ডঁৰিয়লিত
জোনাক
ব-ৰ মৰ্মস্পৰ্শী আছিল সেই দৃশ্য!
পাণবজাৰৰ বাছষ্টপত মই প্ৰথম দেখিছিলো ছোৱালীজনীক। শতচ্ছিন্ন ঢিলা ফ্ৰক এটাৰ মাজেৰে প্ৰায় উন্মুক্ত হৈ আছিল তাইৰ বুকুৰ উঠন অংগ আৰু ফ্ৰকটোৰ আঁৰত তাইৰ গৰ্ভদেশ কলহ এটাৰ দৰেই স্ফীত হৈ আহিছিল।
তৎপৰ হৈ উঠিছিল মোৰ কেমেৰা। স্ফীত কলহৰ মাজত জীৱনৰ উপস্থিতিয়ে তাইক আলোকচিত্ৰ এখনৰ বিষয়বস্তু কৰি তুলিছিল। সন্ধ্যাৰ ব্যস্ত পদপথত নিৰ্বিকাৰভাৱে দণ্ডায়মান সেই বলীয়া কিশোৰী আবদ্ধ হৈ পৰিছিল মোৰ ৯০ হেজাৰ টকীয়া ডিজিটেল কেমেৰাটোত। ....বাতৰি কাকতৰ শেষ পৃষ্ঠাত প্ৰকাশ পোৱা আলোকচিত্ৰখনৰবাবে সম্পাদকে মোক প্ৰশংসা কৰিছিল। ষ্টাফৰ সমুখত কাকতখন দাঙি ধৰি ধেমেলীয়া সুৰেৰে ছাৰে কৈছিল, ‘অনুভাৰ সুমতি হৈছে। গছবন এৰি এইবাৰ মানুহৰ ছবি তোলা কৰিছে। ৰিয়েলিষ্টিক। গুড।’
সেইদিনা অশোকাত ধোঁৱাই থকা কফিৰ কাপ আগত লৈ মোক বৰ টান কথা শুনাইছিল অনিৰ্বাণে। মই হেনো অনুভূতিহীন হৈ পৰিছো। সস্তীয়া প্ৰশংসা আৰু বাঃবাঃৰ আশাত মই পণ্য কৰি তুলিছো মোৰ সংবেদনশীলতাক। ‘তই যদি ফটোখন তোলাৰ পাছতো ছোৱালীজনীৰ গালৈ কাপোৰ এখন দলিয়াই থৈ আহিলিহেঁতেন মই তোক মানুহ বুলি ক’লোহেঁতেন।’ অনিৰ্বাণে কৈছিল। বৰ কৰ্কশ আৰু শ্লেষপূৰ্ণ আছিল তাৰ কথাকেইষাৰ।
......... আৰু কি এক অপৰাধবোধত, কি এক তাড়নাত সেইদিনা আবেলিয়েই মই উপস্থিত হৈছিলোগৈ বাছ ষ্টপটোত। ছোৱালীজনী তেতিয়া তাত নাছিল।
ঘটনাটোৰ কথা মই পাহৰি পেলালো। এয়াই স্বাভাৱিক আছিল। শীতৰ আবেলিৰ ঠেটুৱৈ লগা জাৰৰ অভিজ্ঞতা গ্ৰীষ্মৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠালীত বহি পাহৰি যোৱা যায়। বৰ্ষাৰ বোকা-পানীৰ কথা শৰতৰ নিৰ্মেঘ-সুনীল আকাশৰ তলত থিয় হৈ মনত পেলোৱা যায় জানো! নাযায়, আৰু এয়াই স্বাভাৱিক। বিস্মৃতিৰ এই স্বাভাৱিক প্ৰক্ৰিয়াত স্বাভাৱিকভাৱেই লীণ হৈ আছো আপুনি, মই, অনিৰ্বাণ, আমি সকলো। নহয় জানো?
ইতিমধ্যে কেৰিয়াৰক লৈ মই খুব সচেতন হবলগীয়া হৈছিল। ফটো জাৰ্ণেলিষ্ট হিচাপে নিজৰ পৰিচিতি গঢ়াটো নিঃসন্দেহে কষ্টসাধ্য। বিশেষকৈ ছোৱালী এজনীৰবাৰে। চিমেট্ৰি, চৰৰ কঁহুৱা,