সমললৈ যাওক

শোণিত কুঁৱৰী/লেখকৰ পাতনি

ৱিকিউৎসৰ পৰা
[  ]
 

লেখকৰ পাতনি

 

 আজি প্ৰায় কুৰি বছৰৰো আগতে মোৰ প্ৰথম নাট শোণিত কুঁৱৰী ৰাইজৰ আগলৈ উলিয়াইছিলো।

 মই স্কুলত পঢ়া বয়সতে শেণিত কুঁৱৰী নাট লিখি সম্পূৰ্ণ কৰো। তেতিয়া মোৰ বয়স আছিল চৈধ্য বছৰ। উচ্চ ইংৰাজী স্কুলৰ যেতিয়া দশম মানত উঠো তেতিয়া আকৌ এই নাটখন এবাৰ হাত ফুৰাই সুমাই থওঁ। তাৰ পিছত কলেজীয়া জীৱনত বিশেষকৈ ১৯২১ চনত অসহযোগ আন্দোলনে অন্তৰত এটা প্ৰবল জাতীয় অনুপ্ৰেৰণা যোগায়। তেতিয়াৰপৰাই অসমীয়া সংস্কৃতিৰ নিজা বৈশিষ্ট্য কেনেকৈ অসমীয়া সাহিত্য, কলা, সঙ্গীতত ফটাই তুলিব পাৰি তাৰ বাবে এটা ধাউতি হ’বলৈ ধৰে।

 সেই সময়ত অসমীয়া নাট্য-সাহিত্য আৰু সঙ্গীতৰ ওপৰত বঙলা নাটক আৰু সঙ্গীতৰ প্ৰচণ্ড প্ৰভাৱ। আমাৰ ‘মঞ্চ’বোৰত বেছি ভাগেই অনুবাদ কৰা বঙলা নাটক আৰু সেই নাটকত বঙলা গীত-সুৰ চলিছিল।

 সাহিত্যগুৰু পদ্মনাথ গোহাঁইবৰুৱাদেৱৰ লিখনীৰ পৰা ওলোৱা মৌলিক নাটবোৰৰ যদিও অভিনয় কৰা হৈছিল। তথাপি অসমীয়া অভিনেতাসকলে তেখেতৰ নাটকৰ ভাষা নাটকীয় নোহোৱা বুলি সেই নাটকবোৰৰ বৰ কম অভিনয় কৰিছিল। সাহিত্যৰথী বেজবৰুৱাদেৱৰ নাটকত যদিও অসমীয়া জীৱন্ত চৰিত্ৰ আৰু জাতীয়তা ফুটি উঠিছিল আৰু নাট্য-সাহিত্য আৰু গীত-মাতৰ ফালৰ পৰা অসমীয়া বৈশিষ্ট্যৰ পূৰ আছিল— তথাপিও সেইবোৰ নাটক ৰঙ্গমঞ্চৰ অনুপযোগী বুলি বৰকৈ অভিনীত নহৈছিল। বঙলা নাটকৰ অনুবাদেই অসমৰ এমূৰৰপৰা আন মূৰলৈ প্ৰভুত্ব কৰি আছিল।

 হিন্দুস্থানী আৰু বঙলা সঙ্গীতেই অসমত ৰাজত্ব কৰিছিল। মুঠৰ ওপৰত ক’বলৈ গ’লে অসমীয়া চহৰীয়া শিক্ষিত সমাজৰ মানত অসমীয়া বৰগীত, বনগীত, বিহুগীত ইত্যাদি অসমীয়া সঙ্গীতৰ একেবাৰেই আদৰ নোহাৱাত পৰিছিল— মাথোন অসমীয়া সঙ্গীতে, অসমীয়া নাট্য-সাহিত্যই অসমৰ সত্ৰই সত্ৰই অসমৰ গাঁৱে গাঁৱেহে নিজ ৰূপত প্ৰকাশিত হৈ আছিল। অসমীয়া শিক্ষিত সমাজে সেই সংগীতক, সেই নাট্য সাহিত্যক আপোনাৰ সংস্কৃতিৰ বাহানি বুলি [  ] উপেক্ষা কৰিছিল— অৱশ্যে দেশপ্ৰেমিক সাহিত্যিকসকলে এই বিষয়ে উপলব্ধি কৰি অসমীয়াৰ নিজা সাংস্কৃতিক বৈশিষ্ট্যলৈ ঘূৰাই নিবলৈ যথেষ্ট যত্ন নকৰাকৈ থকা নাছিল।

 সংগীত-ওজা লক্ষ্মীৰাম বৰুৱায়ো অসমত হিন্দুস্থানী সংগীতৰেই প্ৰচাৰ কৰিছিল। তেখেতৰ যহত সেই সময়ত বৈজ্ঞানিকভাৱে সংগীতচৰ্চাৰ যদিও অসমত প্ৰচলন হৈছিল— তথাপিও অসমীয়া সংগীতক নতুন যুগৰ বৰসবাহলৈ অনাৰ চেষ্টা বিশেষ নাছিল। পুৰণি সংগীতৰ নিদৰ্শন হিছাপে বৰগীত, ভকতীয়া গীত, আইনাম, বিয়ানাম যদিও মাজে-সময়ে দুই-এটাই শিক্ষিত সমাজত ভুমুকি মাৰিবলৈ কেতিয়াবা সুবিধা পাইছিল— সিও উপযুক্ত আদৰ-সাদৰৰ অভাৱত গাঁৱে-ভূঞে আপোন সুৰত বিনাবলৈ গুচি গৈছিল। মুঠৰ ওপৰত অসমীয়া শিক্ষিতসকলে অসমীয়া সংস্কৃতিক গ্ৰাম্য বুলি গণ্য কৰি তাক নতুন যুগত পশ্চিমৰ পৰা বঙলাৰ যোগেদি অহা সাংস্কৃতিক সম্পদৰ শাৰীত ঠাই পাবৰ উপযুক্ত নহয় বুলিয়েই ভাবিছিল।

 এনে সময়ত আমি আমাৰ ল’ৰাকালত অসমীয়া গানৰ বিষয়ে অনুপ্ৰেৰণা পাইছিলো অসমীয়া গীতিকবি শ্ৰীযুত পদ্মধৰ চলিহাদেৱৰ পৰা। তেখেতৰ ‘ফুলনি’ৰ গীতবোৰ যদিও বঙলুৱা সুৰতেই ৰচনা কৰা আছিল তথাপি সেই সময়ত বঙালী গানৰ প্ৰাদুৰ্ভাবৰ দিনত তেখেতৰ গানে অসমীয়া গানলৈ নতুন ডেকাসকলৰ মন আকৰ্ষণ কৰিলে। ইয়াৰ পিছতেই শোণিত কুঁৱৰীৰ যোগেদি ওলোৱা গীত আৰু অসমীয়া সুৰে অসমীয়া সংগীত-জগতলৈ এটা নতুন যুগ লৈ আহিল। তেতিয়াৰেপৰাই শিক্ষিত সমাজত অসমীয়া বিহুনাম, বিয়ানাম, আইনাম, দেহ-বিচাৰৰ গীত, টোকাৰী গীত, বনগীত ইত্যাদিৰ বহুল প্ৰচলন হ’বলৈ ধৰে। এই সময়তেই তাৰো অলপ আগৰে পৰা শ্ৰীযুত অম্বিকাগিৰি ৰায়চৌধুৰীৰ চেষ্টাত বৰগীতে বিশেষভাৱে অসমীয়া চহৰীয়া শিক্ষিত সমাজৰ মন আকৰ্ষণ কৰে। আৰু এই সময়ৰ পৰাই অসমীয়া উচ্চ সংগীতে আৰু লোক-সংগীতে গাঁৱৰপৰা-সত্ৰৰ পৰা ওলাই আহি চহৰীয়া শিক্ষিতৰ ড্ৰইং-ৰুমত, থিয়েটাৰত, সভা-সমিতিত নিজৰ উপযুক্ত আসনত প্ৰতিষ্ঠিত হয়। আৰু তাৰ পিছৰ পৰাই অসমীয়া গান, সুৰ ৰচক আৰু সংগীতজ্ঞ শ্ৰীযুত প্ৰসন্নলাল চৌধুৰী, শ্ৰীযুত কমলানন্দ ভট্টাচাৰ্য, শ্ৰীযুত পাৰ্বতিপ্ৰসাদ বৰুৱা, শ্ৰীযুত কমলাপ্ৰসাদ আগৰৱালা, শ্ৰীযুত মোহনলাল চৌধুৰীকে আদি কৰি সুগায়ক শ্ৰীযুত [  ] প্ৰফুল্লন্দ্ৰ বৰুৱাৰ চেষ্টাত অসমীয়া সংগীতে এটা আধুনিক বাটেদি আগবাঢ়ি যাবলৈ ধৰে।

 তাৰ পিছতে ৮ ১০ বছৰ উকলি যোৱাৰ পিছত শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভা, শ্ৰীযুত কীৰ্তিনাথ বৰদলৈদেৱে আৰু তেখেতৰ পুতেক শ্ৰীযুত মুক্তিনাথ বৰদলৈদেৱে আৰু গীতিকবি শ্ৰীযুত উমেশচন্দ্ৰ চৌধুৰী আৰু শ্ৰীমান আনন্দি দাস আদিয়ে অসমীয়া সঙ্গীতৰ এই আধুনিক ৰূপক অগিবঢ়াবলৈ আৰু তাক পুষ্ট কৰিবলৈ বিশেষ দান দিয়েহি।

 সেই কাৰণেই শোণিত কুঁৱৰী নাটখন অসমীয়া সঙ্গীত বুৰঞ্জীৰ এটা আটাইতকৈ লাগতিয়াল পাত।

 শোণিত কুঁৱৰীৰ নাটকৰ গীতত অসমীয়া সুৰ কেনেকৈ সংযোজিত হ’বলৈ পালে এই বিষয়ে ৰাইজে শুনি ভাল পাব পাৰে।

 মই শোণিত কুঁৱৰী নাট তেজপুৰৰ বাণ থিয়েটাৰত অভিনয়ৰ কাৰণে দিয়াৰ আগতে বাণ থিয়েটাৰত অনুবাদ নাটকৰ অভিনয়বোৰত যোগ দিবলৈ ধৰো। নাটকবোৰৰ গানৰ সুৰবোৰ আমি সদায় কলিকতাত সেই নাটকবোৰৰ অভিনষ চাই তাৰপৰা সুৰ সংগ্ৰহ কৰি আনো। ১৯২১ চনত জাতীয় ভাবৰ এটা অনুপ্ৰেৰণা অহাত আমাৰ অসমীয়া নিজস্ব সুৰ থিয়েটৰী গানত দিব পাৰি নে নোৱাৰি ইত্যাদি ভাবে খেলাবলৈ ধৰে। সাহিত্যৰথী বেজবৰুৱাৰ নাটকৰ গীতৰ ভাষা যদিও জতুৱা ঠাঁচৰ আছিল তথাপিও সেই গীতবোৰো প্ৰচলিত হিন্দুস্থানী আৰু বঙলা সুৰতহে গোৱা হৈছিল। ইফালে বিহুগীত, বনগীত, আইনাম, বিয়ানাম, টোকাৰী নামবোৰ যে থিয়েটাৰৰ গানত ব্যৱহাৰ কৰিব পাৰি আৰু তাক আধুনিক যন্ত্ৰপাতিৰে বজাই নতুন যুগৰ উপযোগী সাজ-পাৰেৰে উলিয়াই আনিব পাৰি এই কথাটোও আমাৰ মনত নেখেলাইছিল আৰু আমি শিক্ষিত ডেকাবোৰে সেইবোৰ গাঁৱলীয়া সমাজৰ বস্তু বুলিয়েই ধাৰণা কৰি আছিলো।

 মোৰ পিতৃদেৱতা পৰমানন্দ আগৰৱালা এজন সুসংগীতজ্ঞ আছিল। তেখেত সংগীত-ওজা লক্ষ্মীৰাম বৰুৱাৰ সহযোগী আছিল। তেখেত কেবাটাও যন্ত্ৰত পাকৈত আছিল। আমাৰ পৰিয়ালত সংগীত আৰু কলাসাধনাৰ অনুপ্ৰেৰণা আমি লৰাবোৰে তেখেতৰপৰাই পাই এই কলা সাধনাৰ বাটত আগবাঢ়োঁ। এদিন বাণ থিয়েটাৰত শোণিত কুঁৱৰী নাটকৰ আখৰা কৰি আহি ঘৰ সোমাই শুনিলো— পিতৃদেৱে কীৰ্তনৰ “কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে” এই পদ জাত লগাই অৰ্গেনৰ সৈতে গাই আছে। হঠাৎ মনৰ ভিতৰত [  ] এটা বিজুলী সঞ্চাৰ হৈ গ’ল। অসমীয়া পদ অৰ্গেনত বজাই গোৱা আগতে শুনা নাছিলোঁ। তাৰ পিছত দেউতাই আকৌ গালে এটা অসমীয়া নাম অৰ্গেনত বজায়েই—

অ’ আইটী বেঙুন বৰা
চৰকাৰৰ ছ অনা
পুলিচৰ লয়না
থানালৈ পল্টন কাৱাজ কৰা।

নামটো শুনি নানা ভাবে জুমুৰি দি ধৰিলে। আকৌ দেউতাই গালে—

তুলসীৰ তলে
মৃগপহু চৰে—
তাকে দেখি ৰামচন্দ্ৰ—
শৰ ধনু ধৰে ৰাম ৰাম
শৰ ধনু ধৰে।

 সেইদিনা ৰাতি আৰু টোপনি ভালকৈ নাহিল। গোটেই নিশাটো অসমীয়া গানৰ সুৰবোৰ মোৰ শোণিত কুঁৱৰী নাটৰ গীতত লগাই কেনেকৈ নতুন অসমীয়া সুৰীয়া গান ৰচনা কৰিব পাৰি তাক ভাবোতেই ৰাতি পুৱাল। ইমান দিনৰপৰা বিচাৰি কিবা এটা হাততে পোৱাত মনটো উগুল-থুগুল লাগিবলৈ ধৰিলে। পুৱা জলপান খাই বেগাবেগিকৈ গলোঁগৈ বাণ-মঞ্চলৈ। তাত নতুনকৈ মঞ্চ সজা হৈছিল। বাঢ়ৈবিলাকে কাম কৰিব লাগিছে। এফালে চিত্ৰকৰ শ্ৰীযুত পিয়াৰী মোহন চৌধুৰীয়ে দৃশ্যপট আঁকিছে। ছোঁ-ঘৰত কেইজনমান উৎসাহী অভিনেতাই আখৰা কৰিছেহি পুৱা বেলাতেই। মই এচুকত হামনিয়ামটো লৈ বহিলোঁ। — ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’ গীতটো অসমীয়া নামৰ সুৰ দিবলৈ। সুৰ লগাই গালোঁ নামৰ সুৰেৰেই। গীতটোৰ আন্তৰাডোখৰো ৰচনা কৰি গাই চালোঁ। অভিনৱ এটা উন্মাদনা— প্ৰণটোৱে ইচাটি-বিচাটি কৰিবলৈ ধৰিলে। গোটেই সুৰটো ওলাই আহিল। আনন্দত অধীৰ হৈ ডাঙৰকৈ গাবলৈ ধৰিলোঁ। পিয়াৰীমোহনে পট অঁকা এৰি ওচৰত ৰৈ অলপ আচৰিত হৈ সুধিলে, “কিহে এইটো— বিয়ানামৰ নিচিনা গান দেখোন?” মই একো উত্তৰ দিব নোৱাৰিলোঁ।

 শোণিত কুঁৱৰীৰ গীতবোৰত এইদৰে বিয়ানাম, আইনাম, বনগীত, বিহুগীতৰ সুৰেৰে নতুন ধৰণৰ সুৰ দিলোঁ আৰু সেই সুৰবোৰ নাটৰ ভাৱৰীয়া আৰু সখীৰ ভাও লোৱা ল’ৰাবোৰক [  ] দিলোঁ গাবলৈ। প্ৰথমতে কিন্তু আটাইবিলাকৰপৰা আপত্তি হ’বলৈ ধৰিলে। কলিকতীয়া থিয়েটৰী সুৰ আৰু উচ্চাগংৰ হিন্দুস্থানী সংগীতত অভ্যস্তসকলে নাক সিকটাই নানা ঠাট্টা-বিদ্ৰূপ কৰি কবলৈ ধৰিলে, “ই! এতিয়া হোজা গাঁৱলীয়া নামবোৰ— আমি গাব লাগিবনে? এই ষ্টেজত বিহু মাৰিমনে?” বয়স আছিল কোমল! এদিন খং আৰু বেজাৰত ছোঁ-ঘৰত কন্দনামুৱা হৈ বহি থাকিলোঁ। পিছত পিয়াৰীমোহনক কলোঁ, “মোৰ যদি নতুন অসমীয়া সুৰীয়া গানবোৰ নাগায়। তেন্তে মই মোৰ নাটকো কৰিবলৈ নিদিওঁ আৰু মই বাণ থিয়েটাৰত একো সহযোগ নকৰোঁ।” পিয়াৰীমোহনে নানা বুজনি দি ধৈৰ্য ধৰি আগবাঢ়িবলৈ ক’লে। কেইদিনমান পিছতে ‘চিত্ৰলেখা’ৰ ভাও লোৱা সঙ্গীতবিদ্ শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱা (তেতিয়া কলেজীয়া ছাতৰ) কাশীৰপৰা তেজপুৰ পালেহি আৰু তেওঁ চিত্ৰলেখাৰ ভাৱত গাবলগীয়া গীতবোৰৰ মোৰ পৰা অসমীয়া সুৰবোৰ শুনি আনন্দত উৰুলীকৃত হৈ উঠিল। ‘আমাৰ অসমীয়া সুৰ উভতি আহিল’ বুলি তেখেতে সেই সুৰবোৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। সকলোৰে আগতে আৰু তেখেতৰ সুললিত কণ্ঠৰপৰা ওলাই সেইবোৰ সুৰে লাহে লাহে সকলোৰে মন আকৰ্ষণ কৰিবলৈ ধৰিলে। এমাহ মানৰ পিছত মানুহৰ ৰাপ সলনি হৈ আহিল। নতুন অসমীয়া-সুৰীয়া গীতহে সকলোৱে শুনিবলৈ ভাল পোৱা হ’ল। এই দৰেই আৰম্ভ হ’ল অসমীয়া সঙ্গীতৰ এক নৱযুগ।

 লাহে লাহে যদিও অসমীয়া নতুন সুৰে অসমীয়া শিক্ষিতসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে তথাপি সেই সময়ত হিন্দুস্থানী সঙ্গীতত ৰাপ থকাসকলৰ পৰা এই নতুনকৈ ওপজা কুমলীয়া সঙ্গীতৰ সুৰবোৰে নানা বিদ্ৰুপ-গৰিহণা আৰু আক্ৰোশৰ আঘাত সহিবলগীয়াত পৰিল। গুৱাহাটীত এদিন শ্ৰীযুত প্ৰসন্নলাল চৌধুৰীদেৱৰ ‘নীলাম্বৰ’ নাটকৰ এজনী নৰ্তকীৰ মুখত তাই গাবলগীয়া গীতৰ মই দিয়া অসমীয়া সুৰ শুনি এজন সঙ্গীতজ্ঞই ক’লে, “অ বাপা! ইয়োনো এটা গাননে?”

 ইয়াৰ পিছতে গুৱাহাটীতে বহিল অসম সাহিত্যসভাৰ সপ্তদশ অধিবেশন। সভাপতি হৈ আহিল— সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্য-সভাৰ অধিবেশনত গাবলৈ বুলি শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱাই ‘গছে গছে পাতি দিলে’ আৰু ‘ৰূপহ কোঁৱৰৰ চুমা পৰশত’ এই দুটা অসমীয়া-সুৰীয়া গীত ঠিক কৰিলে। মই ক’লো “নালাগে [  ] গাব— মই আৰু ঠাট্টা-বিদ্ৰূপৰ কোবত গুৱাহাটীত থাকিব নোৱৰা হ’ম।” প্ৰফুল্লচন্দ্ৰ বৰুৱাই কিন্তু গাবলৈ দৃঢ়প্ৰতিজ্ঞ। সভাৰ অধিবেশনত সেই গীত গোৱাৰ সময়ত যেতিয়া বৰুৱা গৈ সভাৰ আগত গাবলৈ থিয় হ’ল— মই মানুহে হাঁহিব বুলি সভাৰপৰা ওলাই গৈ শ্ৰীযুত বিষ্ণু মেধিদেৱৰ ঘৰৰ আগত জামু গছৰ তলত ৰৈ থাকিলো। কিছুপৰৰ পিছত মোৰ বন্ধু শ্ৰীযুত উমেশ বৰুৱাই লৰি আহি মোক মাতি নিলেহি, “ভয় নাই, ভয় নাই। মানুহে তোমাৰ সুৰৰ বৰ শলাগ লৈছে।” ময়ো সন্তুস্ত হৈ আকৌ সভাঘৰ সোমাই শুনিলো— পণ্ডিত লক্ষ্মীনাথ শৰ্মাদেৱ অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে আৱেগময়ী ভাষাত বক্তৃতা দি কৈছে— “আজি সভাত যতবোৰ গান শুনিলো— একাণেদি সোমাই আন কাণেদি ওলাই গ’ল, কিন্তু এই অসমীয়া সুৰৰ গান দুটা মোৰ প্ৰাণৰ ভিতৰলৈ সোমাল”… ইত্যাদি। সভাৰ সকলোৰে গীতৰ সুৰৰ বিষয়ে আলোচনা কৰিবলৈ লাগিল; মহিলাসকলে এইবিষয়ে গুণগুণাবলৈ ধৰিলে। অসমীয়া সুৰে সকলোৰে প্ৰাণতে অভিনৱ স্পন্দন তুলিবলৈ ধৰিলে।

 এই সাহিত্য-সভাৰ অধিবেশনৰ পিছৰ পৰাই অসমত অসমীয়া সুৰৰ প্ৰভাৱ আৰম্ভ হ’ল। পিছদিনা পুৱা বেজবৰুৱা, হেম গোসাঁই আৰু শ্ৰীযুত যতীন দুৱৰাই নিউপ্ৰেছ, খাৰঘূলিলৈ গৈ মোক কাণে-মূৰে হাত ফুৰাই মৰম কৰি নানা উৎসাহ-উদ্দীপনা দিলেগৈ। ময়ো সেই সাহিত্যৰ গুৰুসকৰ আশীৰ্বাদ মূৰত লৈ অসমীয়া সঙ্গীতৰ সাধনাত আগবাঢ়িবলৈ মনতে দৃঢ়প্ৰতিজ্ঞ হ’লো।

 অসমীয়া সুৰৰ লগতে এই শোণিত কুঁৱৰী নাটৰ নাচৰ যোগেদিও মই অসমীয়া বিহুনাচ আৰু কামৰূপী নাচ অসমীয়া মঞ্চত তুলিবলৈ প্ৰথম চেষ্টা কৰো। চিত্ৰলেখাৰ ‘পদুমকলি’ নাচটো অসমীয়া বিহুনাচ আৰু ভাওনাৰ নাচৰ ভঙ্গীৰ সমাবেশ কৰি দেখুৱা হৈছিল আৰু ইয়াৰ পৰাই, অসমীয়া নৃত্যৰ পিনে অসমীয়া নৃত্য-কলাত ৰাপ থকা সকলৰ মন ঢাল খাবলৈ ধৰে। গুৱাহাটীত এদিন এনে অসমীয়া ভঙ্গীৰে দেখুৱা নাচ দেখি দৰ্শকসকলে বৰ আচৰিত হৈ কৈছিল— “এইটো কি আকৌ, হনুমান নাচনেকি?” কিন্তু সঙ্গীতজ্ঞ আৰু কলাপ্ৰিয় জমিদাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীদেৱে মঞ্চৰ ভিতৰলৈ আহি মোক সুধিছিল, “আপুনি এইবোৰ অজন্তাৰ ভংগীৰ পৰা গ্ৰহণ কৰিছেনেকি?” মই অসমীয়া বিহুনাচ আৰু ভাওনাত দেখা নাচৰ পৰা ইয়াক লৈছো বুলি কোৱাত তেওঁ বৰ আচৰিত হৈছিল— [  ] আৰু এই বিষয়ে মোক নানা উপদেশ আদি দি এই চেষ্টাৰ প্ৰশংসা কৰিছিল। আমাৰ এই বিহুনাচ আৰু ভাওনাত থকা কামৰূপী হিন্দু নৃত্যৰ মোল তেতিয়া অসমীয়া শিক্ষিত সমাজে একেবাৰেই নুবুজিছিল— মাথোন উপলুঙাহে কৰিছিল— কিন্তু ১০ বছৰ পিছত যেতিয়া উদয়শঙ্কৰে হিন্দুনৃত্য পৃথিৱীত দেখুৱাই তাৰ পৃথিবীজোৰা খ্যাতি অৰ্জন কৰিলে— তেতিয়াহে অসমীয়া শিক্ষিত সমাজে আৰু শিল্পীসকলে অসমীয়া ভাওনাৰ নাচ যে কি সাংস্কৃতিক আপুৰুগীয়া সম্পদ তাক উপলব্ধি কৰিব পাৰিলে। এইদৰে কত অসমীয়া সাংস্কৃতিক আপুৰুগীয়া সম্পদে এতিয়াও আমাৰ অৱহেলাত আন্ধাৰত চকুলো টুকিব লাগিছে। অসমৰ আজি স্বাধীনতাৰ দিনত নতুন দিনৰ শিল্পীসকলৰ দৃষ্টিত পৰি সেইবোৰে পোহৰলৈ আহি সিহঁতৰ হাঁহি বিলাবহি পাৰিব বুলি আশা কৰি— মোৰ এই শোণিত কুঁৱৰী নাটৰ দ্বিতীয় তাঙৰণৰ পাতনিৰ সামৰণি মাৰিলো।

 
তামোলবাৰী চাহবাগিচা
ডিব্ৰুগড় ১৯৪৮ চন

ৰাইজৰ আশীৰ্বাদাকাঙ্খী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

 
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )