পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

প্ৰফুল্লন্দ্ৰ বৰুৱাৰ চেষ্টাত অসমীয়া সংগীতে এটা আধুনিক বাটেদি আগবাঢ়ি যাবলৈ ধৰে।

 তাৰ পিছতে ৮ ১০ বছৰ উকলি যোৱাৰ পিছত শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভা, শ্ৰীযুত কীৰ্তিনাথ বৰদলৈদেৱে আৰু তেখেতৰ পুতেক শ্ৰীযুত মুক্তিনাথ বৰদলৈদেৱে আৰু গীতিকবি শ্ৰীযুত উমেশচন্দ্ৰ চৌধুৰী আৰু শ্ৰীমান আনন্দি দাস আদিয়ে অসমীয়া সঙ্গীতৰ এই আধুনিক ৰূপক অগিবঢ়াবলৈ আৰু তাক পুষ্ট কৰিবলৈ বিশেষ দান দিয়েহি।

 সেই কাৰণেই শোণিত কুঁৱৰী নাটখন অসমীয়া সঙ্গীত বুৰঞ্জীৰ এটা আটাইতকৈ লাগতিয়াল পাত।

 শোণিত কুঁৱৰীৰ নাটকৰ গীতত অসমীয়া সুৰ কেনেকৈ সংযোজিত হ’বলৈ পালে এই বিষয়ে ৰাইজে শুনি ভাল পাব পাৰে।

 মই শোণিত কুঁৱৰী নাট তেজপুৰৰ বাণ থিয়েটাৰত অভিনয়ৰ কাৰণে দিয়াৰ আগতে বাণ থিয়েটাৰত অনুবাদ নাটকৰ অভিনয়বোৰত যোগ দিবলৈ ধৰো। নাটকবোৰৰ গানৰ সুৰবোৰ আমি সদায় কলিকতাত সেই নাটকবোৰৰ অভিনষ চাই তাৰপৰা সুৰ সংগ্ৰহ কৰি আনো। ১৯২১ চনত জাতীয় ভাবৰ এটা অনুপ্ৰেৰণা অহাত আমাৰ অসমীয়া নিজস্ব সুৰ থিয়েটৰী গানত দিব পাৰি নে নোৱাৰি ইত্যাদি ভাবে খেলাবলৈ ধৰে। সাহিত্যৰথী বেজবৰুৱাৰ নাটকৰ গীতৰ ভাষা যদিও জতুৱা ঠাঁচৰ আছিল তথাপিও সেই গীতবোৰো প্ৰচলিত হিন্দুস্থানী আৰু বঙলা সুৰতহে গোৱা হৈছিল। ইফালে বিহুগীত, বনগীত, আইনাম, বিয়ানাম, টোকাৰী নামবোৰ যে থিয়েটাৰৰ গানত ব্যৱহাৰ কৰিব পাৰি আৰু তাক আধুনিক যন্ত্ৰপাতিৰে বজাই নতুন যুগৰ উপযোগী সাজ-পাৰেৰে উলিয়াই আনিব পাৰি এই কথাটোও আমাৰ মনত নেখেলাইছিল আৰু আমি শিক্ষিত ডেকাবোৰে সেইবোৰ গাঁৱলীয়া সমাজৰ বস্তু বুলিয়েই ধাৰণা কৰি আছিলো।

 মোৰ পিতৃদেৱতা পৰমানন্দ আগৰৱালা এজন সুসংগীতজ্ঞ আছিল। তেখেত সংগীত-ওজা লক্ষ্মীৰাম বৰুৱাৰ সহযোগী আছিল। তেখেত কেবাটাও যন্ত্ৰত পাকৈত আছিল। আমাৰ পৰিয়ালত সংগীত আৰু কলাসাধনাৰ অনুপ্ৰেৰণা আমি লৰাবোৰে তেখেতৰপৰাই পাই এই কলা সাধনাৰ বাটত আগবাঢ়োঁ। এদিন বাণ থিয়েটাৰত শোণিত কুঁৱৰী নাটকৰ আখৰা কৰি আহি ঘৰ সোমাই শুনিলো— পিতৃদেৱে কীৰ্তনৰ “কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে” এই পদ জাত লগাই অৰ্গেনৰ সৈতে গাই আছে। হঠাৎ মনৰ ভিতৰত