পৃষ্ঠা:ষষম্বেদ.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মধ্য শূন্যে প্ৰকাশ ভৈল আসি আদি। তাহানেসে পুত্ৰ ভৈলা জানিবা অনাদি। উপজিয়া অনাদিয়ে জ্যোতিৰ্ময় ভৈলা। পাছে আদি শূন্যত অমাদি লয় গৈল। সেহি বেলা অনাদি আছ শূন্য মাজে। নাই একজন আউৰ আপোনাত বাঝে ৪ সেই বেলা হৰি নামে ভৈলা উতপতি। তিনি পুৰুষৰ কথা কহিলে। সম্প্ৰতি। হৰি নামে যেতিক্ষণে ভৈলা উতপন্ন। চাৰিযুগ তেখনে ভৈলা সমুৎপন্ন॥ উষ্ণ ধূম্ৰ নীল জ্যোতি এইচাৰি যুগ। শুন্য ভাগে থাকিলন্ত নপাই সংযোগ এহি চাৰি যুগত অনাদি উতপতি। সিবেলাৰ চাৰি যুগ কহিলে। সম্প্ৰতি॥ উপজিয়। অনাদিও শূন্য ভাগে গতি। আপুনি আছামাত্ৰ নাহিকে প্ৰকৃতি। নাহি ৰেখা ৰূপ জ্যোতি নাহি বৰ্ণা বৰ্ণ। বসিবাৰ লাগি প্ৰভুৰ নাহিকে আসন॥ নাহি জল নাহিথল নাহি দিন ৰাতি। নাহি চন্দ্ৰ নাই সূৰ্য নাহি বসুমতী॥ নাই স্বৰ্গ নাহি ম নাহিকে পাতাল। নাহি ব্ৰহ্মা নাহি বিষ্ণু কাল যে বিকাল ৪