এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম অঙ্ক
প্ৰথম দৰ্শন
(দ্বাৰকাৰ ৰাজসভা শ্ৰীকৃষ্ণ, বলোৰাম, প্ৰদ্যুম্ন, সাত্যকি, সনাতন আৰু আন পৰিষদসকলে আলোচনা কৰি আছিল।)
বলোৰাম: | মাধৱ! এতিয়া উপায় কি? এই বিষয়ে তুমি কি কৰিব খুজিছা? আচৰিত। সকলো দূত উলটি আহিল। গোটেই আৰ্যাবৰ্তৰ নগৰে নগৰে, গাঁৱে-ভূঁঞে, পৰ্বতে-কন্দৰে বিচাৰি ক’তো কুমাৰৰ সন্ধান নাপালে। |
সনাতন: | এতিয়াও পূৰ্ব দেশলৈ যোৱা দূত আহি পোৱাহি নাই। |
শ্ৰীকৃষ্ণ: | এৰা, আমি ভালকৈ লাহে-ধীৰে সকলো ভাবি চাওঁ। নভবা-নিচিন্তাকৈ, নজনাকৈ আমি কাৰোবাৰ ওপৰত সন্দেহ কৰি অভিযান আৰম্ভ কৰা সুবিধা নহ’ব। |
বলোৰাম: | তুমি আকৌ সেই একে কথাকে কৈ আছা। দানৱ অসুৰৰ বাহিৰে কোনেও কুমাৰক হৰণ কৰা নাই। আগেয়েও এনে কথা হৈ গৈছে। এতেকে আমি সকলো দানৱৰ ৰাজ্যত সসৈন্যে গৈ কুমাৰৰ অনুসন্ধান কৰিব লাগিব। সিহঁত শঠ, দুৰ্দান্ত। সিহঁতৰ ওপৰত মোৰ ঘোৰ সন্দেহ হৈছে। |
শ্ৰীকৃষ্ণ: | নহয়, সেইটো কৰা যুক্তিযুক্ত নহ’ব বুলি মোৰ বিশ্বাস। |
বলোৰাম: | তোমাৰ এনে ব্যৱহাৰৰ পৰাই এই দানৱ, যক্ষ-ৰক্ষবোৰৰ এনে স্পৰ্দ্ধা। তুমি যদি প্ৰত্যেককে উচিত শাস্তি বিধান কৰি গলাহেঁতেন তেন্তে যাদৱৰ এইদৰে অপায়-অমঙ্গল নহ’লহেঁতেন। যি যাদৱৰ বল-বীৰ্যত পৃথিৱীৰ নৃপতিকুলে মূৰ দোঁৱায়, সেই যাদৱৰ মান-মৰ্যাদা হেলাৰঙে পদাঘাত কৰি কুমাৰক হৰণ কৰি লৈ গৈছে, আৰু আমি মাত্ৰ দুটামান দূত পঠিয়াই একেবাৰে নীৰৱ-নিস্পন্দ হৈ হাত সাবটি বহি আছো— যেন আমাৰ প্ৰতিকাৰ কৰিবৰ কোনো ক্ষমতাই নাই। |
(এনেতে দুৱৰীয়ে সেৱা জনায়হি।)