পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৬

চিত্ৰ: (হাঁহি) তোমাকনো আৰু এৰিব পাৰোনে?
অনিৰুদ্ধ: এৰা কেনেকৈনো এৰে— পিছে নোৱৰাতহে যেনিবা।
চিত্ৰ: পাৰিলেনো বাৰু?
ঊষা: বাৰু হ’ল দিয়া— পিছে— পিছে— (অনিৰুদ্ধৰ ফালে চায়)
অনিৰুদ্ধ: এৰা— লগেভাগে হোৱাই ভাল আছিল, কি বোলা চিত্ৰ?
চিত্ৰ: (হাঁহি) কি?
অনিৰুদ্ধ: বোলো সখীয়েকৰ যি হৈছে সেয়ে।
চিত্ৰ: অঁ— পিছে এৰা— কাৰ সৈতেনো?
ঊষা: জানো তুমি কাক ভালপোৱা।
চিত্ৰ: ভালতো সকলোকে পাওঁ।
ঊষা: তেন্তে তুমি—
চিত্ৰ: এৰা সেই গুণেই সকলোৰে ভালপোৱাখিনিকে কৰি থলো। কেনে পাবা? বৰ ভাল হ’ল নহয়নে?
অনিৰুদ্ধ: নহয় নহয়, ভাল নাই হোৱা, আমি খাবলৈ পাবলগীয়া বিয়াহে আমাক লাগে।
ঊষা: আমিও নেৰো, তুমি কিয় বিয়া পাতি আমাক খাবলৈ নিদিবা, দিয়া কি দিয়া?
চিত্ৰ: দুখুনী সখীয়েৰাৰনো আৰু কি আছে? দুটা চুমাকে খোৱা। বেছ তৃপ্তি হ’ব নহয় জানো?
অনিৰুদ্ধ: পিছে আমাক?
চিত্ৰ: তোমাকনো আৰু কি দিম। মোৰ মৰম-চেনেহখিনিকে জোলোঙাত ভৰাই লৈ যোৱাগৈ। যেতিয়াই মন যায় অলপ অলপ খাবা, নহ’লে ইচ্ছা হ’লে ইয়াতেই তাক খাই শেষ কৰি যাব পাৰা।
ঊষা: বাৰু সখী। তুমি এবাৰ আমাৰ তালৈ যাবানে? সখী! যাবানে?
চিত্ৰ: যাম নিশ্চয়। (হাঁহি) যেতিয়া আমাৰ সখীৰ ইমানটি