পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৫

ওলাই আহে তাৰ পাছতে আনন্দত বিভোৰ হৈ) নহয় নহয়— তোমাৰ-মোৰ কোনে বিচ্ছেদ ঘটাব পাৰিব? তামাকে-মোকে বিধাতাই লগৰীয়া কৰি দিছে, কোনো এৰুৱাব পাৰিব বাৰু? তোমাৰ লগে সাত বৰণৰ তুলি লৈতো মই আছিলো আৰু থাকিমেই তোমাৰ মধুৰ আগমন জনাবলৈ কত বৰণৰে দিশ-বিদিশ ৰঞ্জিত কৰি দিম তুমি যেতিয়া পূৰ্বাঞ্চলত ভৰপক যৌৱনৰ দেহাৰে অলপ জুৰণি লৈ সন্ধিয়া কুমাৰক লগ পাবলৈ লৰি আহিবা, মই সন্ধিয়াৰ দেশলৈ গৈ তোমাৰ মিলন কুঞ্জত বৰণৰ ওপৰত বৰণ সানি জকমকীয়া কৰি থম তাৰ পিছত যেতিয়া তোমাৰ প্ৰিয়তমৰ অধৰ চুমি তুমি জিৰণি ল’বলৈ অস্তাচলৰ প্ৰাসাদত সোমাবগৈ তেতিয়া মই তোমালোকৰ লাজ লাগে বুলি ক’লা বৰণ সানি সকলোৰে দৃশ্যৰ আগত এখনি আঁৰ-কাপোৰ তৰি সখীক হেঁপাহ পলুৱাই প্ৰণয়-মদিৰা পিবলৈ এৰি দিম তাৰ পিছত তোমাৰ মিলন নিশা পোহৰাবলৈ জোনবাইৰ ওঠৰপৰা ৰূপালী ৰহণখিনি আনি বনে বনে সানি দিম তোমাৰ প্ৰণয়বিহ্বল উৱলা গাটি টঙাই ল’বলৈ কণ্ঠ মোৰ নৈয়ে-বনে জুৰিয়ে-পুৰীয়ে বিলাই দিম সন্ধিয়াৰ সমীৰণ হৈ মই সেই ফৰিংফুটা জোনাকত গছৰ ডালে-পাতে কাৰেঙে কাৰেঙে কুঞ্ছই কুঞ্জই; ফুলৰ পাহিত মৃদু মৃদু চৰণক্ষেপেৰে হালি-জালি লয়লাসে নাচি ফুৰিম আৰু হাতত থকা সুগন্ধিবোৰ তোমাৰ চৌপাশে বিলাই দিম তেন্তে তোমাৰ সৈতে মোৰতো আৰু বিচ্ছেদ নহয়— সদায় মই তোমাৰ লগৰীয়া নহয়নে বাৰু সখী (মনতে হাঁহি) কি আনন্দ! কেনে সুখ! কেনে বিতোপন— সখীৰে মোৰে আৰু কেতিয়াও এৰা-এৰি নহয় তেনে ধেমালিকে আমি দুয়ো কৰি থাকিম বাৰু। (এনেতে পত্ৰলেখা আহে)

পত্ৰ: কি কৰিছা সখী? ঊষাই তোমাক বিচাৰি আহিছে। কুমাৰো আহিছে। (অনিৰুদ্ধ, ঊষা আৰু সখীবোৰ সোমাই আহে)
ঊষা: সখী তুমি মোক এৰি অকলে অকলে বহি আছাহি বাৰু?