পৃষ্ঠা:সম্ভৱতঃ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সান্নিধ্যৰ পৰিৱৰ্তে মোৰ প্ৰিয় হৈ উঠিছে ৰুক্ষ, কৰ্কশ, কিছুমান মৰ্মন্তুদ দৃশ্য। নহয় নহয়, সংবেদনশীলতাৰে নহয়, খ্যাতিৰ আপাহতহে মই এইবোৰ দৃশ্যৰ পাছে পাছে দৌৰিছো। এয়া যে আত্মাৰ তাড়নাবিহীন প্ৰতিযোগিতাৰ নিগনি দৌৰ! মই গভীৰভাৱে শংকিত হৈ উঠিলো।

 অনিৰ্বাণে কৈছিল—‘তই আচলতে নিজৰ মুখামুখি হ’বলৈ এৰি দিছ। ‘তই’ বুলি তই যাৰ মুখামুখি হৱ, সেয়া আচলতে তই নহয়, উচ্চাকাংক্ষা আৰু খ্যাতিৰ প্ৰলেপে ঢাকি ৰখা আন কোনোবাহে।’

*  *  *  *

 সি মোক এদিন মহানগৰীৰ পৰা বহু আঁতৰৰ এখন সৰু নদীৰ দাঁতিলৈ লৈ গ'ল। আপাতঃ শান্ত আৰু নিৰ্জন নিঃসৰ্গ! চকুৰে নমনা হোৱালৈকে কঁহুৱা আৰু কঁহুৱা। পানী যুঁৱলিত খেলিছে অচিন চৰায়ে। আকাশৰো উজ্জ্বল ৰূপ। বহুদিনৰ পাছত মুগ্ধ হৈ মই চাই ৰ’লো প্ৰকৃতিৰ এই বিনন্দীয়া সৌন্দৰ্য্যক। আকাশৰ নীলাত, বিস্তীৰ্ণ কঁহুৱাত, চৰাইৰ কাকলিত বিলীণ হবলৈ মোৰ মন গৈছিল।

 কাৰোবাৰ হাঁহি কাণত পৰিছিল। শিল ভাঙি নামি অহা পাৰ্বত্য জুৰিৰ দৰেই চঞ্চল সেই খিলখিল হাঁহি। আমি আগবাঢ়িলো হাঁহিটোৰ ফালে। নদীৰ পাৰতবালিঘৰ সাজিছে দুটি কণমানিয়ে। দেখিলেই বুজা যায় শিশু দুটি জনজাতীয় সম্প্ৰদায়ৰ। সিহঁতৰ ধেমালিত যেন সহযোগ কৰিছে এটি চৰায়ে। এবাৰ শিশু দুটিৰ হাতত, এবাৰবালিত খুটিয়াই দেও দি ফুৰা চৰাইটোৰ এখন ঠেঙত এটা সৰু পটি। চাই চাই হেঁপাহ নপলোৱা এটা দৃশ্য!

 আমাক দেখি প্ৰথমে অপ্ৰস্তুত হৈছিল শিশু দুটি। কিন্তু কেইমিনিটমানৰ পাছতে অনিৰ্বাণৰ তৎপৰতাত সিহঁত আমাৰ বন্ধু হৈ পৰিল। বালিঘৰ সাজিবৰ বাবে অনিৰ্বাণে লংপেণ্ট কোঁচাই ল’লে। খন্তেক পাছতে দোপাট্টা টানকৈ কঁকালতবান্ধি ময়োবালিঘৰ সাজিবলৈ আৰম্ভ কৰিলো...। আমাৰ দৰে দুজন চহৰীয়া ডেকা-গাভৰুক খেলাৰ সংগী হিচাপে পাই সিহঁতৰ আনন্দৰ সীমা নাছিল। আনকি মাজে মাজে চৰাইটোৱেও খুটিয়াবলৈ ধৰিলে আমাৰ হাতত।

 চৰাইটোক প্ৰথমে কঁহুৱাৰ মাজত ঠেং ভাগি পৰি থকা অৱস্থাত পাইছিল শিশু দুটিয়ে। ঘৰলৈ নি পাঁচদিন পৰিচৰ্যা কৰাৰ পাছত পুনৰ ইয়াতে চৰাইটোক এৰি গৈছিল সিহঁতে। কিন্তু, উৰিব পৰা হোৱাৰ পাছতো চৰাইটো গুচি নগ’ল। বৰঞ্চ, কান্ধত উঠি সিহঁতৰ লগতে গুচি গ’ল সিহঁতৰ ঘৰলৈ।

 এতিয়া পুৱা খাদ্য বিচাৰি উৰি যোৱা চৰাইটো হেনো বিয়লি পুনৰ উভটি আহে। সিহঁতৰ লগত নদীৰ পাৰত খেলে আৰু সিহঁতৰ লগতে ঘৰলৈ যায়। আচৰিত কাহিনী! মুগা-সেউজীয়া ৰঙৰ ঘৰঁচিৰিকা এটাতকৈ কিছু ডাঙৰ চৰাইটো কোন প্ৰজাতিৰ অনিবাৰ্ণ আৰু মই ধৰিব নোৱাৰিলো। শিশু দুটিয়ে তাৰ নাম দিছে ‘বুবি’।

 এসময়ত পশ্চিম দিশৰ শ্যামল পাহাৰ এখনত সোণালী ৰঙৰ ফাঁকু সিঁচি নৈ পৰীয়া গছ এজোপাৰ ফেৰেঙণিত ওলমি ৰ’ল বেলিটো। আমি দিয়া টফী খাই খাই ডঁৰিয়লিটোৰ ফালে গুচি গ’ল শিশু দুটি। ডঁৰিয়লিটোৰ পৰা কিছু দূৰত এলানি চাংঘৰ চকুত পৰিল। মোৰ মাজৰ সজাগ ফটোগ্ৰাফাৰ জন সাৰ পাই উঠিব খুজিলে।

 বেলি লহিয়াব ধৰিছে।..... দিগন্তত শুকুলা মেঘৰ পাল তৰা নাওবোৰে সোণালীবৰণ লৈছে।

সম্ভৱতঃ ● ১৩