পৃষ্ঠা:Kirtan Ghosha.pdf/৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ৩] পাধও মৰ্দন Oy হৰি-কথামৃত-কণাৰ বাৱে। দুই আত্ম-জ্ঞান সুমৰাৱে। নলাগে বৰ নমাগোহো তাক। চতুৰ্থ স্কন্ধত পৃথুৰ বাক। ৪৩ জুৰমৰণৰ সময়ে দুঃখে। তযু গুণ নাম নেৰোক মুখে। মাগন্ত ঋত্বিজে বৰ প্ৰবন্ধে। নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে॥ ৪৪ পঞ্চম মহাপাপী যিটোজন। তাৰো প্ৰায়চিত্ত হৰি-কীৰ্তন। তাক লাগি ভৈল হৰিৰ মতি। ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি। ৪৫ ব্ৰহ্ম-বধী গুৰু-বধী যতেক। পিতৃ-মাতৃবধী পাপী অনেক। কুকুৰ খায় হেন চোছগণে। সিও শুল্ক হোৱে হৰি-কীৰ্ত্তনে। ৪৬ পা ৪৩। কথামৃতকৰ বাৱে—কথামৃত্যুকয়াৰ বাৱে। [ ভগৱপদান্তোজধাকণানিলঃ—ভাগৱত ৪১২৫] মৰণৰ সময়ৰ-মৰণৰ সময়ে। [ অৰমৰণদশায়ামপি—ভাগৱত ৫২২] :.