পৃষ্ঠা:Kirtan Ghosha.pdf/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ৩] পাণ্ড-মৰ্দন তৃতীয় কীৰ্তন ঘোষা। ত্ৰাহি ম হৰি মোৰ। মঞি মজিলে সংসাৰ ঘোৰে। ৩ পদ। কীৰ্ত্তনমহিমা শুনা উৎসুকে। বায় স্কন্ধত যি কৈলা শুকে। সকলে ধৰ্ম্মতে কৰি বিশিষ্ট। হৰি-কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ॥ ৩৫ অনাদৰি আন ধৰ্ম্ম সম্প্ৰতি। দিয়ো উপদেশ হৰি-ভকতি॥ ব্যাসৰ শুনি চিত্ত শান্ত ভৈল। প্ৰথম স্কন্ধত নাৰদে কৈল। ৩৬ চাৰিও বেদক ব্ৰহ্মায়ে আনি। বিচাৰি তিনিবাৰ প্ৰমাণি। এহি মানে মাত্ৰ কৰিলা সাৰ। হৰিকীৰ্ত্তনেসে তৰি সংসাৰ। ৩৭ : হেন জানি ৰাজা একান্ত মনে। কৰিয়ে যতন হৰি-কীৰ্ত্তনে॥