সমললৈ যাওক

ষষম্বেদ

ৱিকিউৎসৰ পৰা
[  ]

ষষম্বেদ।

শ্ৰীবিষ্ণুৰাম দাস দ্বাৰা সংগৃহীত।

প্ৰকাশক।
এজেন্সি কোম্পানী।
পোঃ আঃ ৰিহাবাৰি আসাম।

প্ৰথম তাঙ্গৰণ।

সন—১৯০৯।

আসাম ৰিহাবাৰি, গৌৰী শঙ্কৰ যন্ত্ৰত;
শ্ৰীৰত্নেশ্বৰ চক্ৰবৰ্ত্তী দ্বাৰা মুদ্ৰিত।

মূল্য ৵৹ দুই অনা মাথোন।

[  ]

শ্ৰীকৃষ্ণায় নমঃ।

ষষম্বেদ।

পদ।

জয় নিৰঞ্জন জগতৰ আদি দেৱ।
ব্ৰহ্মা মহেশ্বৰে যাক সদা কৰে সেৱ॥
নমো নমো নিৰাকাৰ অনাদি ঈশ্বৰ।
সমস্ত প্ৰাণীৰ আত্মা তুমি মহেশ্বৰ॥
স্ৰজন পালন তুমি বিনে নাহি কেৱ।
তোমাত শৰণ লৈলোঁ প্ৰভু নাথ দেৱ॥
লীলায়ে কৰিলা তুমি দশ অবতাৰ।
হেনয় কৃষ্ণক কৰোঁ কৌটী নমস্কাৰ॥
নমো ভগৱন্ত ভকতৰ নবনিধি।
হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি॥
শুনা সভাসদ হৰ গৌৰীৰ সংবাদ।
কোটী জনমৰ হৌক পাতক উচ্ছাদ॥
চাৰিবেদ বাজে ষষম্বেদ বুলি যাক।
সেহি কথা গৌৰী পূৰ্ব্বে পুছিলা হৰক॥

[  ]

পাৰ্ব্বতী বদতি শুনিওক প্ৰাণ নাথ।
আৰো এক কথা মই পুছিবো তোমাত॥
কহিলাহা আত্নতত্ব জ্ঞান যোগ কৰ্ম্ম।
নকহিলা মোত ষষম্বেদ নিজ ধৰ্ম্ম॥
চাৰিবেদ বাহিৰে অময়া বুলি যাক।
নিজধৰ্ম্ম ষষম্বেদ কহিও আমাক॥
নিৰ্গুণ নিশ্চল জগতৰ নিৰাময়।
হেন নিৰঞ্জন মোক দেখাও প্ৰত্যয়॥
পাৰ্ব্বতীৰ বাক্য পাছে শুনি ত্ৰিলোচন।
দেবীক সম্মুদ্ধি পাছে বুলিলা বচন॥
ধন্য ধন্য দেবি মহা বিষ্ণু অংশেজাত।
পৰম নিৰ্গুণ কথা পুছিলা আমাত॥
শুনিয়োক কহো যষম্বেদ বোলে যাক।
ব্ৰহ্মা বিষ্ণু দেব সবে নজানে ইহাক॥
মই জানি আছোঁ মাত্ৰ কিঞ্চিৎ ধ্যানত।
কোনে কহিবাক পাৰে ইহাৰ মহত্ত্ব॥
আদি অন্ত কথা কহো শুনা বিদ্যমান।
সমূলঞ্চে কৰি মই কহিবো প্ৰমাণ॥
প্ৰথমতে পুৰুষৰ শূন্যে ভৈলা জাত।
তাহানেসে নাম আদি জানিবা সাক্ষাত॥
আদিৰ উদৰে আছে শূন্য, অপ, ৰস।
তাক কহিবাক লাগি মোৰ নাই সাস।

[  ]

মধ্য শূন্যে প্ৰকাশ ভৈল আসি আদি।
তাহানেসে পুত্ৰ ভৈলা জানিবা অনাদি॥
উপজিয়া অনাদিয়ে জ্যোতিৰ্ম্ময় ভৈলা।
পাছে আদি শূন্যত অনাদি লয় গৈলা॥
সেহি বেলা অনাদি আছন্ত শূন্য মাজে।
নাই একজন আউৰ আপোনাত বাঝে॥
সেই বেলা হৰি নামে ভৈলা উতপতি।
তিনি পুৰুষৰ কথা কহিলোঁ সম্প্ৰতি॥
হৰি নামে যেতিক্ষণে ভৈলা উতপন্ন।
চাৰিযুগ তেখনে ভৈলা সমুৎপন্ন॥
উষ্ণ ধূম্ৰ নীল জ্যোতি এইচাৰি যুগ।
শূন্য ভাগে থাকিলন্ত নপাই সংযোগ॥
এহি চাৰি যুগত অনাদি উতপতি।
সিবেলাৰ চাৰি যুগ কহিলোঁ সম্প্ৰতি॥
উপজিয়া অনাদিও শূন্য ভাগে গতি।
আপুনি আছামাত্ৰ নাহিকে প্ৰকৃতি॥
নাহি ৰেখা ৰূপ জ্যোতি নাহি বৰ্ণা বৰ্ণ।
বসিবাৰ লাগি প্ৰভুৰ নাহিকে আসন॥
নাহি জল নাহিথল নাহি দিন ৰাতি।
নাহি চন্দ্ৰ নাই সূৰ্য্য নাহি বসুমতী॥
নাই স্বৰ্গ নাহি মৰ্ত্ত্য নাহিকে পাতাল।
নাহি ব্ৰহ্মা নাহি বিষ্ণু কাল যে বিকাল॥

[  ]

নাহি স্মৃতি জ্যোতিৰ্ব্বেদ নাহি অন্য তন্ত্ৰ।
নাহি বেদ নাহি পূজা নাহি অন্য মন্ত্ৰ॥
সৃষ্টি কৰিবাক লাগি ভৈলা তান মন।
জ্যোতি মনসাক দেখি লন্ত নিৰঞ্জন॥
মনে আলোচিয়া বাম অঙ্গে হাত দিলা।
শৰীৰৰ মাংস পাই মুঠিত ধৰিলা॥
মুষ্ঠিৰ ভিতৰে তিৰীরূপে জাত ভৈলা।
অনাদি ঈশ্বৰে তান মনসা নাম থৈলা॥
শূন্যভাগে আছা প্ৰৰ্ভু হুয়া ধূম্ৰ ময়।
মনসা স্বরূপে মায় গোট যে আছয়॥
শুনিওক কহোঁ দেবী ব্ৰহ্মাৰ বিচাৰ।
নখে ছিড়ি মনসাৰ কৈলা যোনিদ্বাৰ॥
নখত আসিলা যত মল মাংস খসি।
সেহি মাংসে ভৈলন্ত কাস্যপ মহা ঋষি॥
সেহি মাংসে সপ্তস্বৰ্গ পাতাল যে মহী।
তৰু তৃণ সমস্ত পৰ্ব্বত আছে ৰহি॥
সেহি মাংসে সপ্তদ্বীপ তাৰাগণ ভৈলা।
তেজ অপ ভাগে চন্দ্ৰ সূৰ্য্য দুই ভৈলা॥
পঞ্চভূত ইন্দ্ৰি সব কৰিলা স্ৰজন।
ভৈলন্ত পৃথিবী পাছে আপুনি বৰুণ॥
আপোনাৰ কায়াত আপুনি যে জন্মিলা।
পৃথিবীক ঢাকিয়া অনন্ত শয্যা ভৈলা॥

[  ]

আত অনন্তৰে দেবী শুনা ব্ৰহ্ম জ্ঞান।
ওঙ্কাৰেসে ভৈলা আসি জগতৰ প্ৰাণ॥
আপুনি ঈশ্বৰে ভৈলা ওঙ্কাৰ সাক্ষাত।
ওঙ্কাৰত হন্তে আমি তিনি ভৈলো জাত॥
তেহোঁ ভৈলা পিতৃ আমি তানে ভৈলোঁ ছেলা।
সত্ত্ব ৰজ স্তম গুণ ভৈলা সেহি বেলা॥
আপোনাৰ চাৰি বৰ্ণে চাৰি যুগ ভৈলা।
সত্য ত্ৰেতা দ্বাপৰ যে কলি উপজিলা॥
ওঙ্কাৰৰ হন্তে চাৰি বেদ বাজ ভৈলা।
শ্ৰেষ্ঠ পুত্ৰ বুলিয়া ব্ৰহ্মাৰ হাতে দিলা॥
অকাৰ উকাৰ মকাৰ আৰু ব্ৰহ্মজ্ঞান।
বিষ্ণুক দিলন্ত পাছে পঞ্চম্বেদ খান॥
ষষম্বেদ আমাক দিলন্ত নাৰায়ণ।
পিতা পুত্ৰ সমে পাছে ভৈলা একজন॥
শুনিওক কহোঁ দেবী এই তত্ত্ব সাৰ।
আপুনি ভৈলন্ত ব্ৰহ্ম জগত আধাৰ॥
বহুবিধ অণু ভৈলা আপুনি অনাদি।
মহাৰসে ভৈলা পাছে শুদ্ধ সন্ত আদি॥
পৰমাত্মা ৰূপে প্ৰবেশিলা গাৱে গাৱে।
স্থূল শূন্য সূক্ষ্ম ৰূপে প্ৰকাৰণ ভাৱে॥
আদি অনাদিৰ নাম মানসা আতি সাৰ।
ৰাম কৃঞ্চ হৰি নাম জগত আধাৰ॥

[  ]

পশুপক্ষী কীট বৃক্ষ পতঙ্গ পৰ্য্যন্ত।
বেদৰ ভিতৰ কৰি থৈলা ভগৱন্ত॥
নাভিহন্তে ভৈলা জাত যতেক পাতাল।
বাহুহন্তে বাজ ভৈলা মৰ্ত্ত্য যে কেবল॥
নাভি কমলেসে ভৈলা মেৰুৰ শিখৰ।
চৰণত বসুমতী পাৱত সাগৰ॥
মৃদঙ্গ স্বৰূপে জলে আছিলন্ত আদি।
তাহানে পুত্ৰ ভাৱে আছিলা অনাদি॥
তেহোঁ পিতৃ ভৈলা আসিতানে পুত্ৰগণ।
অদ্যাপিও চিন্তো আমি তাহান চৰণ॥
যোগ ৰূপে চিন্তি আমি আছো তাঙ্ক সেবি।
তোমাৰ জন্মৰ কথা শুনিওক দেবী॥
মনসা মাতৃক পিতৃ বিহা কৰাইলা।
দুইৰো সংযোগে মহাৰস উপজিলা॥
সেহি মহা ৰস ভৈলা জগত আধাৰ।
উৎপত্তি প্ৰলয় মৃত্যু সৃষ্টিৰ সংহাৰ॥
বিষ্ণু সম নাম এক জানিবা সম্প্ৰতি।
স্বামীৰ সংযোগে পাছে ভৈলা উতপত্তি॥
প্ৰভাতৰ সূৰ্য্য যেন জ্বলন্তে আছয়।
তাহাঙ্ক দেখিয়া কৃপা ভৈলা কৃপাময়॥
জৌতি কেসে নামে দেব মহা গুণ বস্তু।
উদ্ধাৰ কৰিয়া প্ৰভু দিলন্ত সমস্ত॥

[  ]

সেহি বেলা ঈশ্বৰে দৈবজ্ঞ রূপ ভৈলা।
সেহিক্ষণ হন্তে আঠ যুগ আসি ভৈলা॥
সেহি সময়ত দশ দিক নাম থৈলা।
শূন্য হন্তে জোতিষ শাস্ত্ৰ খান আসি ভৈলা॥
ভূত ভবিষ্যত বৰ্ত্তমান যত হয়।
যৈত যিবা থাকে তাক গণিয়া কহয়॥
দৈবক গণিয়া থাকে নিচিন্তয় আন।
এতেকেসে দৈবজ্ঞ নাম ভৈলা তান॥
পূৰাতন গূঢ় কথা কহিলো নিশেষ।
উৰ্দ্ধযে দৈবজ্ঞ জন্ম চতুৰ্ব্বৰ্ণ শেষ॥
এতেকেসে জানা শুনিওক মহাভাগ।
অগ্ৰপূজা দিলা প্ৰভৃ সৰ্ব্ব কৰ্ম্ম ভাগ॥
ব্ৰহ্মাৰ বদনে জানা ভৈলন্ত ব্ৰাহ্মণ।
ব্ৰহ্মাক ধিয়াই থাকে নিচিন্তিয়া আন॥
ব্ৰহ্মাতনু দেহাগোট জানা শুদ্ধ সত্ত্ব।
যিবাজনে ভ্ৰমে গৈয়া শ্মশাণ শালত॥
চাণ্ডাল সদৃশ হয় জানিবা সম্প্ৰতী।
তোমাৰ আগত মই কহিলো পাৰ্ব্বতী॥
ব্ৰহ্মাৰ বাহুত হন্তে ক্ষেত্ৰিয় উৎপন্ন।
ক্ষেত্ৰি আদি জাত ভৈলা যত বৰ্ণাবৰ্ণ॥
ব্ৰহ্মাৰ উৰুত হন্তে বৈশ্য ভৈলা জাত।
পদ মধ্যে সুদ্ৰ সব জানিবা সাক্ষাত॥

[ ১০ ]

এহি চাৰি জগতৰ সৃষ্টি আদি মূল।
মনসাত হন্তে আসি মায়া উপজিলা॥
দিতি অদিতিত ধ্ৰুব দেব আদিকৰি।
একশত ভাৰ্য্যা কাস্যপক দিলা হৰি॥
দিলন্ত ব্ৰহ্মাক পাছে সাবিত্ৰী ব্ৰাহ্মণী।
বিষ্ণুক দিলন্ত সৃজি প্ৰভু লক্ষ্মী আনি॥
ৰম্ভা তিলোত্তমা শচী আদি যে মহিষী।
সিবেলাত ইন্দ্ৰক দিলন্ত হৰি হাসি॥
আমাক মাতিয়া পাছে অনাইলা ঈশ্বৰে।
দিলো মনসাক তুমি নিও মহেশ্বৰে॥
সৃষ্টি কৰিবাক লাগি যায়োক সত্ত্বৰে।
তোমাক আমাক ভিন্ন কৰে যিটো নৰে॥
সেহিসে অজ্ঞানী নৰ অধম পাষণ্ড।
ত্ৰিশূলে কাটিয়া তাক কৰো খণ্ড খণ্ড॥
পূৰাতন কথা কৈলোঁ মই মহেশ্বৰ।
সাংখ্য যোগ সমে তুমি মোৰ কলেবৰ॥
ব্ৰহ্মা বিষ্ণু ভাঙ্গিয়া তোমাত যাইব লয়।
মোহৰ ভগ্ন নাহি জানিবা নিশ্চয়॥
শুনা সভাসদ পদ ষষম্বেদ সাৰ।
এহি কথা গৌৰীত কহিলা মহেশ্বৰ॥
ষষম্বেদ পঢ়ে যদি পিতৃৰ শ্ৰাদ্ধত।
উদ্ধাৰ হোৱয় তাৰ পুৰুষ একশত॥

[ ১১ ]

তাৰ পিতৃ পিতামহ স্বৰ্গলোকে স্থিতি।
আনন্দে বসিয়া থাকে কৰিয়া বসতি॥
আদি পুৰুষৰ হন্তে সমস্তে জন্মিল।
পূজা কৰি বিপ্ৰ সবে হৰিক যজিল॥
হৰি তুষ্ট ভৈলে পিতৃ পুত্ৰেৰ কাৰণ।
শ্ৰদ্ধাতে সেবন্ত থাকি বৈকুণ্ঠ ভূবন॥
কৃতাঞ্জলি কৰি পুছে দেবি যে পাৰ্ব্বতী।
ষষম্বেদ কথা এহিমানে সমাপতি॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনিও সম্প্ৰতি।
হৰি নাম বিনে নাই কলিত ভকতি॥
সকলৰে জম্ম কৰ্ম্ম আছে ষষম্বেদ।
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কহিলোহু ভেদ॥
শুনিওক সভাসদ দেখা বিদ্য মান।
হৰিসে কৰিতে পাৰে সকলকে ত্ৰান॥
হৰিৰ ভকতি সবে কৰা নৰ নাৰী।
হৰিতুষ্ট হইলেসে সংসাৰক তৰি॥
ঋক্‌ যজুঃ সাম অৰ্থৰ্ব্বেদ কথাজানি।
ষষম্বেদ দেবীত কহিলা শূল পানী॥
পুৰাতন গোপ্য ইটো জগতত সাৰ।
আক কহি শুনি নৰে তৰোক সংসাৰ॥
চাৰিবেদ সাৰ ষষম্বেদ আক জানি।
নিন্দা নকৰিবা আক তিলেক প্ৰমানি॥

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )