পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলোঁ গাবলৈ। প্ৰথমতে কিন্তু আটাইবিলাকৰপৰা আপত্তি হ’বলৈ ধৰিলে। কলিকতীয়া থিয়েটৰী সুৰ আৰু উচ্চাগংৰ হিন্দুস্থানী সংগীতত অভ্যস্তসকলে নাক সিকটাই নানা ঠাট্টা-বিদ্ৰূপ কৰি কবলৈ ধৰিলে, “ই! এতিয়া হোজা গাঁৱলীয়া নামবোৰ— আমি গাব লাগিবনে? এই ষ্টেজত বিহু মাৰিমনে?” বয়স আছিল কোমল! এদিন খং আৰু বেজাৰত ছোঁ-ঘৰত কন্দনামুৱা হৈ বহি থাকিলোঁ। পিছত পিয়াৰীমোহনক কলোঁ, “মোৰ যদি নতুন অসমীয়া সুৰীয়া গানবোৰ নাগায়। তেন্তে মই মোৰ নাটকো কৰিবলৈ নিদিওঁ আৰু মই বাণ থিয়েটাৰত একো সহযোগ নকৰোঁ।” পিয়াৰীমোহনে নানা বুজনি দি ধৈৰ্য ধৰি আগবাঢ়িবলৈ ক’লে। কেইদিনমান পিছতে ‘চিত্ৰলেখা’ৰ ভাও লোৱা সঙ্গীতবিদ্ শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱা (তেতিয়া কলেজীয়া ছাতৰ) কাশীৰপৰা তেজপুৰ পালেহি আৰু তেওঁ চিত্ৰলেখাৰ ভাৱত গাবলগীয়া গীতবোৰৰ মোৰ পৰা অসমীয়া সুৰবোৰ শুনি আনন্দত উৰুলীকৃত হৈ উঠিল। ‘আমাৰ অসমীয়া সুৰ উভতি আহিল’ বুলি তেখেতে সেই সুৰবোৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। সকলোৰে আগতে আৰু তেখেতৰ সুললিত কণ্ঠৰপৰা ওলাই সেইবোৰ সুৰে লাহে লাহে সকলোৰে মন আকৰ্ষণ কৰিবলৈ ধৰিলে। এমাহ মানৰ পিছত মানুহৰ ৰাপ সলনি হৈ আহিল। নতুন অসমীয়া-সুৰীয়া গীতহে সকলোৱে শুনিবলৈ ভাল পোৱা হ’ল। এই দৰেই আৰম্ভ হ’ল অসমীয়া সঙ্গীতৰ এক নৱযুগ।

 লাহে লাহে যদিও অসমীয়া নতুন সুৰে অসমীয়া শিক্ষিতসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে তথাপি সেই সময়ত হিন্দুস্থানী সঙ্গীতত ৰাপ থকাসকলৰ পৰা এই নতুনকৈ ওপজা কুমলীয়া সঙ্গীতৰ সুৰবোৰে নানা বিদ্ৰুপ-গৰিহণা আৰু আক্ৰোশৰ আঘাত সহিবলগীয়াত পৰিল। গুৱাহাটীত এদিন শ্ৰীযুত প্ৰসন্নলাল চৌধুৰীদেৱৰ ‘নীলাম্বৰ’ নাটকৰ এজনী নৰ্তকীৰ মুখত তাই গাবলগীয়া গীতৰ মই দিয়া অসমীয়া সুৰ শুনি এজন সঙ্গীতজ্ঞই ক’লে, “অ বাপা! ইয়োনো এটা গাননে?”

 ইয়াৰ পিছতে গুৱাহাটীতে বহিল অসম সাহিত্যসভাৰ সপ্তদশ অধিবেশন। সভাপতি হৈ আহিল— সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্য-সভাৰ অধিবেশনত গাবলৈ বুলি শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱাই ‘গছে গছে পাতি দিলে’ আৰু ‘ৰূপহ কোঁৱৰৰ চুমা পৰশত’ এই দুটা অসমীয়া-সুৰীয়া গীত ঠিক কৰিলে। মই ক’লো “নালাগে