পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লেখকৰ পাতনি

 

 আজি প্ৰায় কুৰি বছৰৰো আগতে মোৰ প্ৰথম নাট শোণিত কুঁৱৰী ৰাইজৰ আগলৈ উলিয়াইছিলো।

 মই স্কুলত পঢ়া বয়সতে শেণিত কুঁৱৰী নাট লিখি সম্পূৰ্ণ কৰো। তেতিয়া মোৰ বয়স আছিল চৈধ্য বছৰ। উচ্চ ইংৰাজী স্কুলৰ যেতিয়া দশম মানত উঠো তেতিয়া আকৌ এই নাটখন এবাৰ হাত ফুৰাই সুমাই থওঁ। তাৰ পিছত কলেজীয়া জীৱনত বিশেষকৈ ১৯২১ চনত অসহযোগ আন্দোলনে অন্তৰত এটা প্ৰবল জাতীয় অনুপ্ৰেৰণা যোগায়। তেতিয়াৰপৰাই অসমীয়া সংস্কৃতিৰ নিজা বৈশিষ্ট্য কেনেকৈ অসমীয়া সাহিত্য, কলা, সঙ্গীতত ফটাই তুলিব পাৰি তাৰ বাবে এটা ধাউতি হ’বলৈ ধৰে।

 সেই সময়ত অসমীয়া নাট্য-সাহিত্য আৰু সঙ্গীতৰ ওপৰত বঙলা নাটক আৰু সঙ্গীতৰ প্ৰচণ্ড প্ৰভাৱ। আমাৰ ‘মঞ্চ’বোৰত বেছি ভাগেই অনুবাদ কৰা বঙলা নাটক আৰু সেই নাটকত বঙলা গীত-সুৰ চলিছিল।

 সাহিত্যগুৰু পদ্মনাথ গোহাঁইবৰুৱাদেৱৰ লিখনীৰ পৰা ওলোৱা মৌলিক নাটবোৰৰ যদিও অভিনয় কৰা হৈছিল। তথাপি অসমীয়া অভিনেতাসকলে তেখেতৰ নাটকৰ ভাষা নাটকীয় নোহোৱা বুলি সেই নাটকবোৰৰ বৰ কম অভিনয় কৰিছিল। সাহিত্যৰথী বেজবৰুৱাদেৱৰ নাটকত যদিও অসমীয়া জীৱন্ত চৰিত্ৰ আৰু জাতীয়তা ফুটি উঠিছিল আৰু নাট্য-সাহিত্য আৰু গীত-মাতৰ ফালৰ পৰা অসমীয়া বৈশিষ্ট্যৰ পূৰ আছিল— তথাপিও সেইবোৰ নাটক ৰঙ্গমঞ্চৰ অনুপযোগী বুলি বৰকৈ অভিনীত নহৈছিল। বঙলা নাটকৰ অনুবাদেই অসমৰ এমূৰৰপৰা আন মূৰলৈ প্ৰভুত্ব কৰি আছিল।

 হিন্দুস্থানী আৰু বঙলা সঙ্গীতেই অসমত ৰাজত্ব কৰিছিল। মুঠৰ ওপৰত ক’বলৈ গ’লে অসমীয়া চহৰীয়া শিক্ষিত সমাজৰ মানত অসমীয়া বৰগীত, বনগীত, বিহুগীত ইত্যাদি অসমীয়া সঙ্গীতৰ একেবাৰেই আদৰ নোহাৱাত পৰিছিল— মাথোন অসমীয়া সঙ্গীতে, অসমীয়া নাট্য-সাহিত্যই অসমৰ সত্ৰই সত্ৰই অসমৰ গাঁৱে গাঁৱেহে নিজ ৰূপত প্ৰকাশিত হৈ আছিল। অসমীয়া শিক্ষিত সমাজে সেই সংগীতক, সেই নাট্য সাহিত্যক আপোনাৰ সংস্কৃতিৰ বাহানি বুলি