পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৭

অকণমানি সৰগৰ পাৰিজাতৰ কলি এটি আহি কোলাত ফুলিব তেতিয়া দেই সখী

(সকলোৱে হাঁহে, ঊষাই লাজ কৰে)

ঊষা: ইস্ যোৱাহে
চিত্ৰ: কুমাৰ! আজিতো দুয়োৰে বিদায়। আমাৰ দুখুনীৰ ঘৰতনো কি পাবা এই দুবৰি দলিচাখনিতে বহা। আমি অলপ গীত-মাত গাই ৰং-ধেমালি কৰো।

(ঊষা অনিৰুদ্ধ দুয়ো বহে)

চিত্ৰ: পত্ৰ। পত্ৰ। তোমালোকে এটা নামকে গোৱা।—

(সখীবোৰে বহে)

(সখীবোৰে গায়)

নাম

বাৰীৰ পিছ ফালে তগৰ
 সখিৰ তাঁত শালে তগৰ
বহি জোলাফুলে বাছেকি তগৰ
আজি সুদা হ’ব ঊষাৰে নগৰ।

অনিৰুদ্ধ: বেজাৰ লগা নাম নেগাবা সখীহঁত! যাবৰ সময়ত আনন্দৰ গীত গাব লাগে!
চিত্ৰ: নহয় নহয়— তোমালোকৰ আনন্দ, আমাৰ বেজাৰ— তাৰে মাজতে গাব লাগে!
সখীবোৰ: হয় হয়।
চিত্ৰ: বাৰু, তোমালোকে লগোৱা মই পাছত লগাই নিম। উঠা, পত্ৰ! চন্দ্ৰ! তোমালোক দুজনীয়ে নাচা আজিয়েই আৰু সখীৰ সৈতে ভালকৈ ৰং-ধেমালি কৰি লওঁ।

(চন্দ্ৰ আৰু পত্ৰই নূপুৰ বজাই নাচে)

গোৱা—
পত্ৰ: কিনো গাম?