পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৮

চিত্ৰ: মুখত যি ওলায় তাকে গাবা আকৌ।
পত্ৰ: ও ধৰিবা তেন্তে—

গীত

পত্ৰ: নূপুৰে মাতে ৰুণ জুন

 নূপুৰে মাতে ৰুণ জুন
 নূপুৰে মাতে।

চিত্ৰ: সখী যাবৰ বেলি

 আমাৰ হিয়াখনি
 বিষাদে ছাটে।

সখীবোৰ: সখী বিষাদে ছাটে।
চিত্ৰ: বিদায়ৰ পৰতে!

চলে চলি চকুতে
চকুপানী নাটে।
সখী চকুপানী নাটে।
যোৱা সখী দিছো বিদায়
মনতে ৰাখিবা সদায়
এৰানো কি সতে।

সখীবোৰ: সখী এৰানো কি সতে।
 

আঁৰ-কাপোৰ