পৃষ্ঠা:সম্ভৱতঃ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰেড লাইট এৰিয়াৰ নিষিদ্ধ জীৱন —এই সকলোৰে মাজত মই ঘূৰিবলৈ আৰম্ভ কৰিছিলো মৰ্মস্পৰ্শী আলোকচিত্ৰৰ সন্ধানত। কেতিয়াবা মোৰ সংগী হৈছিল অনিৰ্বাণ। ৰাষ্ট্ৰীয় কাকত এখনৰ উত্তৰ-পূবৰ সংবাদদাতা অনিৰ্বাণৰ উদ্দেশ্য আছিল অগতানুগতিক ‘হিউমেন ষ্ট'ৰী'ৰ সন্ধান কৰা।

 মোৰ প্ৰথম আৰু প্ৰধান নিচা আছিল প্ৰকৃতি। মূলতঃ জন্মদিনত দেউতাই উপহাৰ হিচাপে দিয়া কেমেৰাটোৰ পৰাই জীপ লৈ উঠিছিল ফটোগ্ৰাফীৰ নিচা। গুলঞ্চৰ লঠঙা ডাল, ফুলত পৰি থকা পখিলা, গছৰ ডালত পৰি থকা ভাটো, মৰনৈৰ পাৰৰ অকলশৰীয়া গছজোপা—এইবোৰেই আছিল মই কৈশোৰত তোলা প্ৰথম পৰ্যায়ৰ ছবি। তাৰ পাছৰ পৰ্যায়ত সৰিয়হ ফুলৰ ফটো তোলাৰ বাবে বিশ্বনাথ ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈছো। সূৰ্যাস্তৰ মনোমত ফটো এখন তুলিবৰ বাবে দিনৰ পাছত দিন উমানন্দৰ নৈপৰীয়া শিলত বহি ৰৈছো ঘণ্টাৰ পাছত ঘণ্টাজুৰি।

 কিন্তু, বাতৰি কাকতৰ ফটোগ্ৰাফাৰ হিচাপে টিকি থাকিবলৈ এইখিনি কামেই যথেষ্ট নহয়। বৰঞ্চ বহুবাৰ মই সম্পাদকৰ গালি খাইছো, ৱাৰ্নিঙো। ‘তুমি কেমেৰা এৰি কবিতা লিখা কৰা’— এই ইয়াৰ্কিও শুনিছো।

 তাৰ পাছত জীৱনৰ পাছে পাছে দৌৰিছো। ভাববিলাসী কবিতাৰ জীৱন নহয়, ফুটপাথত পৰি ৰোৱা নিৰন্ন জীৱন। দোকালটকা জোনাকৰ আঁৰত সাৰ পাই উঠা নিশাৰ লোমহৰ্ষক জীৱন। নোটৰ বাণ্ডিলৰ চক্‌চকনিত জিলমিলাই উঠা কদৰ্য জীৱন!

 ....এটা বস্তিত সোমাইছিলো। লগত অনিৰ্বাণ। মহানগৰীৰ উৰণীয়া সেঁতুৰ তলৰ বস্তিটো ওপৰে ওপৰে চালে সন্ধ্যাতে শুই পৰা যেন লাগে। নিয়ন লাইটৰ উন্নাসিক উজ্জ্বলতাৰ মাজতো নিষ্প্ৰদীপ হৈ থকা বস্তিৰ শাৰী শাৰী সৰু সৰু ঘৰবোৰ কিবা যেন আখজা! খাপ নোখোৱা ধৰণৰ পকেটমাৰ, ঠেলাৱালা, দেহোপজীৱিনীৰে ভৰি থকা বস্তিটোত বাস কৰা ৰুগীয়া বৃদ্ধ এজনৰ লগত আমি কথা পাতিছিলো। তিনিখন চকচকীয়া পঞ্চাশটকীয়া নোটৰ বিনিময়ত পলিথিনেৰে সজাঁ তেওঁৰ ঘৰ (!) টোত বহিবলৈ বৃদ্ধই আমাক অনুমতি দিছিল।

 ...... এই বস্তিত দহ-বিশ টকাত বিক্ৰী হয় দেহোপজীৱিনীৰ শৰীৰ। স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি ট্ৰাক ড্ৰাইভাৰলৈকে বস্তিৰ নাৰীবোৰৰ খৰিদ্দাৰ। আমিবহি থকা পলিথিনৰ চালিখনৰ তলত ইটাৰ এটা সৰু চৌকা, দুফালে দুটা বস্তা, সম্ভৱতঃ বৃদ্ধৰ পৰিয়ালৰ বিছনা। খেকাৰ, শেঙুনেৰে অপৰিষ্কাৰ বস্তা এখনত আমি বহি পৰিলো। পাছফালৰ নৰ্দমাটোৰ পৰা পচা জাবৰ আৰু বিষ্ঠাৰ অকটা গোন্ধ ভাঁহি আহিছিল। বৃদ্ধই অনিবাৰ্ণৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আৰম্ভ কৰিলে.....। কেইমিনিটমানৰ পাছতে বুকুত কেঁচুৱা এটা সামৰি বৃদ্ধৰ গাভৰু আবিয়ৈ জীয়েক সোমাই আহিল। এই ছোৱালীজনীৰ দেহ বিক্ৰী কৰা টকাৰ ওপৰতে সংসাৰ চলে বুলি বৃদ্ধই আমাক কৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে ইমান কাষৰ পৰা এজনী দেহোপজীৱিনীক মই দেখা পালো।

 আমি দিয়া নোটকেইখন ছোৱালীজনীৰ ফালে আগবঢ়াইদি বৃদ্ধই তাইক কিবা এটা বুজালে। মই লক্ষ্য কৰিলো ছোৱালীজনীৰ চকু দুটা গভীৰ আৰু নৈৰ্ব্যক্তিক। একেবাৰে দ্বিধাহীনভাৱে সমুখৰ বস্তাখনত বহি পৰি আমাৰ সমুখতে কান্দি থকা কেচুৱাটোক গাখীৰ খুৱাবলৈ আৰম্ভ কৰিলে ছোৱালীজনীয়ে।

 মই যথেষ্ট বিব্ৰত হ'লো। অনিৰ্বাণ নিৰ্বিকাৰ। খন্তেকপৰ মাক আৰু কেঁচুৱাৰ ফালে মুগ্ধ দৃষ্টিৰে চাই সি পুনৰ বৃদ্ধৰ লগত কথা পাতিবলৈ ধৰিলে। কণমানি ৰেকৰ্ডাৰটোত সি বাণীবদ্ধ কৰি গ'ল বৃদ্ধৰ মুখ নিঃসৃত নিষিদ্ধ গলিৰ গাথা, বিচক্ষণ সাংবাদিকৰ অনুসন্ধিৎসাৰে।

সম্ভৱতঃ১০