[ ৮৪ ]
(নিজান ফুলনি এখনত এজোপা পদুমনিৰ ওচৰত থকা গছৰ ছাঁত চিত্ৰলেখা বহি আছিল। গছৰ ডালত এটা সখিয়তীয়ে মাতি আছিল।)
চৰাই বনৰীয়া
মুকলিমূৰীয়া
গাৱ বনৰীয়া গীত;
মনে উৰো উৰো
কৰে তোৰ লগতে
মোৰে উৰণীয়া চিত।
ঊষা জিৰণীয়া
পাই লগৰীয়া,
সন্ধিয়াৰ দেশলৈ যায়,
অকলশৰীয়া
কৰি মোক সখিয়া,
গলা মিলনৰে নিশাটি পাই।
চিত্ৰ:
|
সখী ঊষা। আজি তোমাৰ সৈতে মোৰ বিচ্ছেদ নেকি? (মনে মনে থাকে) ইমান দিনৰ মৰম-চেনেহ আজি (চকুপানী [ ৮৫ ] ওলাই আহে তাৰ পাছতে আনন্দত বিভোৰ হৈ) নহয় নহয়— তোমাৰ-মোৰ কোনে বিচ্ছেদ ঘটাব পাৰিব? তামাকে-মোকে বিধাতাই লগৰীয়া কৰি দিছে, কোনো এৰুৱাব পাৰিব বাৰু? তোমাৰ লগে সাত বৰণৰ তুলি লৈতো মই আছিলো আৰু থাকিমেই তোমাৰ মধুৰ আগমন জনাবলৈ কত বৰণৰে দিশ-বিদিশ ৰঞ্জিত কৰি দিম তুমি যেতিয়া পূৰ্বাঞ্চলত ভৰপক যৌৱনৰ দেহাৰে অলপ জুৰণি লৈ সন্ধিয়া কুমাৰক লগ পাবলৈ লৰি আহিবা, মই সন্ধিয়াৰ দেশলৈ গৈ তোমাৰ মিলন কুঞ্জত বৰণৰ ওপৰত বৰণ সানি জকমকীয়া কৰি থম তাৰ পিছত যেতিয়া তোমাৰ প্ৰিয়তমৰ অধৰ চুমি তুমি জিৰণি ল’বলৈ অস্তাচলৰ প্ৰাসাদত সোমাবগৈ তেতিয়া মই তোমালোকৰ লাজ লাগে বুলি ক’লা বৰণ সানি সকলোৰে দৃশ্যৰ আগত এখনি আঁৰ-কাপোৰ তৰি সখীক হেঁপাহ পলুৱাই প্ৰণয়-মদিৰা পিবলৈ এৰি দিম তাৰ পিছত তোমাৰ মিলন নিশা পোহৰাবলৈ জোনবাইৰ ওঠৰপৰা ৰূপালী ৰহণখিনি আনি বনে বনে সানি দিম তোমাৰ প্ৰণয়বিহ্বল উৱলা গাটি টঙাই ল’বলৈ কণ্ঠ মোৰ নৈয়ে-বনে জুৰিয়ে-পুৰীয়ে বিলাই দিম সন্ধিয়াৰ সমীৰণ হৈ মই সেই ফৰিংফুটা জোনাকত গছৰ ডালে-পাতে কাৰেঙে কাৰেঙে কুঞ্ছই কুঞ্জই; ফুলৰ পাহিত মৃদু মৃদু চৰণক্ষেপেৰে হালি-জালি লয়লাসে নাচি ফুৰিম আৰু হাতত থকা সুগন্ধিবোৰ তোমাৰ চৌপাশে বিলাই দিম তেন্তে তোমাৰ সৈতে মোৰতো আৰু বিচ্ছেদ নহয়— সদায় মই তোমাৰ লগৰীয়া নহয়নে বাৰু সখী (মনতে হাঁহি) কি আনন্দ! কেনে সুখ! কেনে বিতোপন— সখীৰে মোৰে আৰু কেতিয়াও এৰা-এৰি নহয় তেনে ধেমালিকে আমি দুয়ো কৰি থাকিম বাৰু। (এনেতে পত্ৰলেখা আহে)
|
পত্ৰ:
|
কি কৰিছা সখী? ঊষাই তোমাক বিচাৰি আহিছে। কুমাৰো আহিছে। (অনিৰুদ্ধ, ঊষা আৰু সখীবোৰ সোমাই আহে)
|
ঊষা:
|
সখী তুমি মোক এৰি অকলে অকলে বহি আছাহি বাৰু?
|
[ ৮৬ ]
চিত্ৰ:
|
(হাঁহি) তোমাকনো আৰু এৰিব পাৰোনে?
|
অনিৰুদ্ধ:
|
এৰা কেনেকৈনো এৰে— পিছে নোৱৰাতহে যেনিবা।
|
ঊষা:
|
বাৰু হ’ল দিয়া— পিছে— পিছে— (অনিৰুদ্ধৰ ফালে চায়)
|
অনিৰুদ্ধ:
|
এৰা— লগেভাগে হোৱাই ভাল আছিল, কি বোলা চিত্ৰ?
|
অনিৰুদ্ধ:
|
বোলো সখীয়েকৰ যি হৈছে সেয়ে।
|
চিত্ৰ:
|
অঁ— পিছে এৰা— কাৰ সৈতেনো?
|
ঊষা:
|
জানো তুমি কাক ভালপোৱা।
|
চিত্ৰ:
|
ভালতো সকলোকে পাওঁ।
|
চিত্ৰ:
|
এৰা সেই গুণেই সকলোৰে ভালপোৱাখিনিকে কৰি থলো। কেনে পাবা? বৰ ভাল হ’ল নহয়নে?
|
অনিৰুদ্ধ:
|
নহয় নহয়, ভাল নাই হোৱা, আমি খাবলৈ পাবলগীয়া বিয়াহে আমাক লাগে।
|
ঊষা:
|
আমিও নেৰো, তুমি কিয় বিয়া পাতি আমাক খাবলৈ নিদিবা, দিয়া কি দিয়া?
|
চিত্ৰ:
|
দুখুনী সখীয়েৰাৰনো আৰু কি আছে? দুটা চুমাকে খোৱা। বেছ তৃপ্তি হ’ব নহয় জানো?
|
চিত্ৰ:
|
তোমাকনো আৰু কি দিম। মোৰ মৰম-চেনেহখিনিকে জোলোঙাত ভৰাই লৈ যোৱাগৈ। যেতিয়াই মন যায় অলপ অলপ খাবা, নহ’লে ইচ্ছা হ’লে ইয়াতেই তাক খাই শেষ কৰি যাব পাৰা।
|
ঊষা:
|
বাৰু সখী। তুমি এবাৰ আমাৰ তালৈ যাবানে? সখী! যাবানে?
|
চিত্ৰ:
|
যাম নিশ্চয়। (হাঁহি) যেতিয়া আমাৰ সখীৰ ইমানটি [ ৮৭ ] অকণমানি সৰগৰ পাৰিজাতৰ কলি এটি আহি কোলাত ফুলিব তেতিয়া দেই সখী
|
(সকলোৱে হাঁহে, ঊষাই লাজ কৰে)
চিত্ৰ:
|
কুমাৰ! আজিতো দুয়োৰে বিদায়। আমাৰ দুখুনীৰ ঘৰতনো কি পাবা এই দুবৰি দলিচাখনিতে বহা। আমি অলপ গীত-মাত গাই ৰং-ধেমালি কৰো।
|
চিত্ৰ:
|
পত্ৰ। পত্ৰ। তোমালোকে এটা নামকে গোৱা।—
|
বাৰীৰ পিছ ফালে তগৰ
সখিৰ তাঁত শালে তগৰ
বহি জোলাফুলে বাছেকি তগৰ
আজি সুদা হ’ব ঊষাৰে নগৰ।
অনিৰুদ্ধ:
|
বেজাৰ লগা নাম নেগাবা সখীহঁত! যাবৰ সময়ত আনন্দৰ গীত গাব লাগে!
|
চিত্ৰ:
|
নহয় নহয়— তোমালোকৰ আনন্দ, আমাৰ বেজাৰ— তাৰে মাজতে গাব লাগে!
|
চিত্ৰ:
|
বাৰু, তোমালোকে লগোৱা মই পাছত লগাই নিম। উঠা, পত্ৰ! চন্দ্ৰ! তোমালোক দুজনীয়ে নাচা আজিয়েই আৰু সখীৰ সৈতে ভালকৈ ৰং-ধেমালি কৰি লওঁ।
|
(চন্দ্ৰ আৰু পত্ৰই নূপুৰ বজাই নাচে)
[ ৮৮ ]
চিত্ৰ:
|
মুখত যি ওলায় তাকে গাবা আকৌ।
|
পত্ৰ:
|
নূপুৰে মাতে ৰুণ জুন
নূপুৰে মাতে ৰুণ জুন
নূপুৰে মাতে।
|
চিত্ৰ:
|
সখী যাবৰ বেলি
আমাৰ হিয়াখনি
বিষাদে ছাটে।
|
চিত্ৰ:
|
বিদায়ৰ পৰতে!
চলে চলি চকুতে
চকুপানী নাটে।
সখী চকুপানী নাটে।
যোৱা সখী দিছো বিদায়
মনতে ৰাখিবা সদায়
এৰানো কি সতে।
|
সখীবোৰ:
|
সখী এৰানো কি সতে।
|