শোণিত কুঁৱৰী/পঞ্চম অঙ্ক, প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৬৮ ]

 

পঞ্চম অঙ্ক

প্ৰথম দৰ্শন

 (দ্বাৰকাৰ ৰাজসভা শ্ৰীকৃষ্ণ, বলোৰাম, প্ৰদ্যুম্ন, সাত্যকি, সনাতন আৰু আন পৰিষদসকলে আলোচনা কৰি আছিল।)

বলোৰাম: মাধৱ! এতিয়া উপায় কি? এই বিষয়ে তুমি কি কৰিব খুজিছা? আচৰিত। সকলো দূত উলটি আহিল। গোটেই আৰ্যাবৰ্তৰ নগৰে নগৰে, গাঁৱে-ভূঁঞে, পৰ্বতে-কন্দৰে বিচাৰি ক’তো কুমাৰৰ সন্ধান নাপালে।
সনাতন: এতিয়াও পূৰ্ব দেশলৈ যোৱা দূত আহি পোৱাহি নাই।
শ্ৰীকৃষ্ণ: এৰা, আমি ভালকৈ লাহে-ধীৰে সকলো ভাবি চাওঁ। নভবা-নিচিন্তাকৈ, নজনাকৈ আমি কাৰোবাৰ ওপৰত সন্দেহ কৰি অভিযান আৰম্ভ কৰা সুবিধা নহ’ব।
বলোৰাম: তুমি আকৌ সেই একে কথাকে কৈ আছা। দানৱ অসুৰৰ বাহিৰে কোনেও কুমাৰক হৰণ কৰা নাই। আগেয়েও এনে কথা হৈ গৈছে। এতেকে আমি সকলো দানৱৰ ৰাজ্যত সসৈন্যে গৈ কুমাৰৰ অনুসন্ধান কৰিব লাগিব। সিহঁত শঠ, দুৰ্দান্ত। সিহঁতৰ ওপৰত মোৰ ঘোৰ সন্দেহ হৈছে।
শ্ৰীকৃষ্ণ: নহয়, সেইটো কৰা যুক্তিযুক্ত নহ’ব বুলি মোৰ বিশ্বাস।
বলোৰাম: তোমাৰ এনে ব্যৱহাৰৰ পৰাই এই দানৱ, যক্ষ-ৰক্ষবোৰৰ এনে স্পৰ্দ্ধা। তুমি যদি প্ৰত্যেককে উচিত শাস্তি বিধান কৰি গলাহেঁতেন তেন্তে যাদৱৰ এইদৰে অপায়-অমঙ্গল নহ’লহেঁতেন। যি যাদৱৰ বল-বীৰ্যত পৃথিৱীৰ নৃপতিকুলে মূৰ দোঁৱায়, সেই যাদৱৰ মান-মৰ্যাদা হেলাৰঙে পদাঘাত কৰি কুমাৰক হৰণ কৰি লৈ গৈছে, আৰু আমি মাত্ৰ দুটামান দূত পঠিয়াই একেবাৰে নীৰৱ-নিস্পন্দ হৈ হাত সাবটি বহি আছো— যেন আমাৰ প্ৰতিকাৰ কৰিবৰ কোনো ক্ষমতাই নাই।

(এনেতে দুৱৰীয়ে সেৱা জনায়হি।)

[ ৬৯ ]
দুৱৰী: শেষ দূত আহি উপস্থিত
শ্ৰীকৃষ্ণ: আহিবলৈ কোৱা।

 (দুৱৰী যায়গৈ আৰু দূত সোমাই আহি সেৱা কৰে।)

দূত: প্ৰভু! আজি ইমান দিন পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে কুমাৰৰ সন্ধান কৰিলো। নগৰে নগৰে, গাঁৱে-গাঁৱে, আশ্ৰমে, পৰ্বতে-কন্দৰে, ক’তো কিন্তু কুমাৰৰ সন্ধান নাপালো। কিন্তু এটা কথা, মই দৈত্যপতি বাণৰ নগৰীত সোমাব নোৱাৰিলো। পুৰীৰ দুৱাৰ শঙ্কৰৰ তত্বাৱধানত আছে।
বলোৰাম: ক’তো নাই যদি সেই নগৰীতে কুমাৰ থকাৰ সম্পূৰ্ণ সম্ভাৱনা। মাধৱ! বাণৰ ৰাজ্যলৈ আমি বাহিনী লৈ গৈ সন্ধান কৰিব লাগিব।
শ্ৰীকৃষ্ণ: নিমাত
বলোৰাম: (উত্তেজিত হৈ) বুজিছো, তুমি এইবোৰ বুজিব পাৰিও মনে মনে আছা কিন্তু আমি এনে অপমান সহ্য কৰিব নোৱাৰো। যাদৱ বীৰসকল! প্ৰস্তুত হোৱা! পাষণ্ড দানৱে উন্নতিৰ উচ্চ শিখৰত উঠি ভাবিছে, সিহঁতেই পৃথিৱীত একমাত্ৰ বীৰ্যবান বীৰ। আহা প্ৰদ্যুম্ন! আহা! সত্যকী! অহা যাদৱ বীৰ সকল! দানৱৰ গৰ্ব চূৰ্ণ-বিচূৰ্ণ কৰি দিওঁ। কাৰ সাহ সিংহৰ শিশুক বন্দী কৰি থ’ব পাৰে?
শ্ৰীকৃষ্ণ: সঁচা কৈছা। সিংহ-শিশুক কোনে বন্দী কৰি থ’ব পাৰে। মোৰ পৌত্ৰ নিৰ্ভীক বীৰ দুৰ্জয় প্ৰভাৱ তাৰ, সি বা কোন লোকলোকৰ মাজেদি মনোৰথ মেলি ফুৰিছেগৈ। সিংহৰ পোৱালি সি মোৰ সন্দেহ হয়— আমালৈ বা সি কি বুলি অপেক্ষা কৰিব! সেই দেখিয়েই অনুমানৰ ওপৰত এনে কাম কৰা উচিত নহ’ব। যেতিয়ালৈকে আমি সঠিক বাতৰি নাপাওঁ তেতিয়ালৈকে আমি নীৰৱে অন্বেষণ কৰাই শ্ৰেয় দাদা! দানৱৰ অহঙ্কাৰ চূৰ্ণ কৰোতা আমাৰ দম্ভইহে দেখোন সীমা অতিক্ৰম কৰি যাব খুজিছে। আমাৰ বৃথা আস্ফালনত আমি নিজেই লজ্জিত হওঁ। লজ্জিত হওঁ।
[ ৭০ ]  (সকলো কৃষ্ণৰ কথাত কাঁহ পৰি জীণ যায়। এনেতে দেৱৰ্ষি নাৰদ আহে। সকলোৱে সেৱা কৰে। আৰু নাৰদে আসন গ্ৰহণ কৰে)
নাৰদ: সকলোৰে মঙ্গলনে?
শ্ৰীকৃষ্ণ: হয় দেৱৰ্ষি! মঙ্গলেই, পিছে পৌত্ৰ অনিৰুদ্ধ অন্তৰ্ধান হৈছে।
বলোৰাম: দেবৰ্ষি! আপুনিতো চিত্ৰজগতৰ সকলো বাতৰি জানে। আপুনি জানেনে কুমাৰ ক’ত আছে?
নাৰদ: এৰা, মই সেই বিষয়ে ক’বলৈকে আহিছিলো (শ্ৰীকৃষ্ণ ফালে চায়।) (সকলো উৎকণ্ঠিত হয়)
বলোৰাম: তেন্তে আপুনি খবৰ পাইছেনেকি?
নাৰদ: এৰা। কুমাৰ দৈত্যপতি বাণাসুৰৰ ৰাজ্যত বন্দী। (সকলো আচৰিত)
বলোৰাম: কি। কুমাৰ বন্দী? কিয় দেৱৰ্ষি? কি কাৰণত? (দেৱৰ্ষিয়ে কৃষ্ণৰ ফালে চায়)
নাৰদ: বাণকন্যা ঊষাৰ অন্তঃপুৰত গুপ্তভাৱে থকাৰ বাবে।
বলোৰাম: কি আচৰিত কথা। দেৱৰ্ষি। সকলো ভাঙি-পাতি কওকচোন।
নাৰদ: ঊষাই সপোনত কুমাৰৰ প্ৰণয়-প্ৰাৰ্থিনী হয়।
প্ৰদ্যুম্ন: সপোনত! বৰ আচৰিত কথা, পৃথিৱীত কেতিয়াও নোহোৱা-নোপজা কথা! দেৱৰ্ষি! আপুনি আজি আমাৰ আগত কোনোবা বলিয়াৰ সপোনৰ কাহিনী বিবৃত কৰিছেহিনেকি? নে কোনোবা প্ৰহেলিকাময়ী পুৰীৰ মাজেদি আহোতে আপোনাৰ ভ্ৰম হৈছে। নে কোনোবা কুহকীৰ যাদুৰ পৰশত আপোনাৰ স্মৰণ-শক্তি বিলোপ হৈ প্ৰলাপ বকছেহি। বাণৰ কন্যাই কেনেকৈ কুমাৰক সপোনত দেখিব পাৰে। দেবৰ্ষি। আজি ঈশ্বৰৰ সৃষ্টিৰ কোনোবা কুহকিনীয়ে মায়া জাল তৰি দি নিজে এনে অভিনৱ ৰাজ্যৰ সৃষ্টি কৰিছেহি য’ত যাবতীয় [ ৭১ ] প্ৰাণীবোৰে শত সহস্ৰ বিয়পি থকা সকলো পাহৰি গৈ মায়াবিনীৰ যাদু দণ্ডৰ তালে তালে নাচি নাচি ভ্ৰান্ত হৈ উটি-বুৰি ফুৰিছে?
নাৰদ: প্ৰদ্যুম্ন— নহয়, তুমি ভুল বুজিছা। শোকত তোমাৰ এনে হৈছে মোৰ কথা সম্পূৰ্ণ সঁচা।

 (নাৰদে শ্ৰীকৃষ্ণৰ ফালে চাই থাকে শ্ৰীকৃষ্ণই গম্ভীৰভাৱে শুনি যায়)

বলোৰাম: বৰ আচৰিত যেন লাগিছে
শ্ৰীকৃষ্ণ: (নিৰ্বিকাৰভাৱে) বাৰু, তাৰ পিছত কুমাৰে কেনেকৈ সেইখিনি পালেগৈ?
দেবৰ্ষি: তাৰ পিছত ঊষাৰ সখীয়েক চিত্ৰলেখা আহি কুমাৰক ইয়াৰ পৰা ভুলাই লৈ গল’হি।
শ্ৰীকৃষ্ণ: চিত্ৰলেখা! ওঁ হ’ব পাৰে।
প্ৰদ্যুম্ন: উস্! মই সহিব নোৱৰা হৈছো পিতা! উপায় কৰক, আদেশ দিয়ক, গোটেই যাদৱবাহিনী লৈ কুমাৰক উদ্ধাৰ কৰি আনোগৈ।
নাৰদ: পিছে বাণে জীয়েকৰ গুপ্তপ্ৰণয়ৰ কথা শুনি কুমাৰৰ সৈতে যুদ্ধ কৰে। বাণৰ হাতত কুমাৰ পৰাজিত হয় অৱশেষত। নাগপাশৰ বন্ধন ল’বলৈ কুমাৰ বাধ্য হয়। কিন্তু কুমাৰে নাগপাশ ছিঙিব নোৱাৰিলে। তাৰে পৰা কুমাৰ বন্দী।
বলোৰাম: বুজিলো যুদ্ধ অনিবাৰ্য। সকলো প্ৰস্তুত হ’ব লাগে।
শ্ৰীকৃষ্ণ: দাদা কুমাৰৰ কিবা ত্ৰুটি হৈছিল, সেই কাৰণে বীৰ্যহীন হৈ নাগপাশৰ পৰা মুক্ত হ’ব নোৱাৰিলে। বাৰু যি নহওক, এতিয়া কুমাৰৰ উদ্ধাৰৰ আৱশ্যক যুদ্ধ নকৰি আমি বাণক কুমাৰক মুক্তি দিবলৈ আদেশ দিওঁ। বৃথাই যুদ্ধ কৰাৰ প্ৰয়োজন নাই সাত্যকি! তুমি জানো যুঁজ কৰিবলৈ প্ৰস্তুত।
সত্যকি: হয় প্ৰভু! মই যুঁজ কৰিবলৈ প্ৰস্তুত। ইমান অপমান সহিও আকৌ দানৱৰ সৈতে সন্ধি কৰি কুমাৰক অনা বৰ [ ৭২ ] লাজৰ কথা হ’ব। গোটেই যাদৱবাহিনীৰে গৈ কুমাৰক উদ্ধাৰ কৰিব লাগিব, আৰু বাণকো উপযুক্ত শাস্তি দিব লাগিব। প্ৰভু। তাৰ উপৰিও অহঙ্কাৰী দানৱৰ সৈতে এবাৰ অস্ত্ৰ চালনা কৰি সিহঁতৰ গৰ্ব খৰ্ব কৰিবৰ বৰ হেঁপাহ আছে। প্ৰভু। আপুনি আদেশ কৰক; আমি যুদ্ধ কৰিম।
বলোৰাম: ঠিক কৈছা। সন্ধিৰ প্ৰয়োজন নাই। দানৱৰ সৈতে আকৌ সন্ধিৰ প্ৰস্তাৱ। কুমাৰক মুক্ত কৰি দিলেও তাক শাস্তি দিব লাগিব। সি যাদৱক জোকাই লোৱাৰ অপৰাধৰ বাবেই তাৰ শাস্তি। কৃষ্ণ! মই তোমাৰ কোনো কথা শুনিবৰ ইচ্ছা নকৰো। যাদৱ আগ, তাৰ পাছে পাছে নীতি যাব, ৰীতি যাব। এনে অপমান যাদৱে সহ্য নকৰে। সকলোৱে— এৰা আমি যুদ্ধ কৰিম।
নাৰদ: এৰা, যুদ্ধযাত্ৰা কৰা শ্ৰেয়। দানৱৰ দৰ্প চূৰ্ণ হোৱাৰ আৱশ্যক। তোমালোকক যি শক্তিয়ে ইমান দিন উপেক্ষা কৰি আহিছে, সেই শক্তিৰ সৈতে এবাৰ তোমালোকৰ শক্তিৰ পৰীক্ষা হোৱা বাঞ্ছনীয়। বাৰু, মই আহিলো।

(নাৰদ যায়গৈ)

শ্ৰীকৃষ্ণ: সকলোৰে ইচ্ছা যুদ্ধ কৰা। বাৰু, তেন্তে সেয়ে হওক। যদি আমাৰ আগত বাণে আঁঠু লৈ কুমাৰক সমৰ্পণ কৰে তেন্তে সুখৰ কথা। যদি নকৰে, অৱশ্যে যুদ্ধ অনিবাৰ্য, যোৱা যাদৱ বীৰসকল! যুদ্ধৰ কাৰণে তেন্তে প্ৰস্তুত হোৱাগৈ। হোৱা সাত্যকি বাহিনী সজোৱাগৈ। নগৰত শঙ্খধ্বনিৰে যুদ্ধযাত্ৰাৰ বতৰা ঘোষণা কৰি দিয়াগৈ। কালিলৈ প্ৰাতঃ ঊষাতে যাদৱবাহিনীয়ে শোণিতৰ অভিমুখে যাত্ৰা কৰিব লাগিব। যোৱা।

(কৃষ্ণ, বলোৰাম, এফালে যায়।
আনবোৰে আনফালে যায়গৈ।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )