পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
৩৩
পাষণ্ড-মৰ্দ্দন

মূৰ্খৰ কথা সৱে পৰিহৰি।
সদায়ে ডাকিয়া ঘুষিয়ো হৰি॥ ৫১

চতুৰ্থ কীৰ্ত্তন


ঘোষা॥ ৰামেসে জীৱন ৰামেসে প্ৰাণ।
ৰাম বিনা নাহি বান্ধৱ আন॥৪

পদ॥ মন্ত্ৰ তন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ-কাল-পাত্ৰ-ছিদ্ৰ যতেক॥
পুৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।
হৰি-নামে কৰে সৱে সুসাঙ্গ॥ ৫২
বামনৰ আগে শুক্ৰৰ বাক।
অষ্টম স্কন্ধত দেখিয়ো তাক॥
ভকত জনেসে মোৰ হৃদয়।
ময়ো ভকতৰ হিয়া নিছয়॥ ৫৩
মঞি বিনে ভক্তে নিচিন্তে আন।
ভকত বিনে মোৰো নাহি ধ্যান॥
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি।
নৱম স্কন্ধত দেখা বিচাৰি॥ ৫৪