পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপেক্ষা কৰিছিল— অৱশ্যে দেশপ্ৰেমিক সাহিত্যিকসকলে এই বিষয়ে উপলব্ধি কৰি অসমীয়াৰ নিজা সাংস্কৃতিক বৈশিষ্ট্যলৈ ঘূৰাই নিবলৈ যথেষ্ট যত্ন নকৰাকৈ থকা নাছিল।

 সংগীত-ওজা লক্ষ্মীৰাম বৰুৱায়ো অসমত হিন্দুস্থানী সংগীতৰেই প্ৰচাৰ কৰিছিল। তেখেতৰ যহত সেই সময়ত বৈজ্ঞানিকভাৱে সংগীতচৰ্চাৰ যদিও অসমত প্ৰচলন হৈছিল— তথাপিও অসমীয়া সংগীতক নতুন যুগৰ বৰসবাহলৈ অনাৰ চেষ্টা বিশেষ নাছিল। পুৰণি সংগীতৰ নিদৰ্শন হিছাপে বৰগীত, ভকতীয়া গীত, আইনাম, বিয়ানাম যদিও মাজে-সময়ে দুই-এটাই শিক্ষিত সমাজত ভুমুকি মাৰিবলৈ কেতিয়াবা সুবিধা পাইছিল— সিও উপযুক্ত আদৰ-সাদৰৰ অভাৱত গাঁৱে-ভূঞে আপোন সুৰত বিনাবলৈ গুচি গৈছিল। মুঠৰ ওপৰত অসমীয়া শিক্ষিতসকলে অসমীয়া সংস্কৃতিক গ্ৰাম্য বুলি গণ্য কৰি তাক নতুন যুগত পশ্চিমৰ পৰা বঙলাৰ যোগেদি অহা সাংস্কৃতিক সম্পদৰ শাৰীত ঠাই পাবৰ উপযুক্ত নহয় বুলিয়েই ভাবিছিল।

 এনে সময়ত আমি আমাৰ ল’ৰাকালত অসমীয়া গানৰ বিষয়ে অনুপ্ৰেৰণা পাইছিলো অসমীয়া গীতিকবি শ্ৰীযুত পদ্মধৰ চলিহাদেৱৰ পৰা। তেখেতৰ ‘ফুলনি’ৰ গীতবোৰ যদিও বঙলুৱা সুৰতেই ৰচনা কৰা আছিল তথাপি সেই সময়ত বঙালী গানৰ প্ৰাদুৰ্ভাবৰ দিনত তেখেতৰ গানে অসমীয়া গানলৈ নতুন ডেকাসকলৰ মন আকৰ্ষণ কৰিলে। ইয়াৰ পিছতেই শোণিত কুঁৱৰীৰ যোগেদি ওলোৱা গীত আৰু অসমীয়া সুৰে অসমীয়া সংগীত-জগতলৈ এটা নতুন যুগ লৈ আহিল। তেতিয়াৰেপৰাই শিক্ষিত সমাজত অসমীয়া বিহুনাম, বিয়ানাম, আইনাম, দেহ-বিচাৰৰ গীত, টোকাৰী গীত, বনগীত ইত্যাদিৰ বহুল প্ৰচলন হ’বলৈ ধৰে। এই সময়তেই তাৰো অলপ আগৰে পৰা শ্ৰীযুত অম্বিকাগিৰি ৰায়চৌধুৰীৰ চেষ্টাত বৰগীতে বিশেষভাৱে অসমীয়া চহৰীয়া শিক্ষিত সমাজৰ মন আকৰ্ষণ কৰে। আৰু এই সময়ৰ পৰাই অসমীয়া উচ্চ সংগীতে আৰু লোক-সংগীতে গাঁৱৰপৰা-সত্ৰৰ পৰা ওলাই আহি চহৰীয়া শিক্ষিতৰ ড্ৰইং-ৰুমত, থিয়েটাৰত, সভা-সমিতিত নিজৰ উপযুক্ত আসনত প্ৰতিষ্ঠিত হয়। আৰু তাৰ পিছৰ পৰাই অসমীয়া গান, সুৰ ৰচক আৰু সংগীতজ্ঞ শ্ৰীযুত প্ৰসন্নলাল চৌধুৰী, শ্ৰীযুত কমলানন্দ ভট্টাচাৰ্য, শ্ৰীযুত পাৰ্বতিপ্ৰসাদ বৰুৱা, শ্ৰীযুত কমলাপ্ৰসাদ আগৰৱালা, শ্ৰীযুত মোহনলাল চৌধুৰীকে আদি কৰি সুগায়ক শ্ৰীযুত