পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাব— মই আৰু ঠাট্টা-বিদ্ৰূপৰ কোবত গুৱাহাটীত থাকিব নোৱৰা হ’ম।” প্ৰফুল্লচন্দ্ৰ বৰুৱাই কিন্তু গাবলৈ দৃঢ়প্ৰতিজ্ঞ। সভাৰ অধিবেশনত সেই গীত গোৱাৰ সময়ত যেতিয়া বৰুৱা গৈ সভাৰ আগত গাবলৈ থিয় হ’ল— মই মানুহে হাঁহিব বুলি সভাৰপৰা ওলাই গৈ শ্ৰীযুত বিষ্ণু মেধিদেৱৰ ঘৰৰ আগত জামু গছৰ তলত ৰৈ থাকিলো। কিছুপৰৰ পিছত মোৰ বন্ধু শ্ৰীযুত উমেশ বৰুৱাই লৰি আহি মোক মাতি নিলেহি, “ভয় নাই, ভয় নাই। মানুহে তোমাৰ সুৰৰ বৰ শলাগ লৈছে।” ময়ো সন্তুস্ত হৈ আকৌ সভাঘৰ সোমাই শুনিলো— পণ্ডিত লক্ষ্মীনাথ শৰ্মাদেৱ অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে আৱেগময়ী ভাষাত বক্তৃতা দি কৈছে— “আজি সভাত যতবোৰ গান শুনিলো— একাণেদি সোমাই আন কাণেদি ওলাই গ’ল, কিন্তু এই অসমীয়া সুৰৰ গান দুটা মোৰ প্ৰাণৰ ভিতৰলৈ সোমাল”… ইত্যাদি। সভাৰ সকলোৰে গীতৰ সুৰৰ বিষয়ে আলোচনা কৰিবলৈ লাগিল; মহিলাসকলে এইবিষয়ে গুণগুণাবলৈ ধৰিলে। অসমীয়া সুৰে সকলোৰে প্ৰাণতে অভিনৱ স্পন্দন তুলিবলৈ ধৰিলে।

 এই সাহিত্য-সভাৰ অধিবেশনৰ পিছৰ পৰাই অসমত অসমীয়া সুৰৰ প্ৰভাৱ আৰম্ভ হ’ল। পিছদিনা পুৱা বেজবৰুৱা, হেম গোসাঁই আৰু শ্ৰীযুত যতীন দুৱৰাই নিউপ্ৰেছ, খাৰঘূলিলৈ গৈ মোক কাণে-মূৰে হাত ফুৰাই মৰম কৰি নানা উৎসাহ-উদ্দীপনা দিলেগৈ। ময়ো সেই সাহিত্যৰ গুৰুসকৰ আশীৰ্বাদ মূৰত লৈ অসমীয়া সঙ্গীতৰ সাধনাত আগবাঢ়িবলৈ মনতে দৃঢ়প্ৰতিজ্ঞ হ’লো।

 অসমীয়া সুৰৰ লগতে এই শোণিত কুঁৱৰী নাটৰ নাচৰ যোগেদিও মই অসমীয়া বিহুনাচ আৰু কামৰূপী নাচ অসমীয়া মঞ্চত তুলিবলৈ প্ৰথম চেষ্টা কৰো। চিত্ৰলেখাৰ ‘পদুমকলি’ নাচটো অসমীয়া বিহুনাচ আৰু ভাওনাৰ নাচৰ ভঙ্গীৰ সমাবেশ কৰি দেখুৱা হৈছিল আৰু ইয়াৰ পৰাই, অসমীয়া নৃত্যৰ পিনে অসমীয়া নৃত্য-কলাত ৰাপ থকা সকলৰ মন ঢাল খাবলৈ ধৰে। গুৱাহাটীত এদিন এনে অসমীয়া ভঙ্গীৰে দেখুৱা নাচ দেখি দৰ্শকসকলে বৰ আচৰিত হৈ কৈছিল— “এইটো কি আকৌ, হনুমান নাচনেকি?” কিন্তু সঙ্গীতজ্ঞ আৰু কলাপ্ৰিয় জমিদাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীদেৱে মঞ্চৰ ভিতৰলৈ আহি মোক সুধিছিল, “আপুনি এইবোৰ অজন্তাৰ ভংগীৰ পৰা গ্ৰহণ কৰিছেনেকি?” মই অসমীয়া বিহুনাচ আৰু ভাওনাত দেখা নাচৰ পৰা ইয়াক লৈছো বুলি কোৱাত তেওঁ বৰ আচৰিত হৈছিল—