পৃষ্ঠা:সম্ভৱতঃ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তলত বিস্তীৰ্ণ কঁহুৱাৰ মাজত এখন নীলাভ একা-বেঁকা নদী। কঁহুৱা ফালি দিগন্তৰ ফালে ধাবমান প্ৰকৃতিৰ সান্নিধ্যত ডাঙৰ হোৱা দুটি শিশু.... লগত এটি প্ৰেমিক পখি ....

 মোৰ পাৰিপাৰ্শ্বিক নিঃসৰ্গৰ এই বিশালতৰ ৰূপৰ মাজত নিজকেবৰ ক্ষুদ্ৰ যেন লাগিল। এই স্নিগ্ধতাত, এই প্ৰশান্তিত নগণ্যতকৈও নগণ্য যেন বোধ হ’ল আমাৰ স্থিতি। ‘আঃ কি সুন্দৰ!’ যান্ত্ৰিকভাৱে মই কেমেৰা পোনালো।

 ‘এই বিশালতাক আৱদ্ধ কৰিব পৰাকৈ তোৰ কেমেৰা শক্তিশালী নহয় অনুভা, থৈ দে।’ হাতেৰে কেমেৰাটো আঁতৰাই দিলে অনিৰ্বাণে।

 কঁহুৱা ফালি গাড়ীলৈ উভটি আহোতে সি মোৰ হাতখন লাহেকৈ ধৰি আছিল।

 সন্ধ্যা প্ৰায় চাৰে-সাতবজাত আমাৰ গাড়ী মহানগৰীত সোমাল। আৰু সেই বিশেষ সন্ধ্যাটোতে পাণবজাৰৰ পদপথত মই প্ৰত্যক্ষ কৰিলো প্ৰায় ডেৰবছৰৰ আগতে দেখা সেই গৰ্ভৱতী বলীয়া কিশোৰীক।

 গাড়ী ৰখাই আমি নামি আহিলো। পদপথ সংলগ্ন ৱালত আউজি থিয় দি আছিল তাই। কোলাত ময়লা কাপোৰৰ এটা টোপোলা৷ টোপোলাটো তাই কেঁচুৱা লোৱাৰ দৰেবুকুত সাবটি আছে যদিও প্ৰকৃততে ফটা কাপোৰৰ সেই টোপোলাটোত কেঁচুৱা আছে নে নাইবুজা নাযায়। ছোৱালীজনীৰ অস্থি চৰ্মসাৰ শৰীৰৰ ঊৰ্ধ্বাংগত দুটা মঙহৰ লডা ওলমি আছে। জিলজিলিয়া ফটা ফ্ৰকৰ মাজেৰেব্ৰাবিহীন বক্ষত স্পষ্টকৈ জিলিকি আছিল শুকান মঙহৰ ৰূপ লোৱা তাইৰ স্তন। চুটি ফ্ৰকটোৱে শুকান খৰিৰ দৰে হোৱা তাইৰ উৰু ঢাকিবপৰা নাছিল। আৰু কি আশ্চৰ্য! তাইৰ ক্ষয়িষ্ণু শৰীৰটোত পুনৰ কলহৰ দৰে স্ফীত হৈ আহিছে তাইৰ গৰ্ভ! সমুখলৈ আঙুলি টোঁৱাই তাই অহৰহ গালি পাৰি আছে কাৰোবাক।

 ‘স্নেপল’বি?’ অনিৰ্বাণে সুধিলে।

 ‘ওঁহো! সকলো সময়তে জীৱন কেমেৰাত আৱদ্ধ হৈ নপৰে।’

  পাণবজাৰৰ সেই ব্যস্ত পদপথত আচম্বিতে মই ‘মোৰ’ মুখামুখি হ’লো। মোক ঢাকি ৰাখি সক্ৰিয় হৈ পৰা মোৰ মাজৰ সাংঘাতিক কেৰিয়াৰ সচেতন ফটোগ্ৰাফাৰজন মোৰ পৰা বিচ্ছিন্ন হৈ পৰিল আৰু ফুটপাথেৰে খোজকাঢ়ি ক’ৰবাত নেদেখা হৈ গ’ল।

 মই নিৰ্ভাৰ হৈ উঠিলো। স্বাধীন হৈ উঠিলো। এটা দিনৰ অনিৰ্বচনীয় অপূৰ্ব অভিজ্ঞতাই পুনৰ মোৰ মাজৰ ফুল-তৰা-গান আৰু আকাশ ভাল পোৱা ছোৱালীজনীক জগাাই তুলিব খুজিলে—

 কোনো চাপ নাই এতিয়া – কেৰিয়াৰ, প্ৰদৰ্শনী, প্ৰশংসা -! আনকি, মোৰ ক্ষণিক লজ্জাৰ বিনিময়ত পদপথত থিয় দি ৰোৱা বলীয়া কিশোৰীজনীৰ শৰীৰত আবুৰ দিব পৰাকৈ মই সাহসী হৈ উঠিলো।

 গাত লৈ থকা গুলপীয়া দোপাট্টাখন ছোৱালীজনীৰ গাত মেৰাই দি পথৰ দাঁতিত পাৰ্ক কৰি থোৱা অনিবাৰ্ণৰ গাড়ীলৈ মই দ্ৰুত খোজেৰে আগবাঢ়িলো।❐ ❐

সম্ভৱতঃ ● ১৪