৰি এইবাৰ মানুহৰ ছবি তোলা কৰিছে। ৰিয়েলিষ্টিক। গুড।’

 সেইদিনা অশোকাত ধোঁৱাই থকা কফিৰ কাপ আগত লৈ মোক বৰ টান কথা শুনাইছিল অনিৰ্বাণে। মই হেনো অনুভূতিহীন হৈ পৰিছো। সস্তীয়া প্ৰশংসা আৰু বাঃবাঃৰ আশাত মই পণ্য কৰি তুলিছো মোৰ সংবেদনশীলতাক। ‘তই যদি ফটোখন তোলাৰ পাছতো ছোৱালীজনীৰ গালৈ কাপোৰ এখন দলিয়াই থৈ আহিলিহেঁতেন মই তোক মানুহ বুলি ক’লোহেঁতেন।’ অনিৰ্বাণে কৈছিল। বৰ কৰ্কশ আৰু শ্লেষপূৰ্ণ আছিল তাৰ কথাকেইষাৰ।

 ......... আৰু কি এক অপৰাধবোধত, কি এক তাড়নাত সেইদিনা আবেলিয়েই মই উপস্থিত হৈছিলোগৈ বাছ ষ্টপটোত। ছোৱালীজনী তেতিয়া তাত নাছিল।

 ঘটনাটোৰ কথা মই পাহৰি পেলালো। এয়াই স্বাভাৱিক আছিল। শীতৰ আবেলিৰ ঠেটুৱৈ লগা জাৰৰ অভিজ্ঞতা গ্ৰীষ্মৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠালীত বহি পাহৰি যোৱা যায়। বৰ্ষাৰ বোকা-পানীৰ কথা শৰতৰ নিৰ্মেঘ-সুনীল আকাশৰ তলত থিয় হৈ মনত পেলোৱা যায় জানো! নাযায়, আৰু এয়াই স্বাভাৱিক। বিস্মৃতিৰ এই স্বাভাৱিক প্ৰক্ৰিয়াত স্বাভাৱিকভাৱেই লীণ হৈ আছো আপুনি, মই, অনিৰ্বাণ, আমি সকলো। নহয় জানো?

 ইতিমধ্যে কেৰিয়াৰক লৈ মই খুব সচেতন হবলগীয়া হৈছিল। ফটো জাৰ্ণেলিষ্ট হিচাপে নিজৰ পৰিচিতি গঢ়াটো নিঃসন্দেহে কষ্টসাধ্য। বিশেষকৈ ছোৱালী এজনীৰবাৰে। চিমেট্ৰি, চৰৰ কঁহুৱা, [ ১০ ] ৰেড লাইট এৰিয়াৰ নিষিদ্ধ জীৱন —এই সকলোৰে মাজত মই ঘূৰিবলৈ আৰম্ভ কৰিছিলো মৰ্মস্পৰ্শী আলোকচিত্ৰৰ সন্ধানত। কেতিয়াবা মোৰ সংগী হৈছিল অনিৰ্বাণ। ৰাষ্ট্ৰীয় কাকত এখনৰ উত্তৰ-পূবৰ সংবাদদাতা অনিৰ্বাণৰ উদ্দেশ্য আছিল অগতানুগতিক ‘হিউমেন ষ্ট'ৰী'ৰ সন্ধান কৰা।

 মোৰ প্ৰথম আৰু প্ৰধান নিচা আছিল প্ৰকৃতি। মূলতঃ জন্মদিনত দেউতাই উপহাৰ হিচাপে দিয়া কেমেৰাটোৰ পৰাই জীপ লৈ উঠিছিল ফটোগ্ৰাফীৰ নিচা। গুলঞ্চৰ লঠঙা ডাল, ফুলত পৰি থকা পখিলা, গছৰ ডালত পৰি থকা ভাটো, মৰনৈৰ পাৰৰ অকলশৰীয়া গছজোপা—এইবোৰেই আছিল মই কৈশোৰত তোলা প্ৰথম পৰ্যায়ৰ ছবি। তাৰ পাছৰ পৰ্যায়ত সৰিয়হ ফুলৰ ফটো তোলাৰ বাবে বিশ্বনাথ ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈছো। সূৰ্যাস্তৰ মনোমত ফটো এখন তুলিবৰ বাবে দিনৰ পাছত দিন উমানন্দৰ নৈপৰীয়া শিলত বহি ৰৈছো ঘণ্টাৰ পাছত ঘণ্টাজুৰি।

 কিন্তু, বাতৰি কাকতৰ ফটোগ্ৰাফাৰ হিচাপে টিকি থাকিবলৈ এইখিনি কামেই যথেষ্ট নহয়। বৰঞ্চ বহুবাৰ মই সম্পাদকৰ গালি খাইছো, ৱাৰ্নিঙো। ‘তুমি কেমেৰা এৰি কবিতা লিখা কৰা’— এই ইয়াৰ্কিও শুনিছো।

 তাৰ পাছত জীৱনৰ পাছে পাছে দৌৰিছো। ভাববিলাসী কবিতাৰ জীৱন নহয়, ফুটপাথত পৰি ৰোৱা নিৰন্ন জীৱন। দোকালটকা জোনাকৰ আঁৰত সাৰ পাই উঠা নিশাৰ লোমহৰ্ষক জীৱন। নোটৰ বাণ্ডিলৰ চক্‌চকনিত জিলমিলাই উঠা কদৰ্য জীৱন!

 ....এটা বস্তিত সোমাইছিলো। লগত অনিৰ্বাণ। মহানগৰীৰ উৰণীয়া সেঁতুৰ তলৰ বস্তিটো ওপৰে ওপৰে চালে সন্ধ্যাতে শুই পৰা যেন লাগে। নিয়ন লাইটৰ উন্নাসিক উজ্জ্বলতাৰ মাজতো নিষ্প্ৰদীপ হৈ থকা বস্তিৰ শাৰী শাৰী সৰু সৰু ঘৰবোৰ কিবা যেন আখজা! খাপ নোখোৱা ধৰণৰ পকেটমাৰ, ঠেলাৱালা, দেহোপজীৱিনীৰে ভৰি থকা বস্তিটোত বাস কৰা ৰুগীয়া বৃদ্ধ এজনৰ লগত আমি কথা পাতিছিলো। তিনিখন চকচকীয়া পঞ্চাশটকীয়া নোটৰ বিনিময়ত পলিথিনেৰে সজাঁ তেওঁৰ ঘৰ (!) টোত বহিবলৈ বৃদ্ধই আমাক অনুমতি দিছিল।

 ...... এই বস্তিত দহ-বিশ টকাত বিক্ৰী হয় দেহোপজীৱিনীৰ শৰীৰ। স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি ট্ৰাক ড্ৰাইভাৰলৈকে বস্তিৰ নাৰীবোৰৰ খৰিদ্দাৰ। আমিবহি থকা পলিথিনৰ চালিখনৰ তলত ইটাৰ এটা সৰু চৌকা, দুফালে দুটা বস্তা, সম্ভৱতঃ বৃদ্ধৰ পৰিয়ালৰ বিছনা। খেকাৰ, শেঙুনেৰে অপৰিষ্কাৰ বস্তা এখনত আমি বহি পৰিলো। পাছফালৰ নৰ্দমাটোৰ পৰা পচা জাবৰ আৰু বিষ্ঠাৰ অকটা গোন্ধ ভাঁহি আহিছিল। বৃদ্ধই অনিবাৰ্ণৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আৰম্ভ কৰিলে.....। কেইমিনিটমানৰ পাছতে বুকুত কেঁচুৱা এটা সামৰি বৃদ্ধৰ গাভৰু আবিয়ৈ জীয়েক সোমাই আহিল। এই ছোৱালীজনীৰ দেহ বিক্ৰী কৰা টকাৰ ওপৰতে সংসাৰ চলে বুলি বৃদ্ধই আমাক কৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে ইমান কাষৰ পৰা এজনী দেহোপজীৱিনীক মই দেখা পালো।

 আমি দিয়া নোটকেইখন ছোৱালীজনীৰ ফালে আগবঢ়াইদি বৃদ্ধই তাইক কিবা এটা বুজালে। মই লক্ষ্য কৰিলো ছোৱালীজনীৰ চকু দুটা গভীৰ আৰু নৈৰ্ব্যক্তিক। একেবাৰে দ্বিধাহীনভাৱে সমুখৰ বস্তাখনত বহি পৰি আমাৰ সমুখতে কান্দি থকা কেচুৱাটোক গাখীৰ খুৱাবলৈ আৰম্ভ কৰিলে ছোৱালীজনীয়ে।

 মই যথেষ্ট বিব্ৰত হ'লো। অনিৰ্বাণ নিৰ্বিকাৰ। খন্তেকপৰ মাক আৰু কেঁচুৱাৰ ফালে মুগ্ধ দৃষ্টিৰে চাই সি পুনৰ বৃদ্ধৰ লগত কথা পাতিবলৈ ধৰিলে। কণমানি ৰেকৰ্ডাৰটোত সি বাণীবদ্ধ কৰি গ'ল বৃদ্ধৰ মুখ নিঃসৃত নিষিদ্ধ গলিৰ গাথা, বিচক্ষণ সাংবাদিকৰ অনুসন্ধিৎসাৰে।

[ ১১ ]

 গাভৰু মাকৰ পিয়াহ মুখত লৈ একান্তমনে চুহিছে কেঁচুৱাটোৱে। মানুহজনীৰ সৰ্বশৰীৰৰ পৰা ঘাম আৰু ময়লাৰ মিশ্ৰিত গোন্ধ এটা ওলাইছে। অবাক হৈ মই চাই ৰ’লো নিষিদ্ধ গলিৰ এজনী সস্তীয়া মানুহৰ শৰীৰী সম্ভাৰ। তাই যেন সামান্য টোপনিয়াইছে। খহটা ক’লা ছালৰ মানুহজনীৰ শৰীৰটো আটিল। ক্ষুধা আৰু দাৰিদ্ৰই তাইৰ শৰীৰক এতিয়াও নিঃস্ব কৰি তোলা নাই। কেঁচুৱাটোক গাখীৰ খুৱাওতে ব্লাউজৰ ফাকেৰে উন্মুক্ত হৈ থকা তাইৰ বুকুখন স্পষ্টকৈ মোৰ চকুত পৰিল। অস্বাভাৱিকভাৱে ভৰুণ। ৰঙা-ক’লা কিছুমান সাঁচ স্পষ্টকৈ জিলিকি আছে। বোধহয় দাঁতৰ। মই জিকাৰ খাই উঠিলো।

 মই এটা স্নেপ ল’ব বিচাৰিলো। ‘জীৱন আৰু দৰিদ্ৰতা’ শীৰ্ষক এখন আলোকচিত্ৰ প্ৰদৰ্শণীৰ বাবে প্ৰস্তুত হৈছো মই। মানুহজনীৰ চকু-মুখ-চুলি,বহাৰ ভংগী আদিত ব্যাপ্ত হৈ আছে দৰিদ্ৰতাৰ চিৰন্তন ছবি এখন। দুচকুৰ নৈৰ্ব্যক্তিকতা আৰু কোলাৰ কেঁচুৱাটোৱে ছবিখন অধিক মৰ্মস্পৰ্শী কৰি তুলিছিল।বহুতবুজোৱাৰ পাছত এশ টকাৰ বিনিময়ত সেই অৱস্থাতে স্নেপ এটা ল’বলৈ দিবলৈ তাই মান্তি হ’ল।

 অনিৰ্বাণৰ কথা পতা শেষ হৈছিল। আৰু অধিক তথ্য আৰু আলোকচিত্ৰৰ বাবে আমি ঘৰটোৰ পৰা ওলাব খুজিলো। তেতিয়া সন্ধ্যা চাৰে সাত বাজিছিল। আমি বহাৰ পৰা উঠিব ধৰোতেই পলিথিনৰ চালিখনৰ ওপৰত লাঠী এডালেৰে টুকুৰিয়াই কৰ্কশ কণ্ঠেৰে মাতিলে কোনোবাই— ‘ৰাবিয়া, ৰাবিয়া—’

 মোৰ সমুখত কেচুৱাক পিয়াহ খুৱাই থকা মানুহজনী সচকিত হৈ উঠিল। কেঁচুৱাটোৰ মুখৰ পৰা পিয়াহটো আজুৰি আনি শাৰীখন গাত মেৰিয়াই তাই খৰধৰকৈ ওলাই গ’ল।বস্তাত-পৰি ৰোৱা কেঁচুৱাটোৱে ঢেঁটু ফালি চিঞৰিছিল। ..... মোৰ সমুখত এয়া এক নিষ্পাপ মানৱ সন্তান। কিন্তু, ক্ৰন্দনৰত শিশুটো বুকুত সাবটি নিচুকাবলৈ মই সাহস কৰিব নোৱাৰিলো। কেঁচুৱাটোৰ হাত- ভৰিত দগ-দগীয়া ঘা। তেঁজ-পূঁজ ওলাই আছে। নাকৰ শেঙুন বৈ আহিছে ডিঙিলৈকে। ঘৃণাৰ অনুভূতিয়ে মোৰ মমতাক গাপ দি ৰাখিলে আৰু লগে লগে মই নিজকে ধিক্কাৰ দিবলৈ আৰম্ভ কৰিলো। আৰু মোক লজ্জিত কৰি সংকোচহীনভাৱে অনিৰ্বাণে কেঁচুৱাটো দাঙি ল’লে৷ দুহাতেৰে জোকাৰি জোকাৰি সি কেঁচুৱাটোক নচুৱাবলৈ ধৰিলে। সঁচাকৈয়ে অলপ সময়ৰ পাছত কেঁচুৱাটোৰ কান্দোন বন্ধ হৈ গ’ল।


 বাহিৰত কাৰোবাৰ সৈতে তৰ্ক কৰিছিল ৰাবিয়াই। আমি এতিয়াহে শুনিবলৈ পালো। কৰ্কশ কোনো পুৰুষ কণ্ঠই হুংকাৰ দিছিল—‘ছালী ৰেণ্ডী, এতিয়া নগ’লে হ’ব! টানি লৈ যাম (অশ্লীল)। এডভান্স ল’বি, আৰু পাছত......!’

 ‘না–না—আজ চাৰ দে আমাকে।বাচ্ছাটোৰ বেমাৰ আছে।’ কান্দো কান্দো মাতেৰে অনুনয় কৰিলে ৰাবিয়াই।

 মই ওলাই যাব খুজিছিলো। অনিৰ্বাণে মোক টানিবহুৱাই দিলে।

 ‘ছালীব’ল — নহলে কাইলৈ ঘৰ এৰিব লাগিব (অশ্লীল)। শিয়াল-কুকুৰে তোৰ বাচ্ছা টানি খাব’।

 ৰাবিয়াৰ উচুপনিবুটজোতাৰ শব্দৰ লগত লাহে লাহে দূৰলৈ আঁতৰি গ’ল। ৰাবিয়াৰ দেউতাকলৈ চালো—পৰম তৃপ্তিৰে অনিবাৰ্ণৰ পৰা খুজি লোৱা চিগাৰেট হুপিছে। বৃদ্ধৰ পৰা জানিলোঁ— সেইজন পুলিচ। বহুকেইজন পুলিচে এনেদৰে বস্তিৰ মাইকী মানুহক কেতিয়াবা ৰাতি লৈ যায়। [ ১২ ] যাব নুখুজিলে বস্তিৰ পৰা খেদি দিয়াৰ, ধাণ্ডা বন্ধ কৰি দিয়াৰ হুমকি দিয়ে। সিহঁতে বিচাৰিলেই ৱেমাৰী গিৰীয়েক, পিয়াহ খাই থকা কেঁচুৱাক এৰি গুচি যাব লাগে মাইকী মানুহবোৰ।

 উভটি আহোতে গোটেই চহৰখনকে মোৰ ৰুগ্ন যেন লাগিছিল। পথত চলি থকা চিকচিকীয়া নতুন মডেলৰ গাড়ীবোৰ, ওখ ওখ বিল্ডিংবোৰ, সদৃশ্য হোটেল-ৰেষ্টুৰেণ্ট, দামী সাজ-পাৰ পিন্ধা মানুহবোৰ—সকলোতে যেন বিয়পি আছে জটিল ৰোগৰ বীজাণু। যেন আমি সকলো আক্ৰান্ত হ’ব ধৰিছো ক্ৰমে ক্ৰমে...! মোৰ মৌনতাকব্যংগ কৰি অনিৰ্বাণে কৈছিল—‘জীৱন এয়াহে অনুভা! সোণাৰু, কৃষ্ণচূড়া, নদীৰ ঢৌ কিমান চাবি আৰু? সেইবোৰ আচলতে ৰিয়েল লাইফৰ মুখামুখি হ’ব নোখোজা এছকেপিষ্টৰহে উপভোগৰবস্তু।’

 ‘আমি কনিষ্টবলজনকবাধা দিব পাৰিলোহেঁতেন।’ মই স্বগতোক্তি কৰিলো।

 ‘সিহঁতৰ জীৱনৰ স্বাভাৱিক গতিত মুহূৰ্তৰ বাৰে হস্তক্ষেপ কৰি তই একো কৰিব নোৱাৰ অনুভা। আজি আমি বাধা দিলেও কাইলৈ একেখিনি ঘটনাই পুনৰ ঘটিব। — এইবোৰ মানুহৰ জীৱন-শৈলীৰ স্থায়ী পৰিৱৰ্তন ঘটাব নোৱাৰিলে মাজত হস্তক্ষেপ কৰি কোনো লাভ নাই। হিতে বিপৰীতহে হ’ব। আমাৰ কাম সমস্যাখিনি ফ’কাছ কৰা। সেয়া আমি কৰিম। বাকীবোৰ–’ অনিৰ্বাণৰ পাছৰ কথাখিনি মই নুশুনিলো। এই মুহূৰ্তত যেন মোৰ চেতনাৰ নিভৃতত হাত- ভৰি এছাৰি কান্দি উঠিছে কেঁচুৱাটোৱে! আঃ কি কৰিছে ৰাবিয়াই, কেঁচুৱাটোৰ মাকে! ভাগ্যৰ ওচৰত আত্ম সমৰ্পণত অভ্যস্ত মানুহজনীয়ে ধৰ্ষিতা হ’বলৈ স্বেচ্ছাই এৰি দিছে চাগে’ নিজৰ ৰক্ত- মাংসৰ শৰীৰটোক। ... আৰু ... আৰু তাইৰ সেই ভৰুণ স্তন!এটা হাতেৰে এটা স্তন খামুচি ধৰি আনটো স্তন শুহি থকা কেঁচুৱাটোৰ সেই তৃপ্ত ভংগিমা! নিশ্চয় মাতৃ- ৰসেৰে পূৰ্ণ সেই বক্ষ এতিয়া পিষ্ট হৈছে নিৰ্মমভাৱে।

 ‘আ-হ’ মোৰ মুখৰ পৰা যন্ত্ৰণাৰ এটা অস্ফুট শব্দ ওলাই আহিল। মোলৈ কিছুপৰ চাই থাকি স্নেহ আৰু বিৰক্তিৰে অনিৰ্বাণে ক’লে, ‘তই আচলতে ফুল-তৰা-গানৰ কবিতা লিখা ছোৱালী আছিলি। খুব বেছি আৰামী চকীত বহি মাৰে হাতত তুলি দিয়া গাখীৰ খাই খাই সৰ্বহাৰাৰ কবিতা লিখিব লাগিছিল।— ভুলক্ৰমেহেতই ফটোগ্ৰাফাৰ হ’বলৈ আহিলি, আৰু পৰিলিহি প্ৰেছ মেডিয়াৰ পাল্লাত।

 ‘জীৱন আৰু দৰিদ্ৰতা’ই উচ্চ প্ৰশংসা পাইছিল। নিৰ্দিষ্ট বাতৰি কাকতখনৰ চাকৰি এৰি দি মই ফ্ৰী-লান্স কৰিবলৈ আৰম্ভ কৰিছিলো। ক্ৰমশঃ ঊৰ্ধ্বগামী হৈ আহিছিল মোৰ কেৰিয়াৰ ৷ আৰু মই সলনি হ’ব ধৰিছিলো—।

 খুব নিৰ্বিকাৰ হৈ মই ফুটপাথত পৰি ৰোৱা হাত-ভৰি নোহোৱা মানুহৰ ফটো ল’ব পৰা হ’লো। আনকি সিহঁতৰ সমুখত সিহঁতৰ দৰেই মুখ মেলি পৰি থকাবুভুক্ষ ভিক্ষা পাত্ৰক খুচুৰা নোহোৱাৰ অজুহাতত মই অভুক্ষ কৰি এৰি আহিছিলো। কোনো অপৰাধবোধ নাছিল।

 ডাষ্টবিনৰ জাবৰ খুচৰি খাদ্যৰ সন্ধান কৰা শিশুৰ ফটো তুলিছিলো। তাৰ পাছ মুহূৰ্ততে চিকেন- চাওৰ সোৱাদ লওঁতে সম্পূৰ্ণৰূপে পাহৰি গৈছিলো সিহঁতৰ কথা ৷

 ‘অফবিট’ ফটোৰ দ্বাৰা জীৱনৰ অন্য এটা ৰূপ ফুটাই তুলিবলৈ সক্ষম হোৱা বুলি মোৰ নাম হৈছিল। খ্যাতি আহিছিল।

 কিন্তু হঠাতে এদিন মই আৱিষ্কাৰ কৰিলো মোৰ সংবেদনশীল মনটো ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে। ম‍ই ক্ৰমশঃ হেৰুৱাব ধৰিছো মানুহক মানুহ কৰি ৰখা সেই চিৰন্তন বোধ৷ প্ৰকৃতিৰ অকপট [ ১৩ ] সান্নিধ্যৰ পৰিৱৰ্তে মোৰ প্ৰিয় হৈ উঠিছে ৰুক্ষ, কৰ্কশ, কিছুমান মৰ্মন্তুদ দৃশ্য। নহয় নহয়, সংবেদনশীলতাৰে নহয়, খ্যাতিৰ আপাহতহে মই এইবোৰ দৃশ্যৰ পাছে পাছে দৌৰিছো। এয়া যে আত্মাৰ তাড়নাবিহীন প্ৰতিযোগিতাৰ নিগনি দৌৰ! মই গভীৰভাৱে শংকিত হৈ উঠিলো।

 অনিৰ্বাণে কৈছিল—‘তই আচলতে নিজৰ মুখামুখি হ’বলৈ এৰি দিছ। ‘তই’ বুলি তই যাৰ মুখামুখি হৱ, সেয়া আচলতে তই নহয়, উচ্চাকাংক্ষা আৰু খ্যাতিৰ প্ৰলেপে ঢাকি ৰখা আন কোনোবাহে।’

*  *  *  *

 সি মোক এদিন মহানগৰীৰ পৰা বহু আঁতৰৰ এখন সৰু নদীৰ দাঁতিলৈ লৈ গ'ল। আপাতঃ শান্ত আৰু নিৰ্জন নিঃসৰ্গ! চকুৰে নমনা হোৱালৈকে কঁহুৱা আৰু কঁহুৱা। পানী যুঁৱলিত খেলিছে অচিন চৰায়ে। আকাশৰো উজ্জ্বল ৰূপ। বহুদিনৰ পাছত মুগ্ধ হৈ মই চাই ৰ’লো প্ৰকৃতিৰ এই বিনন্দীয়া সৌন্দৰ্য্যক। আকাশৰ নীলাত, বিস্তীৰ্ণ কঁহুৱাত, চৰাইৰ কাকলিত বিলীণ হবলৈ মোৰ মন গৈছিল।

 কাৰোবাৰ হাঁহি কাণত পৰিছিল। শিল ভাঙি নামি অহা পাৰ্বত্য জুৰিৰ দৰেই চঞ্চল সেই খিলখিল হাঁহি। আমি আগবাঢ়িলো হাঁহিটোৰ ফালে। নদীৰ পাৰতবালিঘৰ সাজিছে দুটি কণমানিয়ে। দেখিলেই বুজা যায় শিশু দুটি জনজাতীয় সম্প্ৰদায়ৰ। সিহঁতৰ ধেমালিত যেন সহযোগ কৰিছে এটি চৰায়ে। এবাৰ শিশু দুটিৰ হাতত, এবাৰবালিত খুটিয়াই দেও দি ফুৰা চৰাইটোৰ এখন ঠেঙত এটা সৰু পটি। চাই চাই হেঁপাহ নপলোৱা এটা দৃশ্য!

 আমাক দেখি প্ৰথমে অপ্ৰস্তুত হৈছিল শিশু দুটি। কিন্তু কেইমিনিটমানৰ পাছতে অনিৰ্বাণৰ তৎপৰতাত সিহঁত আমাৰ বন্ধু হৈ পৰিল। বালিঘৰ সাজিবৰ বাবে অনিৰ্বাণে লংপেণ্ট কোঁচাই ল’লে। খন্তেক পাছতে দোপাট্টা টানকৈ কঁকালতবান্ধি ময়োবালিঘৰ সাজিবলৈ আৰম্ভ কৰিলো...। আমাৰ দৰে দুজন চহৰীয়া ডেকা-গাভৰুক খেলাৰ সংগী হিচাপে পাই সিহঁতৰ আনন্দৰ সীমা নাছিল। আনকি মাজে মাজে চৰাইটোৱেও খুটিয়াবলৈ ধৰিলে আমাৰ হাতত।

 চৰাইটোক প্ৰথমে কঁহুৱাৰ মাজত ঠেং ভাগি পৰি থকা অৱস্থাত পাইছিল শিশু দুটিয়ে। ঘৰলৈ নি পাঁচদিন পৰিচৰ্যা কৰাৰ পাছত পুনৰ ইয়াতে চৰাইটোক এৰি গৈছিল সিহঁতে। কিন্তু, উৰিব পৰা হোৱাৰ পাছতো চৰাইটো গুচি নগ’ল। বৰঞ্চ, কান্ধত উঠি সিহঁতৰ লগতে গুচি গ’ল সিহঁতৰ ঘৰলৈ।

 এতিয়া পুৱা খাদ্য বিচাৰি উৰি যোৱা চৰাইটো হেনো বিয়লি পুনৰ উভটি আহে। সিহঁতৰ লগত নদীৰ পাৰত খেলে আৰু সিহঁতৰ লগতে ঘৰলৈ যায়। আচৰিত কাহিনী! মুগা-সেউজীয়া ৰঙৰ ঘৰঁচিৰিকা এটাতকৈ কিছু ডাঙৰ চৰাইটো কোন প্ৰজাতিৰ অনিবাৰ্ণ আৰু মই ধৰিব নোৱাৰিলো। শিশু দুটিয়ে তাৰ নাম দিছে ‘বুবি’।

 এসময়ত পশ্চিম দিশৰ শ্যামল পাহাৰ এখনত সোণালী ৰঙৰ ফাঁকু সিঁচি নৈ পৰীয়া গছ এজোপাৰ ফেৰেঙণিত ওলমি ৰ’ল বেলিটো। আমি দিয়া টফী খাই খাই ডঁৰিয়লিটোৰ ফালে গুচি গ’ল শিশু দুটি। ডঁৰিয়লিটোৰ পৰা কিছু দূৰত এলানি চাংঘৰ চকুত পৰিল। মোৰ মাজৰ সজাগ ফটোগ্ৰাফাৰ জন সাৰ পাই উঠিব খুজিলে।

 বেলি লহিয়াব ধৰিছে।..... দিগন্তত শুকুলা মেঘৰ পাল তৰা নাওবোৰে সোণালীবৰণ লৈছে। [ ১৪ ] তলত বিস্তীৰ্ণ কঁহুৱাৰ মাজত এখন নীলাভ একা-বেঁকা নদী। কঁহুৱা ফালি দিগন্তৰ ফালে ধাবমান প্ৰকৃতিৰ সান্নিধ্যত ডাঙৰ হোৱা দুটি শিশু.... লগত এটি প্ৰেমিক পখি ....

 মোৰ পাৰিপাৰ্শ্বিক নিঃসৰ্গৰ এই বিশালতৰ ৰূপৰ মাজত নিজকেবৰ ক্ষুদ্ৰ যেন লাগিল। এই স্নিগ্ধতাত, এই প্ৰশান্তিত নগণ্যতকৈও নগণ্য যেন বোধ হ’ল আমাৰ স্থিতি। ‘আঃ কি সুন্দৰ!’ যান্ত্ৰিকভাৱে মই কেমেৰা পোনালো।

 ‘এই বিশালতাক আৱদ্ধ কৰিব পৰাকৈ তোৰ কেমেৰা শক্তিশালী নহয় অনুভা, থৈ দে।’ হাতেৰে কেমেৰাটো আঁতৰাই দিলে অনিৰ্বাণে।

 কঁহুৱা ফালি গাড়ীলৈ উভটি আহোতে সি মোৰ হাতখন লাহেকৈ ধৰি আছিল।

 সন্ধ্যা প্ৰায় চাৰে-সাতবজাত আমাৰ গাড়ী মহানগৰীত সোমাল। আৰু সেই বিশেষ সন্ধ্যাটোতে পাণবজাৰৰ পদপথত মই প্ৰত্যক্ষ কৰিলো প্ৰায় ডেৰবছৰৰ আগতে দেখা সেই গৰ্ভৱতী বলীয়া কিশোৰীক।

 গাড়ী ৰখাই আমি নামি আহিলো। পদপথ সংলগ্ন ৱালত আউজি থিয় দি আছিল তাই। কোলাত ময়লা কাপোৰৰ এটা টোপোলা৷ টোপোলাটো তাই কেঁচুৱা লোৱাৰ দৰেবুকুত সাবটি আছে যদিও প্ৰকৃততে ফটা কাপোৰৰ সেই টোপোলাটোত কেঁচুৱা আছে নে নাইবুজা নাযায়। ছোৱালীজনীৰ অস্থি চৰ্মসাৰ শৰীৰৰ ঊৰ্ধ্বাংগত দুটা মঙহৰ লডা ওলমি আছে। জিলজিলিয়া ফটা ফ্ৰকৰ মাজেৰেব্ৰাবিহীন বক্ষত স্পষ্টকৈ জিলিকি আছিল শুকান মঙহৰ ৰূপ লোৱা তাইৰ স্তন। চুটি ফ্ৰকটোৱে শুকান খৰিৰ দৰে হোৱা তাইৰ উৰু ঢাকিবপৰা নাছিল। আৰু কি আশ্চৰ্য! তাইৰ ক্ষয়িষ্ণু শৰীৰটোত পুনৰ কলহৰ দৰে স্ফীত হৈ আহিছে তাইৰ গৰ্ভ! সমুখলৈ আঙুলি টোঁৱাই তাই অহৰহ গালি পাৰি আছে কাৰোবাক।

 ‘স্নেপল’বি?’ অনিৰ্বাণে সুধিলে।

 ‘ওঁহো! সকলো সময়তে জীৱন কেমেৰাত আৱদ্ধ হৈ নপৰে।’

  পাণবজাৰৰ সেই ব্যস্ত পদপথত আচম্বিতে মই ‘মোৰ’ মুখামুখি হ’লো। মোক ঢাকি ৰাখি সক্ৰিয় হৈ পৰা মোৰ মাজৰ সাংঘাতিক কেৰিয়াৰ সচেতন ফটোগ্ৰাফাৰজন মোৰ পৰা বিচ্ছিন্ন হৈ পৰিল আৰু ফুটপাথেৰে খোজকাঢ়ি ক’ৰবাত নেদেখা হৈ গ’ল।

 মই নিৰ্ভাৰ হৈ উঠিলো। স্বাধীন হৈ উঠিলো। এটা দিনৰ অনিৰ্বচনীয় অপূৰ্ব অভিজ্ঞতাই পুনৰ মোৰ মাজৰ ফুল-তৰা-গান আৰু আকাশ ভাল পোৱা ছোৱালীজনীক জগাাই তুলিব খুজিলে—

 কোনো চাপ নাই এতিয়া – কেৰিয়াৰ, প্ৰদৰ্শনী, প্ৰশংসা -! আনকি, মোৰ ক্ষণিক লজ্জাৰ বিনিময়ত পদপথত থিয় দি ৰোৱা বলীয়া কিশোৰীজনীৰ শৰীৰত আবুৰ দিব পৰাকৈ মই সাহসী হৈ উঠিলো।

 গাত লৈ থকা গুলপীয়া দোপাট্টাখন ছোৱালীজনীৰ গাত মেৰাই দি পথৰ দাঁতিত পাৰ্ক কৰি থোৱা অনিবাৰ্ণৰ গাড়ীলৈ মই দ্ৰুত খোজেৰে আগবাঢ়িলো।❐ ❐