সদস্য:Jayantanth/Test

ৱিকিউৎসৰ পৰা
[ ৪০ ]

তৃতীয় কীৰ্ত্তন



ঘোষা॥ ত্ৰাহি ৰাম হৰি মোৰে।
মঞি মজিলো সংসাৰ ঘোৰে॥৩


পদ॥ কীৰ্ত্তন-মহিমা শুনা উৎসুকে।
 বাহ্ৰয় স্কন্ধত যি কৈলা শুকে॥
 সকলে ধৰ্ম্মতে কৰি বিশিষ্ট।
 হৰি-কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ॥ ৩৫
 অনাদৰি আন ধৰ্ম্ম সম্প্ৰতি।
 দিয়ো উপদেশ হৰি-ভকতি॥
 ব্যাসৰ শুনি চিত্ত শান্ত ভৈল।
 প্ৰথম স্কন্ধত নাৰদে কৈল॥ ৩৬
 চাৰিও বেদক ব্ৰহ্মায়ে আনি।
 বিচাৰি তিনিবাৰ প্ৰমাণি॥
 এহি মানে মাত্ৰ কৰিলা সাৰ।
 হৰি-কীৰ্ত্তনেসে তৰি সংসাৰ॥ ৩৭ :
 হেন জানি ৰাজা একান্ত মনে।
 কৰিয়ো যতন হৰি-কীৰ্ত্তনে॥

[ ৪১ ]

ৰাজাত কহন্ত শুকে প্ৰবন্ধে।
বিচাৰি দেখিয়ে দ্বিতীয় স্কন্ধে॥ ৩৮
আতি লৱলেশ বিষয়-সুখ।
আকে লাগি ভৈল হৰি-বিমুখ॥
নকৰে ৰতি হৰি-কীৰ্ত্তনত।
আপুন কৰ্ম্মে সিও ভৈল হত॥ ৩৯
সিটো চাণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্ৰে স্ৰৱে হৰি-বাণী॥
সমস্তে তীৰ্থতে কৰিল স্নান।
কৰিলে সিসি তপ হোম দান॥ ৪০
সেহিসে কুলীন বেদক বুজে।
যাহাৰ মুখে হৰিনাম বীজে॥
পৰম তত্ত্ব জানি দেৱহূতি।
তৃতীয় স্কন্ধত কৰিলা তুতি॥ ৪১
নলাগে লীন-মুকুতিক তথা।
নাহি হৰি-পদ-পঙ্কজ যথা॥
কৰ্ণৰ অমৃত হৰি-চৰিত।
ভকতৰ মুখে শুনিবো নিত॥ ৪২

[ ৪২ ]

হৰি-কথামৃত-কণাৰ বাৱে।
দুনাই আত্ম-জ্ঞান সুমৰাৱে॥
নলাগে বৰ নমাগোহো তাক।
চতুৰ্থ স্কন্ধত পৃথুৰ বাক॥ ৪৩
জ্বৰ-মৰণৰ সময়ে দুঃখে।
তযু গুণ নাম নেৰোক মুখে॥
মাগন্ত ঋত্বিজে বৰ প্ৰবন্ধে।
নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে॥ ৪৪
পঞ্চম মহাপাপী যিটোজন।
তাৰো প্ৰায়চিত্ত হৰি-কীৰ্ত্তন॥
তাক লাগি ভৈল হৰিৰ মতি।
ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি॥ ৪৫
ব্ৰহ্ম-বধী গুৰু-বধী যতেক।
পিতৃ-মাতৃবধী পাপী অনেক॥
কুকুৰ খায় হেন ম্লিছগণে।
সিও শুদ্ধ হোৱে হৰি-কীৰ্ত্তনে॥ ৪৬

[ ৪৩ ]

চাণ্ডালো হৰি-নাম লৱে মাত্ৰ।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥
পাপৰ আলু উভয় নামে।
আক তুচ্ছ কৰি মৰে কি কামে॥ ৪৭
নামৰ মহিমা জানি সমূলি।
জগতৰে মোক্ষ হৈবেক বুলি॥
পূৰ্ব্বত আক গোপ্য কৰি থৈলা।
দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈলা॥ ৪৮
নলাগে দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সদ্ভুত শাস্ত্ৰ জানিবে॥
মিছাতে মৰে আন কৰ্ম্ম কৰি।
হোৱন্ত ভকতিতে তুষ্ট হৰি॥ ৪৯
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী।
পক্ষী মৃগগণ চাণ্ডালো আসি॥
একান্তে কৰিয়া হৰি-ভকতি।
মহাসুখে পাৱে পৰম গতি॥ ৫০
সপ্তম স্কন্ধত প্ৰহ্লাদ-বাণী।
দেখিয়ো বিচাৰ কৰি প্ৰমাণি॥

[ ৪৪ ]

মূৰ্খৰ কথা সৱে পৰিহৰি।
সদায়ে ডাকিয়া ঘুষিয়ো হৰি॥ ৫১

চতুৰ্থ কীৰ্ত্তন


ঘোষা॥ ৰামেসে জীৱন ৰামেসে প্ৰাণ।
ৰাম বিনা নাহি বান্ধৱ আন॥৪

পদ॥ মন্ত্ৰ তন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ-কাল-পাত্ৰ-ছিদ্ৰ যতেক॥
পুৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।
হৰি-নামে কৰে সৱে সুসাঙ্গ॥ ৫২
বামনৰ আগে শুক্ৰৰ বাক।
অষ্টম স্কন্ধত দেখিয়ো তাক॥
ভকত জনেসে মোৰ হৃদয়।
ময়ো ভকতৰ হিয়া নিছয়॥ ৫৩
মঞি বিনে ভক্তে নিচিন্তে আন।
ভকত বিনে মোৰো নাহি ধ্যান॥
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি।
নৱম স্কন্ধত দেখা বিচাৰি॥ ৫৪