পৃষ্ঠা:ষষম্বেদ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এহি চাৰি জগতৰ সৃষ্টি আদি মূল। মনসাত হন্তে আসি মায়া উপজিলা। দিতি অদিতিত ধ্ৰুব দেব আদিকৰি। একশত ভাৰ্য্যা কাশ্যপক দিলা হৰি। দিলন্ত ব্ৰহ্মাক পাছে সাবিত্ৰী ব্ৰাহ্মণী। বিষ্ণুক দিল সৃজি প্ৰভু লক্ষী আনি। ৰা তিলোত্তমা শচী আদি যে মহিষী। সিবেলাত ইন্দ্ৰক দিলন্ত হৰি হাসি। আমাক মাতিয়া পাছে অনাইলা ঈশ্বৰে। দিলো মনসাক তুমি নিও মহেশ্বৰে সৃষ্টি কৰিবাক লাগি যায়োক সত্ত্বৰে। তোক আমাক ভিন্ন কৰে যিটো নৰে॥ সেহিসে অজ্ঞানী নৰ অধম পাষণ্ড। ত্ৰিশূলে কাটিয়া তাক কৰো খণ্ড খণ্ড। পূৰাতন কথা কৈলে মই মহেশ্বৰ। সাংখ্য যোগ সমে তুমি মোৰ কলেবৰ? ব্ৰহ্মা বিষ্ণু ভাঙ্গিয়া তোমাত যাইব লয়। মোহৰ ভগ্ন নাহি জানিবা নিশ্চয়। শুনা সভাসদ পদ ষষম্বেদ সাৰ। এহি কথা গৌৰীত কহিলা মহেশ্বৰ। মষদে পটে যদি পিতৃৰ শ্ৰাদ্ধ। উদ্ধাৰ হোৱয় তাৰ পুৰুষ একশত।