পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষ [ খও ৩ চাণ্ডালো হৰিনাম লৱে মাত্ৰ। কৰিবে উচিত যজ্ঞৰ পাত্ৰ। পাপৰ আলু উভয় নামে। আক তুচ্ছ কৰি মৰে কি কামে। ৪৭ নামৰ মহিমা জানি সমূলি। জগতৰে মোক্ষ হৈবেক বুলি। পূৰ্ব্বত আক গোপ্য কৰি থৈলা। দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈলা ৪৮ নলাগে দেৱ দ্বিজ ঋষি হুইবে। নলাগে সদ্ভুত শাস্ত্ৰ জানিবে। মিছাতে মৰে আন কৰ্ম কৰি। হোৱন্ত ভকতিতে তুষ্ট হৰি। ৪৯ যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী। পক্ষী মৃগগণ চাণ্ডালল আসি। একান্তে কৰিয়া হৰি-ভকতি। মহাসুখে পাৰে পৰম গতি॥ ৫৩ সপ্তম স্কন্ধত প্ৰহ্লাদ-বাণী। দেখিয়ে বিচাৰ কৰি প্ৰমাণি পা • যক্ষ ৰক্ষ দৈত্য-মত বক্ষ দৈত্য। { দৈতে যক্ষাংলি -ভাগৱত পা৭৫৪ ]