পৃষ্ঠা:ষষম্বেদ.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাহি স্মৃতি জ্যোতিৰ্বেদ নাহি অন্য তন্ত্ৰ। নাহি বেদ নাহি পূজা নাহি অন্য মন্ত্ৰ সৃষ্টি কৰিবাক লাগি ভৈলা তান মন। জ্যোতি মনসাক দেখি লন্ত নিৰঞ্জন। মনে আলোচিয়া বাম অঙ্গে হাত দিলা। শৰীৰৰ মাংস পাই মুঠিত ধৰিলা। মুঠিৰ ভিতৰে তিৰীৰূপে জাত ভৈলা। অনাদি ঈশ্বৰে তান মনসা নাম থৈলা। শস্যভাগে আছ। প্ৰচুঁ হুয়া ধূম্ৰ ময়। মনসা স্বৰূপে মায় গোট যে আছয়। শুনিক কহে দেবী ব্ৰহ্মাৰ বিচাৰ। নখে ছিড়ি মনসাৰ কৈলা যোনিৰ নখত আসিলা যত মন মাংস খসি। সেহি মাংসে ভৈলন্ত কাপ মহা ঋষি সেহি মাংসে স্বৰ্ণ পাতাল যে মহী। তৰু তৃণ সমস্ত পৰ্বত আছে ৰহি ঃ সেহি মাংসে সদ্বীপ তাগণ ভৈলা। তে অপ ভাগে চন্দ্ৰ সূৰ্য্য দুই ভৈলায় পঞ্চভূত ইন্দ্ৰি সৰ কৰিলা সুজন। ভৈল পৃথিবী পাছে আপুনি ৰুেণ আপোনাৰ কায়াত আপুনি যে জন্মিলা। পৃথিবী ঢাকিয়া অনও শয্যা ভৈলা।।